NORTHEAST NOW (Assamese)

অসমত স্থাপনৰ কৰা হ’ব তিনিখন ছুপাৰস্পেচিয়েলিষ্ট পশু চিকিৎসালয় : ঘোষণা মুখ্যমন্ত্ৰীৰ

May 2, 2025 3:17 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমত স্থাপন কৰা হ’ব তিনিখন বিশেষ পশু চিকিৎসালয় আৰু পাঁচখন পশু চিকিৎসালয় । এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

নিজৰ অফিচিয়েল এক্স হেণ্ডেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘আমাৰ পোহনীয়া মৰমৰ জন্তু সমূহৰ যত্নৰ বাবে ৩ খন পোহনীয়া জন্তুৰ বিশেষ চিকিৎসালয়ৰ গঢ়ি তোলাৰ পৰিকল্পনা লোৱা হৈছে। ২০২৫ চনৰ শেষৰ ফালে এই চিকিৎসালয়কেইখনৰ কাম সম্পূৰ্ণ হ’ব।”

জীৱ-জন্তুৰ চিকিৎসাৰ সহায়ৰ বাবে ৰাজ্যজুৰি আন পাঁচখন পশু চিকিৎসালয়ো স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।গুৱাহাটী, বোকাখাত আৰু ডিব্ৰুগড়ত বিশেষ পোহনীয়া জন্তুৰ যত্ন চিকিৎসালয় স্থাপন কৰাৰ বিপৰীতে কামৰূপ, গোলাঘাট, লখিমপুৰ, তিনিচুকীয়া আৰু শিৱসাগৰত বাকী পাঁচখন পশু চিকিৎসালয় স্থাপনৰ কৰা হ’ব বুলি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related News