মাজুলীৰ ৰাসক লৈ অসম পৰ্যটনৰ বিশেষ উদ্যোগ; বিভিন্ন স্থানত নিৰ্মাণ হৈছে চেল্ফি পইণ্ট

অসম পৰ্যটনৰ অন্যতম আকৰ্ষণীয় উপাদান হৈছে মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগ্ৰহত ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে মাজুলীৰ ৰাসলীলালৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ বিশেষ পদক্ষেপ গ্ৰহণৰ উদ্যোগ লৈছে।

ইতিমধ্যে অসম পৰ্যটন বিকাশ নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা মাজুলীলৈ আহি জিলাখনৰ ৰাসমঞ্চসমূহৰ উদ্যোক্তা, স্থানীয় নাগৰিক সমাজক প্ৰতিনিধিত্বকাৰী বিভিন্ন সংগঠনৰ বিষয়ববীয়া আৰু জিলা প্ৰশাসনৰ সৈতে এই সন্দৰ্ভত এখন বৈঠকত মিলিত হৈ বিভিন্ন কাৰ্য ব্যবস্থা গ্ৰহণ কৰিছে।

অহা ১১ নৱেম্বৰৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া কৃষ্ণৰ ৰাসলীলাৰ বিষয়ে অসম পৰ্যটনৰ ফালৰ পৰা প্ৰায় এমাহ আগৰে পৰাই ৰাষ্ট্ৰীয় স্তৰত বিশেষ প্ৰচাৰ চলোৱাৰ লগতে নতুন দিল্লী, মুম্বাই, কলকাতা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উপৰি বৰঝাৰ বিমান বন্দৰতো পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ মাজুলীৰ ৰাসৰ দৃষ্টিনন্দন প্ৰচাৰ চলাইছে।

মাজুলীৰ একাধিক স্থানত ৰাসমহোৎসৱৰ দৃষ্টিনন্দন আলোক সজ্জাৰে পৰ্যটকৰ বাবে সাজু কৰি তোলা হৈছে ‘ছেল্ফী পইণ্ট’ৰ।

পথৰ দাঁতিত, ৰংগমঞ্চ সমূহৰ সন্মুখত সজাই তোলা এই পইণ্ট সমূহে দৃষ্টি আকৰ্ষণ কৰিছে মাজুলীবাসীৰ। ৰাসলীলাৰ দৃষ্টিনন্দন দৃশ্য সমূহ মূৰ্তিৰ আকাৰে ফুটাই তুলি সজাই তোলা হৈছে মাজুলীৰ বিভিন্ন প্ৰান্তত।