• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০০৬ চনৰ পূৰ্বে স্থাপিত স্বীকৃতিপ্ৰাপ্ত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 25, 2022 5:47 pm
TMC Assam
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত থকা ২৬৫৯ খন প্ৰাদেশিকীকৰণ নোহোৱা শিক্ষানুষ্ঠানক বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ভৱিষ্যতে প্ৰ্ৰাদেশিকীকৰণ কৰা নহ’ব বুলি লোৱা সিদ্ধান্তক গৰিহণা দিছে অসম তৃণমূল কংগ্ৰেছে।

ৰাইজে গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰা বিদ্যালয়সমূহক প্ৰাদেশিকীকৰণ নকৰি ব্যক্তিগত খণ্ডক বিদ্যালয় খুলিবলৈ চৰকাৰী নীতি সমূহৰ দ্বাৰা উদগনি দিয়া হৈছে বুলি অভিযোগ কৰিছে অসম তৃণমূল কংগ্ৰেছে।

Apply Now

অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয় যে বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকীকৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।

কিন্তু এতিয়া চৰকাৰে এই প্ৰতিশ্ৰুতি পাহৰি মূৰ পোলোকা মাৰি সাধাৰণ ছাত্ৰ-ছাত্ৰী তথা শিক্ষা বিৰোধী অৱস্থান লোৱাহে দেখা গৈছে বুলি দিলীপ কুমাৰ শৰ্মাই অভিযোগ কৰে।

সকলো বিষয়তে জনবিৰোধী নীতি অৱলম্বন কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে এই প্ৰাদেশিকীকৰণ নোহোৱা বিদ্যালয়ৰ ২৩৯১০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ জীৱন ধ্বংস কৰিবলৈ লোৱা সিদ্ধান্ত কোনো কাৰণত গ্ৰহণ যোগ্য নহয় বুলি মন্তব্য কৰে তৃণমূল নেতা গৰাকীয়ে৷

“এই সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছে চৰকাৰক এই বিষয়টো পুনৰ বিবেচনা কৰিবলৈ দাবী উত্থাপন কৰিছে৷ আনকি বিনা বেতনে কাম কৰি অৱসৰ লবলগীয়া হৈছে কেইবাগৰাকীও শিক্ষকে৷ প্ৰাদেশিকীকৰণ নকৰাৰ বাবেই তিনিশতকৈও অধিক শিক্ষকে আত্মহত্যা কৰা বুলিও শিক্ষক সংস্থাসমূহে অভিযোগ কৰি আহিছে।”- শৰ্মাই কয়।

২০০৬ চনৰ আগত স্থাপিত আৰু চৰকাৰী অনুমোদিত-স্বীকৃতি প্ৰাপ্ত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ আইনৰ আওতাত আনিব লাগে বুলি অসম তৃণমূল কংগ্ৰেছে দাবী উত্থাপন কৰে৷

দিলীপ শৰ্মাই কয় যে, “অসমত এতিয়াও গাঁও অনুপাতে বা জনসংখ্যা অনুসৰি হাইস্কুল বা উচ্চতৰ মাধ্যমিক বিদ্যালয় কম। তেনেস্থলত যদি চৰকাৰে ২৬৫৯ খন বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰোঁ বুলি সিদ্ধান্ত লৈ বিদ্যালয়সমূহক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে, তেনেহ’লে অসমৰ শিক্ষা জগতত কেনে প্ৰভাব পৰিব সেয়া অসমৰ নাগৰিকে চিন্তা কৰিবৰ হ’ল।”

তৃণমূলনেতা গৰাকীৰ অভিযোগ মতে ‘A For Assam’ বুলি কোৱাৰ সময় আহিব বুলি সপোন দেখুওৱা বিজেপিৰ শাসনত অসমত দেশৰ ভিতৰতে লক্ষণীয় ভাৱে ছাত্ৰ-ছাত্ৰীৰ ড্ৰপ-আউটৰ সংখ্যা দিনে দিনে বাঢ়ি আহিছে।

ৰাজ্য চৰকাৰৰ অকামিলা শিক্ষা নীতিৰ বাবে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে প্ৰথম স্থান দখল কৰি শিক্ষাক সাধাৰণ জনগণৰ পৰা দূৰত লৈ যাব ধৰিছে বুলিও শৰ্মাই অভিযোগ কৰে।

এনে প্ৰেক্ষাপটত চৰকাৰৰ এই নীতি সংশোধন কৰি সমূহ প্ৰাদেশিকীকৰণ কৰিব লগীয়া শিক্ষানুষ্ঠানক প্ৰাদেশিকীকৰণ কৰি অসমৰ সাধাৰণ জনতাৰ পক্ষত চৰকাৰক সিদ্ধান্ত ল’বলৈ দাবী উত্থাপন কৰিছে দলটোৱে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd