• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰে জড়িত বহিঃৰাজ্যৰ ব্যক্তিৰে ভৰিছে অসমৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যৰ পদ

কোকিল শইকীয়া by কোকিল শইকীয়া
July 16, 2024 11:23 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিশ্ববিদ্যালয় সমূহত উপাচাৰ্য নিযুক্তি দিয়া সন্দৰ্ভত উত্থাপন হৈছে ভয়ানক অভিযোগ। যোগ্য আৰু অসমৰ প্ৰাৰ্থীক বঞ্চিত কৰি বাহিৰৰ প্ৰাৰ্থীক অসমৰ বিশ্ববিদ্যালয় সমূহৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াক লৈ জাঙুৰ খাই উঠিছে অসমৰ শৈক্ষিক তথা সচেতন মহল।

অসমৰ ১৯খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভিতৰত ৬ খন বিশ্ববিদ্যালয়তেই উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে বহিঃৰাজ্যৰ ব্যক্তিক। আনকি এইসকল উপাচাৰ্যৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ তথা বিজেপিৰ হিন্দুত্ববাদী সংগঠনৰ লগত সম্পৰ্ক আছে বুলি অভিযোগ উত্থাপন হৈছে।

Apply Now

এই তালিকাত আছে অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, আৰু বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়।

জানিব পৰা মতে, এইকেইখন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য উত্তৰ প্ৰদেশ, দিল্লী, ৰাজস্থান, মহাৰাষ্ট্ৰ, ওড়িশা, আৰু অন্ধ্ৰপ্ৰদেশৰ।

আনহাতে অসমত থকা দুখন কেন্দ্রীয় বিশ্ববিদ্যালয় ক্ৰমে অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলো বহিঃৰাজ্যৰ।

জানিব পৰা মতে, অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰাজীৱ মোহন পন্ত উত্তৰ প্ৰদেশৰ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভু নাথ সিং বিহাৰৰ বাসিন্দা।

অভিযোগ অনুসৰি এইসকল ব্যক্তিক অসমৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ বাবে যোগ্য অসমীয়া শিক্ষাবিদসকল বঞ্চিত হৈ আহিছে।

ইপিনে সম্প্ৰতি চলি আছে বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য বাছনি প্ৰক্ৰিয়া। ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য তথা অসমৰ ৰাজ্যপালগৰাকীয়ে আৰ এছ এছৰ মতাদৰ্শৰ প্ৰতি পক্ষপাতিত্ব কৰি উপাচাৰ্য নিৰ্বাচন সমিতি গঠন কৰাৰ অভিযোগো উত্থাপন হৈছে।

সূত্ৰ অনুসৰি এই কমিটীসমূহত আৰ এছ এছৰ সৈতে জড়িত তথা বহিঃৰাজ্যৰ অধ্যক্ষ আৰু সদস্য থকা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

নাম প্ৰকাশ নকৰাকৈয়ে এখন বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকে নৰ্থ-ইষ্ট নাওৰ আগত কয় যে, ‘এয়া আমাৰ ৰাজ্যৰ প্ৰতিভাৱান পণ্ডিতসকলৰ প্ৰতি এক স্পষ্ট অৱজ্ঞা। এই বিশ্ববিদ্যালয়সমূহৰ নেতৃত্ব দিব পৰা যোগ্য অসমীয়া শিক্ষাবিদৰ অভাৱ নাই।’

উল্লেখ্য যে এয়া অসমৰ বিশ্ববিদ্যালয়সমূহক গেৰুৱাকৰণ কৰাৰ ষড়যন্ত্ৰ বুলি বহু লোকে অভিযোগ উত্থাপন কৰিছে।

এজন শিক্ষাবিদে নৰ্থইষ্ট নাওক কয়, ‘চৰকাৰে উপাচাৰ্য নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা আৰু ন্যায়পৰায়ণতা নিশ্চিত কৰিব লাগে। এই বিশ্ববিদ্যালয়সমূহে অসমৰ ছাত্ৰ-ছাত্ৰীৰ নিৰ্দিষ্ট প্ৰয়োজন আৰু আকাংক্ষা বুজি পোৱা ব্যক্তিকহে উপাচাৰ্য হিচাপে নিযুক্তি দিয়া উচিত।”

ইফালে অসমৰ আন ৬ খন বিশ্ববিদ্যালয় ক্ৰমে নগাঁও বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, জে বি বিশ্ববিদ্যালয়, বঙাইগাঁও বিশ্ববিদ্যালয় আৰু গুৰুচৰণ বিশ্ববিদ্যালয়ে নতুন উপাচাৰ্য নিযুক্তিৰ বাবে অপেক্ষা কৰি আছে। এই নিযুক্তিসমূহেও একে ধাৰাই অক্ষুণ্ণ ৰাখি হিন্দুত্ববাদী আৰু বহিঃৰাজ্যৰ ব্যক্তিক নিযুক্তি দিব নেকি তাকে লৈ এতিয়া উদ্বিগ্নতা প্ৰকাশ কৰিছে শৈক্ষিক মহলে।

কোকিল শইকীয়া

কোকিল শইকীয়া

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

August 5, 2026 4:39 pm
সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

August 5, 2026 4:23 pm
“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

August 5, 2026 4:39 pm
সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

August 5, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd