NORTHEAST NOW (Assamese)

Assam University vacancies: অসম বিশ্ববিদ্যালয়ত পদ খালী: এতিয়াই কৰক আবেদন

July 20, 2022 12:28 pm · এন ই নাও নিউজ

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে।

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ ড০ আম্বেদকাৰ চেণ্টাৰ অৱ এক্সেলেন্সে (DACE) অসামৰিক সেৱা পৰীক্ষা (প্ৰাৰম্ভিক আৰু মুখ্য) প্ৰাৰ্থীসকলৰ শিক্ষাদানৰ বাবে ফেকাল্টী পদত নিযুক্তিৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে।

পদৰ নাম : ফেকাল্টী (ঠিকাভিত্তিক)

পদৰ সংখ্যা : ৩

দৰমহা : প্ৰতি মাহে ১,১৫,০০০ টকা

অৰ্হতা :

৹ ইতিহাস/আইন/অৰ্থনীতি/ৰাজহুৱা প্ৰশাসন/ ৰাজনীতি বিজ্ঞান/সমাজবিজ্ঞান/ ভূগোল/বিজ্ঞান/অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী

Also read : Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী পদ, কিদৰে কৰিব আবেদন?

৹ সাধাৰণ অধ্যয়ন, সাধাৰণ জ্ঞান, আৰু চিভিল চাৰ্ভিছ এপটিটিউদ টেষ্ট (CSAT) শিক্ষাদানত দুবছৰৰ অভিজ্ঞতা।

৹ অসামৰিক সেৱা/পিএছচি মুল পৰীক্ষাত কৃতকাৰ্য বা যিকোনো ইউ.পি.এছ.চি. প্ৰশিক্ষণ কেন্দ্ৰত দুবছৰৰ শিক্ষকতাৰ অভিজ্ঞতা বা যিকোনো পিএছচি প্ৰশিক্ষণ কেন্দ্ৰত তিনি বছৰৰ শিক্ষাদানৰ অভিজ্ঞতা।

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে ১৫ আগষ্ট, ২০২২-ৰ ভিতৰত স্ব-প্ৰমাণিত প্ৰমাণপত্ৰৰ প্ৰতিলিপিৰ সৈতে স্পীড পোষ্টৰ দ্বাৰা ড. আম্বেদকাৰ চেণ্টাৰ অফ এক্সেলেন্স (ডি.এ.চি.ই.) ৰ কাৰ্যসূচী সমন্বয়ক ড. অদিতি নাথ মাৰ্ফৎ আবেদন প্ৰেৰণ কৰিব লাগিব।

আবেদন প্ৰেৰণৰ ঠিকনা:

ডাকঘৰ: অসম বিশ্ববিদ্যালয়, শিলচৰ-৭৮৮০১১, কাছাৰ, অসম।

Also read : Assam Career : প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ত প্ৰশাসনিক পদ খালী, কিদৰে কৰিব আবেদন?

Related News