• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰষুণৰ মাজতে মাজুলীত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ মথাউৰি পৰিদৰ্শন

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , October 26, 2019 6:51 pm

2 min read

বৰষুণৰ মাজতে মাজুলীত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ মথাউৰি পৰিদৰ্শন

ফটো নৰ্থ-ইষ্ট নাও

657
VIEWS
Share on FacebookShare on Twitter

জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই দুদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ মথাউৰিৰ স্পৰ্শকাতৰ অংশ পৰিদৰ্শন কৰে। শুকুৰবাৰে মাজুলীলৈ অহা জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি আগবেলা বিগত বাৰিষাৰ সময়ছোৱাত শংকাৰ সৃষ্টি কৰা ব্ৰহ্মপুত্ৰৰ হালধিবাৰী-বেছামৰা মথাউৰিৰ বনগাঁও অংশ পৰিদৰ্শন কৰে।

তেওঁক সহযোগ কৰে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰী, আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়ৰ লগতে জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা অৰূপ বৰঠাকুৰ আৰু কাৰ্যবাহী অভিযন্তা ড০ ৰাজীৱ গোস্বামীয়ে।

বৰষুণৰ মাজতে মন্ত্ৰী মহন্তই উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে মঠাউৰিটোৰ বনগাঁও অংশত থকা পুৰম, মেৰাগড়, ধোঁৱাচলা, কঢ়ালগাঁওসহ একাধিক স্পৰ্শকাতৰ স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

উল্লেখযোগ্য যে যোৱা বাৰিষাৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ হালধিবাৰী-বেছামৰা মথাউৰিৰ এই অংশত উপৰ্যুপৰি পানীৰ উঁহ ওলোৱাৰ ফলত অত্যন্ত শংকাজনক পৰিস্থিতিৰ উদ্ভৱ হৈছিল।

জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ সহযোগত জলসম্পদ বিভাগে দিনে-নিশাই যুদ্ধকালীন ক্ষিপ্ৰতাৰে উক্ত স্থানসমূহত জৰুৰী মেৰামতি কাৰ্য চলোৱাৰ বাবে এইবাৰৰ বাৰিষাত কোনো অঘটন নোহোৱাকৈ মথাউৰিটো ৰক্ষা পৰে।

আজি মথাউৰিৰ অৱস্থা পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে উপযুক্ত প্ৰতিকাৰমূলক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ প্ৰয়োজনীয় আঁচনি প্ৰস্তুত কৰিবলৈ বিভাগীয় শীৰ্ষ বিষয়া-অভিযন্তাক নিৰ্দেশ দিয়ে।

পিছত দুদিনীয়া মাজুলী ভ্ৰমণ সামৰি দুপৰীয়া মন্ত্ৰীগৰাকীয়ে অফলামুখ-নিমাতীঘাট হৈ গুৱাহাটী অভিমুখে ৰাওনা হয়।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd