কোন হ’ব ডিমা হাচাও জিলা বিজেপিৰ পৰৱৰ্তী সভাপতি?

নিপ'লাল হোজাই, দনপাইনন থাউচেন, সুৰজ নাইডিং

অহা দুই এদিনতে ডিমা হাচাও জিলা বিজেপিৰ সভাপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হোৱা কথা। ইয়াক কেন্দ্ৰ কৰি এতিয়া জিলাখনৰ গেৰুৱা দলৰ নেতাকৰ্মীসকলৰ উৎকণ্ঠাই বিৰাজ কৰিছে। কোন হ’ব পৰৱৰ্তী জিলা সভাপতি?

ইতিমধ্যে তিনি গৰাকী বিজেপি নেতাই দাখিল কৰিছে মনোনয়ন। ইয়াৰ ভিতৰত বৰ্তমানৰ জিলা বিজেপি সভাপতি তথা পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ই এম নিপ’লাল হোজাই, ডিমা হাচাও জিলা বিজেপিৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ নেতা দনপাইনন থাউচেন আৰু জিলা বিজেপি এছ টি মোৰ্চাৰ সভাপতি প্ৰাক্তন ই এম সুৰজ নাইডিং।

উল্লেখযোগ্য যে জিলাখনৰ ২৪২খন বুথ কমিটিৰ উপৰি ১০খন মণ্ডল কমিটিৰ সভাপতি পদৰ নিৰ্বাচন ইতিমধ্যে সম্পন্ন হৈ গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি নৱেম্বৰৰ ৩০ তাৰিখৰ ভিতৰত জিলা বিজেপি সভাপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। সেইমতে সকলো কাম-কাজ আগবাঢ়ি আছে। জিলা বিজেপিৰ সাংগঠিনক পদৰ নিৰ্বাচনৰ ডিষ্ট্ৰিক্ট ৰিটাৰ্নিং অফিচাৰৰ দায়িত্বত আছে দেবপ্ৰতীম বৰা আৰু সহকাৰী ইবিচুয়িং নিউমে।

নিপ’লাল হোজাইয়ে বিগত এটা কাৰ্যকালত দলক নেতৃত্ব দিছে আৰু তেওঁৰ কাৰ্যকালত দলে একক সংখ্যা গৰিষ্ঠতা লৈ পৰিষদ দখল কৰে। দ্বিতীয়বাৰৰ কাৰণে দেৱলাল গাৰ্লচা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (চি ই এম) হয়।

দনপাইনন থাউচেন ডিমা হাচাও বিজেপিৰ এখন অতি চিনাকি মুখ। ২০০২ চনৰ পৰা দলটোৰ সাংগঠনিক কাম-কাজত তেওঁ জড়িত হৈ আছে। ২০০৭ চনত দলৰ বেয়া সময়ত থাউচেন হামৰি পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ মনোনয়নত নিজৰ জয় নিশ্চিত কৰিছিল। পৰবৰ্তী সময়ত বিজেপি আৰু আঞ্চলিক দল এ এছ ডি ছিৰ এঘাৰ মাহৰ পৰিষদৰ উপাধ্যক্ষ পদ লাভ কৰিছিল।

সুৰজ নাইডিং স্বায়ত্তশাসিত ৰাজ্য গঠন আন্দোলনৰ অন্যতম নেতা। পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য (ই এম)। বৰ্তমান বিজেপিৰ জিলা এছ টি মোৰ্চাৰ সভাপতি। ইয়াৰ আগতে তেওঁ জিলা বিজেপিৰ সাংগঠিনক সম্পাদক  পদত থকাৰ উপৰি বিজেপি যুৱ মোৰ্চাৰ সভাপতি আছিল।

এতিয়া এই তিনি গৰাকীৰ পৰা কোন সভাপতি নিৰ্বাচিত হ’ব? বিজেপিৰ সংবিধান অনুসৰি কোনো ব্যক্তি দুটা পদত থকাৰ নিয়ম নাই। অৰ্থাৎ ‘ওৱান ম্যান, ওৱান পোষ্ট’। তেনে পৰিপ্ৰেক্ষিতত নিপ’লাল হোজাই পৰিষদৰ ই এম আৰু জিলা সভাপতি দুটা পদত থাকিব নোৱাৰিব। এটা পদ এৰিব লাগিব।

দলৰ জেষ্ঠ্য নেতাসকলৰ ভাষ্য হ’ল, ‘আমি নিপ’লাল হোজাইৰ এটা কাৰ্যকাল দেখিলো। বৰ্তমানে তেওঁ পৰিষদৰ ই এম আৰু তেওঁৰ কাৰ্যকালত দলে ভাল ফলাফল প্ৰদৰ্শন কৰিছে। কিন্তু দলৰ মজিয়াৰ পৰা নতুন মুখ অহাটো আমি বিচাৰো।’

ইপিনে ডিমা হাচাও বিজেপি জিলা কাৰ্যালয়ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি জিলা সভাপতি পদৰ বাবে নিৰ্বাচন হোৱাৰ সম্ভাৱনা কম। দলীয় হাইকামাণ্ড আৰু পাৰ্বত্য পৰিষদ নেতৃত্বৰ মাজত বৈঠকৰ যোগেদি পৰৱৰ্তী সভাপতিৰ নাম চূড়ান্ত কৰা হ’ব।

যদি সেয়া হয় তেন্তে চি ই এম দেব’লাল গাৰ্লচাৰ আশীৰ্বাদপুষ্ট এজন ব্যক্তি পৰবৰ্তী সভাপতি হোৱাটো প্ৰায় নিশ্চিত। আন এক নিৰ্ভৰযোগ্য সূত্ৰই দনপাইনন আৰু সূৰজৰ মাজত মূল যুঁজখন হ’ব আৰু দনপাইননে শেষ হাঁহি মাৰিব বুলি দাবী কৰে।