বেগালুৰুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বিশ্বাসঘাতক প্ৰেমিকৰ বলি হৈ প্ৰাণ ত্যাগ কৰিবলৈ বাধ্য হ’ল এগৰাকী যুৱতী।
জানিব পৰা মতে আত্মহত্যা কৰা যুৱতীগৰাকীৰ নাম এলবিনা বসুমতাৰী। বেংগালুৰুত নিজাকৈ এখন বিউটিপাৰ্লাৰ চলাই আছিল এলবিনাই।
খবৰ অনুসৰি গকুল ৰাভা নামৰ এজন লোকৰ সৈতে সম্পৰ্ক আছিল এলবিনাৰ। আত্মহত্যাৰ সময়ত এলবিনা তিনি মাহৰ গৰ্ভৱতী আছিল। গৰ্ভৱতী হোৱাৰ পিছত গকুল ৰাভাই এলবিনাক বিয়া কৰাবলৈ অস্বীকাৰ কৰে। সেইবাবেই এই চৰম পথ বাচি ল’বলৈ বাধ্য হ’ল বুলি দাবী পৰিয়ালৰ লোকৰ।
শুকুৰবাৰে নিশা প্ৰায় ২ বজাত নিজৰ কোঠাত এলবিনাৰ মৃতদেহ প্ৰত্যক্ষ কৰে। ঘটনা সন্দৰ্ভত বেংগালুৰু আৰক্ষীক অৱগত কৰাৰ পিছতে নিশা সেই স্থানত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। লগতে অসমত থকা এলবিনাৰ পৰিয়ালক এই বিষয়ে অৱগত কৰা হয়।
ইফালে, এই গোচৰৰ সৈতে জড়িত গকুল ৰাভাক আটক কৰিছে আৰক্ষীয়ে। এলবিনা ওদালগুৰিৰ আমজুলিৰ বাসিন্দা আছিল আৰু গোকুলৰ ঘৰ পশ্চিম ভৈৰাগুৰিত।
আনহাতে, মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত এলবিনাৰ পৰিয়ালৰ লোকে মৃতদেহটো অসমলৈ ঘূৰাই আনিবলৈ বেংগালুৰুত উপস্থিত হৈছে।