কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যোৱা অসমৰ আন এজন যুৱকে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাই ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে। বাংগালুৰুৰ এটা উদ্যোগত কাম কৰি থকা অৱস্থাত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত বিজনীৰ এগৰাকী ২৫ বছৰীয়া যুৱকৰ মৃত্যু হৈছে। এই দুৰ্ভাগ্যজনক ঘটনাত প্ৰাণ হেৰুওৱা যুৱকজনৰ নাম জুবিন নাথ বুলি চিনাক্ত কৰা হৈছে। তেওঁ বিজনীৰ বৰপথাৰ এলেকাৰ বাসিন্দা আছিল।
প্ৰাপ্ত তথ্য অনুসৰি জুবিন নাথে বাংগালুৰুৰ মাগড়ী মেইন ৰোডৰ মাচোৱাহাল্লী গেটত অৱস্থিত এছ এল ভি গ্ৰেনাইট নামৰ এটা টাইলছ নিৰ্মাণ কাৰখানাত কাম কৰি আছিল। ১৪ ফেব্ৰুৱাৰীৰ দিনা পুৱা প্ৰায় ১১:৩০ বজাত কৰ্তব্যৰত অৱস্থাত তেওঁ দুৰ্ভাগ্যবশতঃ টাইলছ বনোৱা এটা মেচিনৰ চেপত পৰে। এই ভয়ংকৰ দুৰ্ঘটনাত যুৱকজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু থিতাতেই তেওঁৰ মৃত্যু ঘটে।
জুবিন নাথে ঘৰত পিতৃ-মাতৃৰ উপৰিও পত্নী আৰু এটি দুই বছৰীয়া কন্যাক এৰি থৈ গৈছে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনৰ এনে অকাল মৃত্যুৱে সমগ্ৰ বিজনী অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে। ইতিমধ্যে পৰিয়ালৰ লোকসকলে এই সন্দৰ্ভত কোম্পানী কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছে। ঘটনাটোৰ বিষয়ে অধিক তথ্যৰ বাবে এতিয়াও অপেক্ষা কৰা হৈছে।





