• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চলচ্চিত্ৰ উদ্যোগত ‘ৰত্নাকৰ’ৰ অভিলেখ; ১০ দিনতে ৪.৯৫ কোটি টকা উপাৰ্জন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 21, 2019 4:29 pm

2 min read

Ratnakar-Assamese-movie-Poster-750x375
861
VIEWS
Share on FacebookShare on Twitter

যোৱা ১১ অক্টোবৰত অসমৰ ছবিগৃহত মুক্তি লাভ কৰা যতীন বৰাৰ ছবি ৰত্নাকৰে দৰ্শকৰ পৰা লাভ কৰিছে বিপুল সঁহাৰি।

জনপ্ৰিয় অভিনেতা যতীন বৰাৰ প্ৰযোজনা, পৰিচালনা আৰু অভিনীত ৰত্নাকৰে মুক্তিৰ প্ৰথম ১০ দিনত ৪.৯৫ কোটি টকা উপাৰ্জনেৰে অসমৰ ছবিজগতৰ সকলো ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে।

ৰাজ্যৰ বিভিন্ন চলচ্চিত্ৰ সমূহত সফলতাৰে ১০ দিন পাৰ হৈ যোৱাৰ পাছতো ৰত্নাকৰৰ প্ৰতি দৰ্শকৰ আগ্ৰহ শেষ হোৱা নাই। এতিয়াও বিভিন্ন চলচ্চিত্ৰ সমূহত ৰত্নাকৰৰ টিকত আগন্তুক দুই তিনিদিনৰ বাবে বুক হৈ থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মুক্তিৰ প্ৰথম দিনটোতে জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাৰ নামত থকা ৪০ লাখ টকা উপাৰ্জনৰ ৰেকৰ্ড ভাঙিছিল ৰত্নাকৰে। ৰত্নাকৰৰ প্ৰথন দিনৰ উপাৰ্জন আছিল ৪১ লাখ টকা।

আনহাতে মুক্তিৰ প্ৰথম তিনিটা দিনত কাঞ্চনজংঘাৰ ১.৩৮ কোটি টকাৰ বিপীতে ৰত্নাকৰে উপাৰ্জন কৰিছিল প্ৰায় ১.৪৫ কোটি টকা।

যতীন বৰা, নিশিতা গোস্বামী, বৰষাৰাণী বিষয়াৰ লগতে কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা ৰত্নাকৰৰ প্ৰথম ১০ দিনৰ উপাৰ্জন তলত উল্লেখ কৰ হ’ল-

১১ অক্টোবৰ- ৪১ লাখ, ১২ অক্টোবৰ- ৪৯.৫ লাখ, ১৩ অক্টোবৰ- ৫৫ লাখ, ১৪ অক্টোবৰ- ৪৩ লাখ, ১৫ অক্টোবৰ- ৪৫ লাখ, ১৬ অক্টোবৰ- ৪২ লাখ, ১৭ অক্টোবৰ- ৪৩.৫ লাখ, ১৮ অক্টোবৰ-৪৫ লাখ, ১৯ অক্টোবৰ- ৫১ লাখ, ২০ অক্টোবৰ- ৬৮ লাখ।

উল্লেখ্য যে মুক্তিৰ দ্বিতীয়টো দেওবাৰ অৰ্থাৎ ২০ অক্টোবৰৰ দিনা ছবিখনে মাত্ৰ ৫৪ টা চিত্ৰগৃহৰ পৰা সংগ্ৰহ কৰিছে অভিলেখ সংখ্যক মুঠ ৬৮ লাখ টকা।

বাণিজ্যিকভাৱে আটাইতকৈ সফল অসমীয়া ছবি হিচাপে পৰিগণিত হোৱা ৰত্নাকৰে অসমৰ বাহিৰৰ ছবিগৃহৰ পৰা প্ৰথম সপ্তাহত ১২ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

এইদৰে ছবিখনে প্ৰথম ১০ দিনত ৪.৯৫ কোটি টকা উপাৰ্জনেৰে অসমীয়া ছবি উদ্যোগত এক নতুন অভিলেখ গঢ়ে।

Recent News

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd