• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া জাতিৰ সকলো সংকটৰ সময়ত সংখ্যালঘুসকলে কাষত থিয় হৈছে : মমিনুল আৱাল

"অসমৰ হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰী যুগমীয়া, ইয়াক কোনেও ছিঙিব নোৱাৰে"

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 2, 2019 9:50 pm
Mominul Awal

প্ৰেছ ক্লাবত সংবাদমেল মমিনুল আৱালৰ। ২ ছেপ্টেম্বৰত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰী যুগমীয়া বুলি দাবী কৰি “অসমীয়া জাতিৰ সকলো সংকটৰ সময়তে অসমৰ সংখ্যালঘুসকলে জাতিটোৰ কাষত থিয় হৈছে” বুলি মন্তব্য কৰিছে বিজেপিৰ নেতা মমিনুল আৱালে।

দলটোৰ মুখপাত্ৰৰ দায়িত্বৰ পৰা অব্যাহতি পোৱা সন্দৰ্ভত এতিয়াও নিশ্চিত হ’ব নোৱৰা আৱালে আজি লক্ষণীয়ভাৱে এখন অবিজেপি মঞ্চৰ অধীনত সংবাদমেল সম্বোধন কৰে।

Apply Now

জনগোষ্ঠীয় সমন্বয় পৰিষদ নামৰ এটা সংগঠনৰ বেনাৰত সংবাদমেল দিয়া আৱাল সংগঠনটোৰ মুখ্য আহ্বায়কো।

তেওঁ কয়, অসমীয়া জাতিয়ে যেতিয়াই সংকটৰ সন্মুখীন হৈছে তেতিয়াই সংখ্যালঘুসকলে অসমীয়া জাতিৰ কাষত থিয় হৈছে।

“স্বাধীনতা আন্দোলনেই হওক, মোগলৰ লগত যুদ্ধই হওক, ভাষা আন্দোলনেই হওক, বিদেশী বহিষ্কাৰ আন্দোলনেই হওক সংখ্যালঘুসকলৰ অৱদান আছে, অংশগ্ৰহণ আছে”, সংখ্যালঘুসকলৰ অৱদান দাঙি ধৰি আৱালে কয়।

অসমৰ হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰী যুগমীয়া আৰু ই প্ৰায় পাঁচশ বছৰৰো অধিক পুৰণি বুলি দাবী কৰে নেতাজনে।

“এই সম্প্ৰীতি বিনষ্ট কৰিবৰ কাৰণে যিয়েই যিমানেই প্ৰচেষ্টা নকৰক, সেয়া কেতিয়াও সম্ভৱ নহয়। অসমীয়া জাতি একত্ৰিত হৈ আছে, ইমৰান খান আৰু আছাদউদ্দিন অ’ৱেছিছেও কৰিব নোৱাৰে” পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খান আৰু হাইদৰাবাদৰ সাংসদ অ’ৱেছিছৰ শেহতীয়া মন্তব্যক কটাক্ষ কৰি আৱালে কয়।

মোদী অহাৰ পিছত অসমীয়া খিলঞ্জীয়া মুছলমানসকলে যথেষ্ট সুৰক্ষিত অনুভৱ কৰিছে বুলি দাবী কৰে আৱালে।

আৱালে অসমৰ ইছলামধৰ্মী গৰীয়া, মৰীয়া, দেশী আৰু চাহ জনগোষ্ঠীৰ কিছু লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাৰ অভিযোগ উত্থাপিত হোৱা বুলি দাবী কৰে।

তেওঁ এইসকল মানুহৰ নাম যাতে এন আৰ চিত অন্তৰ্ভুক্ত কৰা হয়, তাৰ বাবে পৰিষদে গুৰুত্বসহকাৰে পদক্ষেপ ল’ব বুলি জানিবলৈ দিয়ে।

“তেওঁলোক নিশ্চিতভাৱে অসমৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু অসমৰ খিলঞ্জীয়া কোনো এজনেই এন আৰ চিৰ পৰা বাহিৰত থকাৰ শংকা কৰাৰ প্ৰয়োজন নাই”, আৱালে কয়।

জনগোষ্ঠীয় সমন্বয় পৰিষদে এই ক্ষেত্ৰত চৰকাৰৰ লগতো যোগাযোগ কৰি নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলাব, তেওঁ কয়। পৰিষদৰ অন্তৰ্গত ২১টা জনগোষ্ঠীয় সংগঠনক তেওঁ এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনায়।

উপৰোক্ত জনগোষ্ঠীকেইটাৰ উপৰি অসমৰ আন বহুতো খিলঞ্জীয়া জনগোষ্ঠীৰ লোকৰ নামো বাদ পৰিছে বুলি স্বীকাৰ কৰি আৱালে কয়, “সেইটো কাৰিকৰী অসুবিধাৰ বাবে হৈছে। চিন্তা কৰাৰ দৰকাৰ নাই। তেওঁলোকৰ বাবে নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ আহিব।”

অসমৰ কিছু সংখ্যক লোকে বাহিৰৰ সংবাদ প্ৰতিষ্ঠানকে হওক, ব্যক্তিকে হওক মিছা কথাৰে, ভুল তথ্যৰে উচটনি দিছে বুলি দাবী কৰি বিজেপি নেতাজনে কয়, “অসমত থাকি, অসমৰ বায়ু-পানী গ্ৰহণ কৰি অসমৰ সন্মান বাহিৰত লাঘৱ কৰাৰ চেষ্টা যাতে নকৰে তাৰ বাবে আহ্বান জনাইছো”।

অসম বিজেপিৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰো অধ্যক্ষ আৱালে এন আৰ চি সন্দৰ্ভত বিজেপিৰ স্থিতিক লৈ কোনো মন্তব্য নকৰিলে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd