অসমীয়া জাতিৰ সকলো সংকটৰ সময়ত সংখ্যালঘুসকলে কাষত থিয় হৈছে : মমিনুল আৱাল

"অসমৰ হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰী যুগমীয়া, ইয়াক কোনেও ছিঙিব নোৱাৰে"

Mominul Awal

প্ৰেছ ক্লাবত সংবাদমেল মমিনুল আৱালৰ। ২ ছেপ্টেম্বৰত।

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰী যুগমীয়া বুলি দাবী কৰি “অসমীয়া জাতিৰ সকলো সংকটৰ সময়তে অসমৰ সংখ্যালঘুসকলে জাতিটোৰ কাষত থিয় হৈছে” বুলি মন্তব্য কৰিছে বিজেপিৰ নেতা মমিনুল আৱালে।

দলটোৰ মুখপাত্ৰৰ দায়িত্বৰ পৰা অব্যাহতি পোৱা সন্দৰ্ভত এতিয়াও নিশ্চিত হ’ব নোৱৰা আৱালে আজি লক্ষণীয়ভাৱে এখন অবিজেপি মঞ্চৰ অধীনত সংবাদমেল সম্বোধন কৰে।

জনগোষ্ঠীয় সমন্বয় পৰিষদ নামৰ এটা সংগঠনৰ বেনাৰত সংবাদমেল দিয়া আৱাল সংগঠনটোৰ মুখ্য আহ্বায়কো।

তেওঁ কয়, অসমীয়া জাতিয়ে যেতিয়াই সংকটৰ সন্মুখীন হৈছে তেতিয়াই সংখ্যালঘুসকলে অসমীয়া জাতিৰ কাষত থিয় হৈছে।

“স্বাধীনতা আন্দোলনেই হওক, মোগলৰ লগত যুদ্ধই হওক, ভাষা আন্দোলনেই হওক, বিদেশী বহিষ্কাৰ আন্দোলনেই হওক সংখ্যালঘুসকলৰ অৱদান আছে, অংশগ্ৰহণ আছে”, সংখ্যালঘুসকলৰ অৱদান দাঙি ধৰি আৱালে কয়।

অসমৰ হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰী যুগমীয়া আৰু ই প্ৰায় পাঁচশ বছৰৰো অধিক পুৰণি বুলি দাবী কৰে নেতাজনে।

“এই সম্প্ৰীতি বিনষ্ট কৰিবৰ কাৰণে যিয়েই যিমানেই প্ৰচেষ্টা নকৰক, সেয়া কেতিয়াও সম্ভৱ নহয়। অসমীয়া জাতি একত্ৰিত হৈ আছে, ইমৰান খান আৰু আছাদউদ্দিন অ’ৱেছিছেও কৰিব নোৱাৰে” পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খান আৰু হাইদৰাবাদৰ সাংসদ অ’ৱেছিছৰ শেহতীয়া মন্তব্যক কটাক্ষ কৰি আৱালে কয়।

মোদী অহাৰ পিছত অসমীয়া খিলঞ্জীয়া মুছলমানসকলে যথেষ্ট সুৰক্ষিত অনুভৱ কৰিছে বুলি দাবী কৰে আৱালে।

আৱালে অসমৰ ইছলামধৰ্মী গৰীয়া, মৰীয়া, দেশী আৰু চাহ জনগোষ্ঠীৰ কিছু লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাৰ অভিযোগ উত্থাপিত হোৱা বুলি দাবী কৰে।

তেওঁ এইসকল মানুহৰ নাম যাতে এন আৰ চিত অন্তৰ্ভুক্ত কৰা হয়, তাৰ বাবে পৰিষদে গুৰুত্বসহকাৰে পদক্ষেপ ল’ব বুলি জানিবলৈ দিয়ে।

“তেওঁলোক নিশ্চিতভাৱে অসমৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু অসমৰ খিলঞ্জীয়া কোনো এজনেই এন আৰ চিৰ পৰা বাহিৰত থকাৰ শংকা কৰাৰ প্ৰয়োজন নাই”, আৱালে কয়।

জনগোষ্ঠীয় সমন্বয় পৰিষদে এই ক্ষেত্ৰত চৰকাৰৰ লগতো যোগাযোগ কৰি নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলাব, তেওঁ কয়। পৰিষদৰ অন্তৰ্গত ২১টা জনগোষ্ঠীয় সংগঠনক তেওঁ এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনায়।

উপৰোক্ত জনগোষ্ঠীকেইটাৰ উপৰি অসমৰ আন বহুতো খিলঞ্জীয়া জনগোষ্ঠীৰ লোকৰ নামো বাদ পৰিছে বুলি স্বীকাৰ কৰি আৱালে কয়, “সেইটো কাৰিকৰী অসুবিধাৰ বাবে হৈছে। চিন্তা কৰাৰ দৰকাৰ নাই। তেওঁলোকৰ বাবে নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ আহিব।”

অসমৰ কিছু সংখ্যক লোকে বাহিৰৰ সংবাদ প্ৰতিষ্ঠানকে হওক, ব্যক্তিকে হওক মিছা কথাৰে, ভুল তথ্যৰে উচটনি দিছে বুলি দাবী কৰি বিজেপি নেতাজনে কয়, “অসমত থাকি, অসমৰ বায়ু-পানী গ্ৰহণ কৰি অসমৰ সন্মান বাহিৰত লাঘৱ কৰাৰ চেষ্টা যাতে নকৰে তাৰ বাবে আহ্বান জনাইছো”।

অসম বিজেপিৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰো অধ্যক্ষ আৱালে এন আৰ চি সন্দৰ্ভত বিজেপিৰ স্থিতিক লৈ কোনো মন্তব্য নকৰিলে।