NORTHEAST NOW (Assamese)

অক্ষৰ ফাউণ্ডেশ্যনৰ ‘গ্ৰীণ স্কুল’ৰ সমৰ্থনত আমেৰিকাত প্ৰবাসী অসমীয়াৰ ৱাক-এ-থন (Walk-A-Thon)

November 11, 2019 10:19 pm · এন ই নাও নিউজ
এএফএনএ

অসমৰ অক্ষৰ ফাউণ্ডেশ্যনৰ গ্ৰীণ স্কুলৰ পদক্ষেপ হিচাপে বিদ্যালয়ৰ মাচুলৰ পৰিৱৰ্তে প্লাষ্টিক সংগ্ৰহ কৰা অভিযানলৈ সমৰ্থন আগবঢ়াইছে আমেৰিকাত বাস কৰা প্ৰবাসী অসমীয়া সকলে।

নিউ জাৰ্চিস্থিত আছাম ফাউণ্ডেশ্যন অব নৰ্থ আমেৰিকা (এন এফ এন এ) নামৰ এটা বেচৰকাৰী সংস্থাই দেওবাৰে প্ৰথমবাৰৰ বাবে অক্ষৰ ফাউণ্ডেশ্যনৰ মহান প্ৰয়াসৰ প্ৰতি আগবাঢ়ি আহি এক অনুষ্ঠান আয়োজনৰ আয়োজন কৰে।

নিউজাৰ্চিৰ প্লেইনছবোৰোৰ মেয়ৰেও সম্পুৰ্ণভাৱে অনুষ্ঠানটোলৈ সমৰ্থন আগবঢ়াই।

অক্ষৰ ফাউণ্ডেশ্যনৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে আমেৰিকাত অনুষ্ঠিত কৰা অনুষ্ঠানতটো ডেকা, বুঢ়া, ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন বৰ্গৰ লোকে অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তোলে।

নিউ জাৰ্চিৰ মোৰিছ ডেভিছন পাৰ্কত দেওবাৰে ৰাতিপুৱা ১০.৩০ বজাত অনুষ্ঠিত অনুষ্ঠানটোত অংশগ্ৰহণকাৰীসকলে ৫ কিলোমিটাৰ খোজ কাঢ়ি এটা সমদলো উলিয়াই আৰু ব্ৰেকফাষ্ট গ্ৰহণ কৰি ইয়াৰ সামৰণি মাৰে।

উক্ত অনুষ্ঠানত উত্তৰ আমেৰিকা আৰু অসমৰ মাজত বুজাবুজিৰ মাধ্যমেৰে কাম কৰি আগবঢ়ি যোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে, অক্ষৰ ফাউণ্ডেশ্যন হৈছে এটা বেচৰকাৰী সংস্থা যিয়ে শিক্ষাৰ ক্ষেত্ৰত কাম কৰি আহিছে।

এই ফাউণ্ডেশ্যনটোৱে পৰিচালনা কৰা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলৰ পৰা বিদ্যালয়ৰ মাচুলৰ পৰিৱৰ্তে প্ৰতি সপ্তাহত প্লাষ্টিক লোৱা হয়।

‘বিদ্যালয়ৰ মাচুল হিচাপে প্লাষ্টিক’ শীৰ্ষক অভিযানৰ বাবে অক্ষৰ ফাউণ্ডেশ্যনে অলপতে সংবাদ শীৰ্ষ দখল কৰিছিল।

Related News