NORTHEAST NOW (Assamese)

আজি আলি আয়ে লৃগাং; চৰকাৰী বন্ধৰ তালিকাত নাৰাখি ষটপূজাতকৈ হেয় কৰাত খিলঞ্জীয়া লোকৰ ক্ষোভ ছ’চিয়েল মিডিয়াত

February 20, 2019 12:32 pm · এন ই নাও নিউজ
Updated: February 20, 2019 1:03 pm
আলি আয়ে লৃগাং উৎসৱৰ এটা দৃশ্য। ফাইল ফটো।

নদীৰ পলসুৱা জীৱন ভালপোৱা অসমৰ এটা অন্যতম জনজাতি মিচিংসকলৰ বসন্ত উৎসৱ আলি আয়ে লৃগাং উদাযাপন হৈ আছে ৰাজ্যখনৰ বিভিন্ন কোণৰ লগতে অৰুণাচল প্ৰদেশৰো কিছু কিছু ঠাইত। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই কৃষি উৎসৱটো পালন কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়েও ধেমাজি জিলাৰ জোনাইত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিছে আলি আয়ে লৃগাং।

পিছে খাটিখোৱা, কৃষিজীৱী এইসকল ভূমিপুত্ৰৰ প্ৰধান উৎসৱটোত নাই ৰাজ্য চৰকাৰৰ চৰকাৰী বন্ধ। ২০১৯ বৰ্ষৰ বন্ধৰ তালিকাত ২ নৱেম্বৰ দিনটো ষট পূজাৰ বাবে চৰকাৰী বন্ধ ঘোষণা কৰাৰ বিপৰীতে প্ৰায় ১২ লাখ জনসংখ্যাৰ মিচিংসকলৰ ঘাই উৎসৱটোত কিয় চৰকাৰী বন্ধ ৰখা নাই সেই প্ৰশ্নৰ উত্থাপন হৈছে।

সদৌ গুৱাহাটী মিচিং কেবাঙৰ এজন বিষয়ববীয়াই জনোৱা মতে কেবাঙৰ সোণালী বৰ্ষৰ সামৰণি কাৰ্যসূচীত উপস্থিত থাকিব লগীয়া মুখ্য মন্ত্ৰীক এই দিনটো চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰি স্মাৰকপত্ৰ দিয়া হ’ব।

আনপিনে, এই লৈ আজি ছ’চিয়েল মিডিয়াতো প্ৰশ্ন তুলিছে বহুতো খিলঞ্জীয়া লোকে। ‘খিলঞ্জীয়া লোকৰ স্বাৰ্থ ৰক্ষাৰ কথা সততে কোৱা চৰকাৰে প্ৰকৃততে কিমান আন্তৰিকতা আছে?’ বুলি প্ৰশ্ন উত্থাপন হৈছে।

“ষট পূজাটো অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ আলি আই লৃগাঙতকৈ ডাঙৰ হ’ল নেকি”, এজন যুৱকৰ প্ৰশ্ন ফেইচবুকত। তেওঁৰ মতৰ সমৰ্থনত কেইবাটাও কমেণ্ট।

আলি আয়ে লৃগাং উৎসৱৰ এটা দৃশ্য। ফাইল ফটো।

আন এজনে প্ৰশ্ন কৰিছে, “যদি জনসংখ্যা চাই বন্ধৰ দিন নিৰ্ধাৰণ কৰিছে, তেন্তে অসমত ষট পূজা পতা লোকৰ সংখ্যা ভূমিপুত্ৰ মিচিংসকলৰ সংখ্যাতকৈ বেছি আছে নেকি?”

যদি বেছি হৈছেগৈ এওঁলোকৰ সাংস্কৃতিক আগ্ৰাসনক লৈ আমি চিন্তিত হ’ব নালাগিব নে? ষট পূজা পালন কৰা এই হিন্দী বলয়টোৰ সাংস্কৃতিক আগ্ৰাসনক চৰকাৰেই বৰপীৰা পাৰি দিয়াৰ লগতে ভূমিপুত্ৰসকলক হেঁচা মাৰি ৰাখিব খোজা নাইনে? ক্ষুভিত যুজাৰজনৰ প্ৰশ্ন। তেওঁৰ মতে ষট পূজাহে সীমিত বন্ধ হোৱা উচিত, যিহেতু এয়া অসমৰ থলুৱা লোকে নহয়, বহিৰাগত কিছুসংখ্যক লোকেহে পাতে।

সদৌ গুৱাহাটী মিচিং কেবাঙৰ সূত্ৰটোৱে জনোৱামতে, কংগ্ৰেছ চৰকাৰৰ আমোলত আলি আয়ে লৃগাং চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল যদিও পিছত সেয়া উঠাই দিয়া হয়। জাতি-মাটি-ভেটি ৰক্ষা কৰিবলৈ অহা ‘খিলঞ্জীয়াৰ চৰকাৰ’-এও সীমিত বন্ধ হিচাপেই ৰাখিছে আলি আয়ে লৃগাঙক।

Related News