NORTHEAST NOW (Assamese)

শদিয়াৰ সাংস্কৃতিক ঐতিহ্যৰ আধাৰত নিৰ্মিত ভিডিঅ’ ছং ‘শদিয়া’ৰ প্ৰমোশ্যন মুকলি

June 27, 2019 7:37 pm · অভিক চক্ৰবৰ্তী
মিউজিক ভিডিঅ' শদিয়াৰ বেনাৰ

বুধবাৰে গুৱাহাটীৰ ধ্বনি ৰেকৰ্ডছত নতুন অসমীয়া ভিডিঅ’ ছং ‘শদিয়া’ৰ প্ৰমোশ্যন মুকলি কৰা হ’য়।

অসমৰ ডিব্ৰুগড় জিলাৰ চাহ বাগিচাৰ পৰা অহা তথা বৰ্তমান মুম্বাইৰ প্ৰতিষ্ঠিত সংগীতশিল্পী কৌশিক কাশ্যপে শদিয়া শীৰ্ষক ভিডিঅ’ ছংটো নিৰ্মাণ কৰিছে। শুকুৰবাৰে ভিডিঅ’ ছংটো সম্পুৰ্ণৰূপে মুকলি হোৱাৰ সম্ভাৱনা আছে।

অসমৰ শদিয়াৰ শক্তিশালী ইতিহাস আৰু সংস্কৃতিৰ ওপৰত নিৰ্মিত লোকসংগীতেৰে মিশ্ৰণ কৰা ভিডিঅ’ ছংটো জনসাধাৰণে আকোৱালি লোৱাৰ সম্ভাৱনা আছে।

ভিডিঅ’ ছং টোত শদিয়াৰ উল্লেখযোগ্য পৰ্যটন স্থান সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰি পৰ্যটকক আকৰ্ষণ কৰাৰ চেষ্টা কৰা হৈছে।

ভিডিঅ’ ছং টোৰ মূল উদ্দেশ্য হৈছে শদিয়াৰ ঐতিহ্যপূৰ্ণ সাংস্কৃতিক সমন্বয়ক বিশ্ব পৰ্যায়ত তুলি ধৰা।

কৌশিক কাশ্যপৰ প্ৰথমটো অসমীয়া ভিডিঅ’ ছং ‘শদিয়া’ৰ প্ৰযোজনা কৰিছে শুভলক্ষ্মী চেতিয়াৰ সহযোগত জেণ্টেল ব্ৰীজ ক্ৰিয়েশ্যনে।

সংগীত ব্যৱস্থাপনাৰ কাম কৰিছে বিভূতি গগৈ আৰু ৰি-ৰেকৰ্ডিঙৰ কাম কৰিছে উৎপল শৰ্মাই।

Related News