• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩১ মাৰ্চলৈকে চলিব অসমৰ শিক্ষাবৰ্ষ, বহু গুৰুত্বপূৰ্ণ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 7, 2020 8:05 pm
Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ শিক্ষাবৰ্ষ এপ্ৰিলৰ পৰা আৰম্ভ হৈ ৩১ মাৰ্চত শেষ হ’ব।

শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে এক সংবাদমেলত কৰ’নাভাইৰাছৰ বিৰুদ্ধে লকডাউনৰ মাজতে অসমৰ শিক্ষা জগতৰ বাবে গুৰুত্বপূৰ্ণ বহু ঘোষণা কৰে।

Apply Now

“আগৰে পৰা অসমৰ বাহিৰে সকলো ৰাজ্যত এপ্ৰিলৰ পৰা আৰম্ভ হয়। ক’ভিড থাকিলেও ৩১ মাৰ্চলৈকে বঢ়াই দিলে ছাত্ৰ ছাত্ৰীৰ শিক্ষাবৰ্ষ ক্ষতি নহয়। ১ মে’ৰ পৰা ৩১ মে’লৈকে চলিব গৰম বন্ধ। ১৫ মে’ৰ পাছত বিদ্যালয় খোলাৰ সিদ্ধান্ত ল’লেও ৩১ মে’লৈকে গৰম বন্ধ চলিব,” মন্ত্ৰী শৰ্মাই কয়।

এই ক্ষেত্ৰত ছেবাক পৰামৰ্শ আগবঢ়াবলৈ শিক্ষাবিদ আৰু বয়োজ্যেষ্ঠ ৰাইজক তেওঁ আহ্বান জনায়।

পূৰ্বতে ৰাজ্যৰ শিক্ষাবিদৰ লগত আলোচনা কৰোঁতে তেওঁলোকে এই পদক্ষেপৰ শলাগ লৈছে বুলিও তেওঁ উল্লেখ কৰে।

তেওঁ কয় যে জুন মাহৰ মাজভাগত ছেবা আৰু AHSECএ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব।

“কিন্তু ফলাফলৰ লগে লগে মাৰ্কশ্বীট দিয়া নহয়। ডিজিটেল মাৰ্কশ্বীট দিয়া হ’ব। ডিজিটেল মাৰ্ক শ্বীটৰ ওপৰত ভিত্তি কৰিয়েই কলেজত নাম ভৰ্তি হ’ব,” তেওঁ কয়।

তেওঁ কয় যে কলেজৰ নামভৰ্তি নিয়মাফিক হ’ব আৰু অনলাইনত হ’ব নামভৰ্তি প্ৰক্ৰিয়া।

এই নামভৰ্তি বিনামূলীয়া হ’ব যদিও ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্ট নম্বৰ লোৱা হ’ব।

অহা ২৬ মে’ৰ পৰা ২৮ মে’লৈকে পাঠ্যপুথি সংগ্ৰহ কৰিব পাৰিব।

মন্ত্ৰী শৰ্মাই কয় যে ছাত্ৰ ছাত্ৰী সকলে দীক্ষা এপ ডাউনলোড কৰি ল’ব লাগে।

“১,৪২,৩৪০টা এপ ডাউনলোড হৈছে এতিয়ালৈকে,” তেওঁ কয়।

তেওঁ লগতে কয় যে বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰসকলক মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ লেবলৈ যাবলৈ অনুমতি প্ৰদান কৰা হৈছে।

৩১ মে’লৈকে কোভিড সংক্ৰমণ একে থাকিলেও বা লকডাউন চলি থাকিলেও উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ শ্ৰেণী আৰম্ভ কৰা হ’ব।

“ধৰি লওক গুৱাহাটীৰ ছাত্ৰ এজন যদি ধেমাজিত গৈছে তেন্তে তেওঁ ধেমাজিৰ মহাবিদ্যালয়তে ক্লাছ কৰিব, গুৱাহাটী আহিব নালাগে,” মন্ত্ৰী শৰ্মাই কয়।

তেওঁ কয় যে অধ্যাপকসকলেও এই নিয়ম কৰিব পাৰিব।

গাওঁসমূহত যদি বিদ্যালয় নোখোলে তেন্তে শিক্ষকসকলে এখন চোতালত পাঁচজন ছাত্ৰ-ছাত্ৰীক একত্ৰিত কৰি ঘৰুৱা শিক্ষা দিব পাৰে।

“১ জুনৰ পৰা এই পদক্ষেপ ল’ব পাৰে গাওঁ অঞ্চলৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে,” তেওঁ কয়।

আনহাতে মন্ত্ৰীগৰাকীয়ে কয় যে কাইলৈৰ পৰা যিকোনো এটা বিষয়ৰ ওপৰত শ্ৰেণীভিত্তিক ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

“লকডাউনৰ পাছত শিক্ষকক তেওঁলোকে ৰচনাসমূহ জমা দিব। অংশগ্ৰহণকাৰীসকলৰ মাজৰ পৰা ৰাজ্যৰ মুঠ ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীক আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰা হ’ব। কাইলৈৰ পৰা বিষয়সমূহ পেপাৰ আৰু টিভিৰ বিজ্ঞাপন আকাৰে দিয়া হ’ব,” তেওঁ কয়।

আনহাতে যিসকল ছাত্ৰ-ছাত্ৰী অসমৰ বাহিৰৰ দক্ষিণ আৰু পশ্চিম ভাৰতৰ পৰা ঘূৰি আহিব বিচাৰিছে তেওঁলোকক ৫ হাজাৰ টকাকৈ ৰেহাই দিয়া হ’ব।

“উত্তৰ ভাৰতৰ পৰা আহিলে ৩ হাজাৰ টকা আৰু পূব ভাৰতৰ পৰা আহিলে ২০০০ টকালৈকে ৰেহাই দিয়া হ’ব। ১৮০০৩৪৫৩৫২৫ নম্বৰত ফোন কৰি আৰু  #assamstudenthelpdeskত তেওঁলোকে জনাব লাগিব তেতিয়া পাছত পুঁজিতো লাভ কৰিব,” তেওঁ কয়।

আনহাতে মাস্ক ব্যৱহাৰ কৰা সনৰ্ভত তেওঁ কয় যে মাস্ক ব্যৱহাৰ নকৰিলে ৫০০ টকাৰ জৰিমনা ভৰিব লাগিব।

“কিনা মাস্ক বুলিয়েই নহয় গামোচাখনো যদি মাস্ক কৰি পিন্ধে তেনেহ’লেও আপত্তি নাই। ইয়াৰ ওপৰত অধিসূচনা জাৰি কৰা হ’ব। মাস্ক ব্যৱহাৰ কৰাটো বাঞ্চনীয়,” তেওঁ কয়।

আনহাতে তেওঁ কয় যে সামাজিক ব্যৱধান মানি নচলা ব্যৱসায়িক প্ৰতিষ্ঠান দায়বদ্ধ হ’ব যদি কোভিড আক্ৰান্ত ৰোগীয়ে সেই দোকানত যোৱা বুলি কয়।

“প্ৰয়োজন হ’লে দোকানকেইখন বন্ধ কৰি দিয়া হ’ব। দোকান সমূহক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ জনাইছো,” তেওঁ কয়।

বৰ্তমানলৈকে অসমত ১৪ হাজাৰ লোকক ক’ভিড-১৯ৰ টেষ্ট কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে হোম কুৱাৰেন্টাইন ষ্টাম্প থকা লোক ৰাস্তাত ওলাই আহিলে ৰাইজে প্ৰবলভাৱে প্ৰতিবাদ কৰিব লাগে।

“হাতত ষ্টাম্প থকা ব্যক্তি ঘৰৰ বাহিৰলৈ আহিলে ওচৰৰ স্বাস্থ্য কৰ্মী বা আৰক্ষীক খবৰ দিব লাগে। সি লাগিলে মোৰ ল’ৰাই হওক। কাৰণ চৰকাৰে সকলো কৰিব নোৱাৰে, ৰাইজৰ সহযোগিতা লাগিবই। আমি সৰ্বব্যাপী সৰ্বস্পৰ্শী নহয়, ৰাইজ সৰ্বব্যাপী সৰ্বস্পৰ্শী,” তেওঁ কয়।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd