NORTHEAST NOW (Assamese)

সিন্ধু, নেহৱালৰ অনুপস্থিতিত এছিয়ান মিক্সড টীম চেম্পিয়নশ্বিপৰ মূল অস্ত্ৰ হ’ব অসমৰ অস্মিতা

March 19, 2019 11:52 am · এন ই নাও নিউজ
ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা অস্মিতা চলিহাৰ ছবি

ভাৰতৰ আগশাৰীৰ শ্বাটলাৰ পি ভি সিন্ধু আৰু ছাইনা নেহৱালৰ অনুপস্থিতিত দ্বিতীয় বেডমিণ্টন এছিয়ান মিক্সড টীম চেম্পিয়নশ্বিপত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব অসমৰ উদীয়মান অস্মিতা চলিহাৰ ওপৰত।

১৯ৰ পৰা ২৪ মাৰ্চলৈ হংকঙত চলিব লগীয়া এই প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় বেডমিণ্টন সংস্থাই ঘোষণা কৰা মহিলা দলত অসমৰ অস্মিতাৰ উপৰি ছয়গৰাকী প্ৰতিভা সম্পন্ন যুৱ খেলুৱৈক অন্তৰ্ভক্ত কৰা হৈছে।

সিন্ধু আৰু ছাইনা নেহৱালৰ অনুপস্থিতিত ভাৰতীয় মহিলা দলটোৰ আক্ৰমণৰ মূল দায়িত্ব ১৯ বছৰীয়া অস্মিতাৰ ওপৰতে থাকিব। অস্মিতাক সহায় কৰিব বৈষ্ণবী ভালে, শিখা গৌতম, আশ্বিনী কে ভাট, ৰুতুপৰ্ণা পাণ্ডে, আৰথী চাৰা সুনীল আৰু য়ুকে মিথুলাই।

সোমবাৰে ঘোষণা কৰা ১৩ জনীয়া ভাৰতীয় দলটোক নেতৃত্ব দিব বিশ্বক্ৰমৰ ২৪ নং স্থানৰ খেলুৱৈ এইচ এছ প্ৰণয়ে। উল্লেখ্য যে এই প্ৰতিযোগিতাখনৰ বাবে এঘাৰটা দলক চাৰিটা গ্ৰুপত ভাগ কৰা হৈছে।

প্ৰতিভাৱান শ্বাটলাৰ অস্মিতাই ২০১৮ত অংশগ্ৰহণ কৰা বিভিন্ন প্ৰতিযোগিতাত নিজৰ প্ৰতিভাৰে বহুতো খিতাপ দখল কৰাৰ লগতে চলিত বৰ্ষৰ ৮৩ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাতো ছেমিফাইনেললৈ অগ্ৰসৰ হৈছিল।

ভাৰতৰ বেডমিণ্টনৰ এগৰাকী চাঞ্চল্য সৃষ্টিকাৰী শ্বাটলাৰ হিচাপে ইতিমধ্যে দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হৈছে অস্মিতা চলিহা।

Related News