• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চায়ত-গ্ৰামোন্নয়ন আৰু জনসংযোগত নিযুক্তি কেলেংকাৰি : কাইলৈ ৰাজ্যজুৰি আছুৰ বিক্ষোভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 19, 2019 11:42 am

2 min read

31-10-18-Guwahati-AASU-Press-Meet-2-750x375

ফাইল ফটো : য়ু বি

1k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু জনসংযোগ বিভাগৰ নিযুক্তিত সংঘটিত কেলেংকাৰিৰ সন্দৰ্ভত চৰকাৰখনৰ নিৰ্লিপ্ত ভূমিকাৰ প্ৰতিবাদত তথা প্ৰক্ৰিয়াটোৰ সময় নিৰ্ধাৰিত ন্যায়িক তদন্তৰ দ্বাৰা দোষীক শাস্তি প্ৰদান আৰু নিবনুৱা যুৱক-যুৱতীক ন্যায় প্ৰদানৰ দাবীত আছুৱে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।

সেই অনুসৰি ২০ মাৰ্চত সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলা সদৰৰ ৰাজহুৱা স্থানত বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰা হ’ব। তদুপৰি, হোলীৰ পাছত নিযুক্তিত সংঘটিত দুৰ্নীতি তথা কেলেংকাৰিৰ প্ৰতিবাদৰ লগতে আন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

দুৰ্নীতিৰ বিৰুদ্ধে মুখ্য মন্ত্ৰী তথা ৰাজ্য চৰকাৰখনে কৈ অহা শূন্য সহনশীলতাৰ কথাবোৰ ফুটুকাৰ ফেনত পৰিণত হোৱা বুলিও আছুৱে স্পষ্টভাৱে সদৰী কৰে।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় যে এইবাৰ পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু জনসংযোগ বিভাগৰ নিযুক্তিত সংঘটিত অনিয়ম, স্বজন, তোষণ, দুৰ্নীতিৰ বিষয়ে সংবাদ মাধ্যমত বিস্তাৰিতভাৱে প্ৰকাশ হোৱাৰ পাছতো চৰকাৰে তথা মুখ্য মন্ত্ৰীয়ে ন্যায়িক তদন্তৰ ঘোষণা কৰিবলৈ সাহস গোটাব নোৱাৰিলে।

চৰকাৰৰ নিজৰ অনুসন্ধান বিভাগ চি আই ডিয়ে নিযুক্তিৰ বিসংগতিৰ বিষয়ে স্পষ্টভাৱে প্ৰকাশ কৰালৈ লক্ষ্য কৰি চি আই ডিৰ সম্পূৰ্ণ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পূৰ্বেই নিযুক্তি দিয়া হ’ল। তদুপৰি, মুখ্য মন্ত্ৰীৰ অধীনৰ জনসংযোগ বিভাগত এদিনৰ ভিতৰতে পৰীক্ষা পাতি বহী নোচোৱাকৈ ফলাফল দি নিযুক্তিপত্ৰ বিতৰণ কৰা হ’ল। এই প্ৰক্ৰিয়া সম্পূৰ্ণ সন্দেহজনক।

ৰাজ্যখনৰ লাখ লাখ নিবনুৱা যুৱক-যুৱতীৰ নিযুক্তিৰ বিষয়টোত সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে নিবনুৱা যুৱক-যুৱতীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলিছে। নিবনুৱা যুৱক-যুৱতীসকলক ন্যায় প্ৰদানৰ বাবে এই অন্যায়ৰ বিৰুদ্ধে আছুৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা বুলি ব্যক্ত কৰিছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd