• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটা কাৰাগাৰত কয়েদীৰ বাবে শীঘ্ৰেই স্থাপন হ’ব এটি পুথিভঁৰাল

অনুপ শর্মা by অনুপ শর্মা
February 21, 2019 7:50 pm
barpeta-jail-750x375

বৰপেটা জিলা কাৰাগাৰৰ ফাইল ফটো

533
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলা কাৰাগাৰৰ কয়েদীসকলৰ বাবে শীঘ্ৰেই মুকলি হ’ব এটি পুথিভঁৰাল। বৰপেটা সদৰ বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে তেওঁৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ পৰা কাৰাগাৰখনৰ কয়েদীসকলৰ বাবে এটা পুথিভঁৰাল স্থাপন আৰু গ্ৰন্থ ক্ৰয় কৰিবৰ বাবে পাঁচ লাখ টকা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

‘’চলিত বৰ্ষৰ পহিলা জানুৱাৰিৰ দিনা মই কাৰাগাৰখন পৰিদৰ্শন কৰিবলৈ যাওঁতে মোৰ মনলৈ চিন্তাটো আহিছিল। কাৰাগাৰৰ অধীক্ষকগৰাকীয়ে মোক জানিবলৈ দিছিল যে পুঁজিৰ অভাৱৰ বাবে তেওঁ এটা পুথিভঁৰাল স্থাপন কৰিব পৰা নাই। মই এই পুঁজি বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ পৰা দিয়াৰ সিদ্ধান্ত লৈছিলো,’’-বিধায়ক দাসে কয়।

অগপ বিধায়ক দাসেই হৈছে প্ৰথমগৰাকী বিধায়ক যিয়ে অসমৰ কাৰাগাৰাত এটা পুথিভঁৰাল সাজিবলৈ পুঁজিৰ অনুদান আগবঢ়াইছে।

‘’কাৰাগাৰৰ কেইগৰাকীমান কয়েদীয়ে লগতে মোক কৈছিল যে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কাৰাগাৰ চৌহদত মন্দিৰ আৰু মছজিদ আছে, কিন্তু এটা পুথিভঁৰাল নাই,’’-এইদৰে উল্লেখ কৰি তেওঁ কয় যে এটা পুথিভঁৰালে কয়েদীসকলৰ মাজত অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ লগতে তেওঁলোকৰ মনবোৰো ইতিবাচক দিশলৈ গতি কৰিব।

কিছুমান লোকে ইতিমধ্যে পুথিভঁৰালৰ বাবে কেতবোৰ গ্ৰন্থ দান কৰিছে আৰু বৰঙণিৰ ৰূপত অধিক গ্ৰন্থ সংগ্ৰহৰ প্ৰচেষ্টা চলি আছে বুলিও বিধায়ক দাসে জানিবলৈ দিয়ে।

তাৎপৰ্যপূৰ্ণভাৱে, কাৰাগাৰখনৰ কয়েদীসকলে পুথিভঁৰালটো স্থাপন কৰাৰ ক্ষেত্ৰত বিনামূলীয়াকৈ শ্ৰম দান কৰিবলৈ আগবাঢ়ি আহিছে।

কাৰাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে পুথিভঁৰালৰ বাবে কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু অহা ৩১ মাৰ্চৰ ভিতৰত কাম সম্পূৰ্ণ হৈ উঠাৰ আশা কৰা হৈছে।

উল্লেখযোগ্য যে অসম চৰকাৰে যদিওৱা ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলত পুথিভঁৰাল স্থাপনৰ এখন আঁচনি আৰম্ভ কৰিছিল, কিন্তু বৰ্তমান পুথিভঁৰালৰ সংখ্যা যথেষ্ট নহয় আৰু বেছিভাগ পুথিভঁৰালৰে অৱস্থা পুতৌজনক।

Recent News

দৈ খোৱাৰ উপকাৰিতা জানো আহক

দৈ খোৱাৰ উপকাৰিতা জানো আহক

পুষ্টিহীনতাত ভোগা শিশুলৈ ১২ টকা, গৰুলৈ ৪০ টকাৰ সাহায্য : উত্তপ্ত মধ্যপ্ৰদেশৰ বিৰোধী ৰাজনৈতিক মহল

পুষ্টিহীনতাত ভোগা শিশুলৈ ১২ টকা, গৰুলৈ ৪০ টকাৰ সাহায্য : উত্তপ্ত মধ্যপ্ৰদেশৰ বিৰোধী ৰাজনৈতিক মহল

টাটা গ্ৰুপক দিব লাগিব ক্ষতিপূৰণঃ ছিংগুৰ ভূমি গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

টাটা গ্ৰুপক দিব লাগিব ক্ষতিপূৰণঃ ছিংগুৰ ভূমি গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

গাজাৰ দুই হাজাৰ আহত লোকক চিকিৎসা প্ৰদান কৰিব ইণ্ডোনেছিয়াৰ চৰকাৰে

গাজাৰ দুই হাজাৰ আহত লোকক চিকিৎসা প্ৰদান কৰিব ইণ্ডোনেছিয়াৰ চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd