লোকসভাৰ মজিয়াত অসমৰ কয়লা চিণ্ডিকেট প্ৰসংগ, এন এছ চি এনলৈ যায় ধনৰ ভাগ

Assam's illegal coal mining issue raised in Lok Sabha, MP Pradyut Bordoloi demands for inter ministerial fact finding team

কয়লাৰ প্ৰতীকী ফাইল ছবি।

মঙলবাৰে লোকসভাৰ মজিয়াত অসমৰ কয়লা চিণ্ডিকেটৰ প্ৰসংগ উত্থাপন হৈছে।

উজনি অসমৰ অবৈধ কয়লা খননৰ ধন নাগা বিদ্ৰোহী সংগঠন এন এচ চি এনৰ খাপলাং আৰু আইজাক-মুইভা দুয়োটা গোটলৈকে যায়। লোকসভাৰ শূন্যকালত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে অসমৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

“(অবৈধ কয়লাৰ) ধনৰ এক সিংহ ভাগ এন এচ চি এন-কে আৰু এন এচ চি এন-আই এমৰ দৰে বিদ্ৰোহী সংগঠনলৈ যায়। কাৰ্য্যতঃ তিনিচুকীয়াৰ জিলা প্ৰশাসনেও কয়লা মাফিয়াৰ সৈতে ঘনিষ্ঠভাৱে (hand in glove) কাম কৰি আছে,” নগাৱঁৰ সাংসদগৰাকীয়ে কয়।

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক, উপায়ুক্ত আৰু বন বিষয়া ইয়াৰ সৈতে জৰিত বুলি অভিযোগ কৰি বৰদলৈয়ে কয় যে অসমৰ কয়লাৰ অবৈধ কাৰবাৰ স্বাধীন ভাৰতৰে এক বৃহত্তম দুৰ্নীতি।

“বিষয়টোৰ ক্ষেত্ৰত লিডু আৰু মাৰ্ঘেৰিটা আৰক্ষীয়ে চকু মুদি আছে। কোনোবাই এজাহাৰ দিব খুজিলেও তেওঁলোকে গ্ৰহণ নকৰে,” সাংসদ বৰদলৈয়ে কয়।

তিনিচুকীয়াৰ ডিব্ৰু চৈখোৱা সংৰক্ষিত বনাঞ্চলত চলি থকা অবৈধ কয়লা খননৰ তদন্ত কৰাৰ বাবে বৰদলৈয়ে এক মন্ত্ৰী গোট গঠনৰ দাবী জনাইছে।

অবৈধ কয়লা খননে পৰিৱেশৰ ওপৰত পেলোৱা প্ৰভাৱ আৰু তাত কাম কৰা শ্ৰমিকসকলৰ দুৰৱস্থাৰ প্ৰসংগও বৰদলৈয়ে সদনত উত্থাপন কৰে।

“খনন প্ৰক্ৰিয়াত বহু কেইজন দিনহাজিৰা কৰা শ্ৰমিক মৃত্যু মুখত পৰিছে। ই পৰিৱেশৰ প্ৰতিও এক বৃহৎ ভাবুকি,” বৰদলৈয়ে কয়।