নাগৰিকত্ব (সংশোধন) আইন ২০১৯-বিৰোধী প্ৰতিবাদৰ মাজতে অসমৰ চ’চিয়েল মিডিয়াত ’২১ৰ “ৰাজনৈতিক বিকল্প” চৰকাৰৰ এক চৰ্চা চলিছে!
অসমৰ কা-বিৰোধী বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ নেতা, শিল্পীৰ অন্তৰ্ভুক্তিৰে এখন সম্ভাৱ্য প্ৰাৰ্থী তালিকাও প্ৰকাশ পাইছে।
তালিকাখনত ৰাজনীতিৰ ক্ষেত্ৰত “সাপ-নেউল” প্ৰফুল্ল কুমাৰ মহন্ত আৰু তৰুণ গগৈৰো নাম আছে।
তালিকাখনৰমতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী।
মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা- অজিত কুমাৰ ভূঞা/ প্ৰশান্ত ৰাজগুৰু, অখিল ৰঞ্জন দত্ত- ৰাজনৈতিক উপদেষ্টা, OSD- ৰাহুল গৌতম শৰ্মা, অৰ্থনৈতিক উপদেষ্টা- মৃণাল তালুকদাৰ, আইনী উপদেষ্টা- অৰূপ বৰবৰা, ৰাজ্যপাল- হীৰেন গোহাঁই, ৰাজ্য সভাৰ সাংসদ- জয়ন্ত বৰুৱা, অখিল গগৈ।
কা-বিৰোধিতাত সৰৱ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ নাম তালিকাত নাই।
তালিকাখনৰমতে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য যোৰহাট সমষ্টিৰ প্ৰাৰ্থী হ’ব।
কোৱা হৈছে যে অসমৰ বাকী কিছু সমষ্টিৰ বাবে আৱেদন লৈ থকা হৈছে আৰু যোগ্য বুলি বিবেচিত হ’লে ঘোষণা হ’ব।
ৰাজ্যত এক নতুন আঞ্চলিক দল গঠনক লৈ চৰ্চা চলি থকাৰ পৰতে চ’চিয়েল মিডিয়াত এই তালিকাই ব্যাপক চৰ্চা লাভ কৰিছে।
বিজেপি নেতাৰ লগতে কা-বিৰোধীয়েও তালিকাখন চ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখা গৈছে। কোৱা হৈছে যে তালিকাখন হোৱাটছএপযোগে চলিছে।
বহু কা-বিৰোধীকে ধৰি বেছিসংখ্যক লোকেই এই সম্ভাৱ্য “বিকল্প”ৰ বিৰোধিতা কৰিছে।
এগৰাকী শিল্পীয়েও শ্বেয়াৰ কৰা তালিকাখনক লৈ একাংশই সমৰ্থন-বিৰোধিতা একো কৰা নাই, নগণ্যসংখ্যকে সমৰ্থন আৰু গৰিষ্ঠসংখ্যকে বিৰোধিতা কৰিছে।
কিছুমান কমেণ্ট: “Just like I oppose CAA, i oppose this list too!/ এতিয়াহে বুজিলো আন্দোলনৰ নামত এতিয়া ৰাজনৈতিক দল। বাঃ বাঃ বঢ়িয়া দে/ বান্ধৰক ছনদেছ দি লাভ নাই/ Finally justice should be done….dis would be d dream team for a new ASSAM…golden assam/ এইখন ১৫০০ টকীয়াৰ লিষ্ট/ হওক দিয়ক বাংলাদেশী মূলৰ এজন মূখ্যমন্ত্ৰী তালিকাত আছে/ এতিয়া আন্দোলন গুচি ৰাজনৈতিক প্ৰচাৰ হে হৈছে / বহুত ভাল হব..আমাক এনেকুৱা এখন প্রাৰ্থী তালিকাই লাগে” ইত্যাদি।