অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে নিৰ্বাচিত অসমৰ ‘বেগী বলাৰ’ মুখতাৰ হুছেইন

Mukhtar Hussain

মুখতাৰ হুছেইন

আই পি এলৰ চলিত ছিজনত ৰাজস্থান ৰয়েলছৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা ৰিয়ান পৰাগৰ পাছত এইবাৰ আন এজন অসম ক্ৰিকেটাৰৰ বাবে গৌৰৱান্বিত হৈছে ক্ৰিকেটপ্ৰেমী। ২০১৮-১৯ বৰ্ষৰ ৰঞ্জি ছিজনত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিত অসমৰ বেগী বলাৰ মুখতাৰ হুছেইন নিৰ্বাচিত হৈছে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে।

চেন্নাইস্থিত এম আৰ এফ পেচ ফাউণ্ডেশ্বনে অসমৰ এইগৰাকী বেগী বলাৰক উন্নতমানৰ প্ৰশিক্ষণৰ বাবে অষ্ট্ৰেলিয়াৰ ব্ৰীছবেন ভ্ৰমণলৈ নিৰ্বাচিত কৰিছে।

অহা ১১ মে’ৰ পৰা ২৫ মে’লৈ হ’ব লগীয়া দুই সপ্তাহৰ ভ্ৰমণকালত মুখতাৰ হুছেইনৰ ৩ডি বায়’কেমিকেল টেষ্ট লোৱাৰ উপৰি ব্ৰীছবেনৰ ৰাষ্ট্ৰীয় ক্ৰিকেট কেন্দ্ৰত প্ৰশিক্ষণ দিয়া হ’ব। এই কথা জানিবলৈ দিয়ে অসম ক্ৰিকেট সন্থাই।

যোৱাটো ৰঞ্জি ছিজনত অসম দলত আত্মপ্ৰকাশ ঘটিছিল মুখতাৰ হুছেইনৰ। অভিষেক ছিজনতে কেইবাটাও দুৰ্ধৰ্ষ বলিং স্পেলেৰে কেইবাখনো মেচত অসমৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰা মুখতাৰে ৯খন মেচত ৪০টা উইকেট দখল কৰিছিল।

সেই প্ৰদৰ্শনৰ ভিত্তিতে অসমৰ এইগৰাকী প্ৰতিভাৱান বলাৰক উচ্চমানৰ প্ৰশিক্ষণৰ বাবে এম আৰ এফ পেচ ফাউণ্ডেশ্বনে নিৰ্বাচিত কৰিছে। মুখতাৰৰ উপৰি কৰ্ণাটকৰ বেগী বলাৰ প্ৰসিদ্ধ কৃষ্ণাও উক্ত প্ৰশিক্ষণ গ্ৰহণ কৰিব।

উল্লেখ্য যে ভাৰতৰ ক্ৰিকেটৰ দীৰ্ঘদিনীয়া বলিং সমস্যাৰ অন্ত পেলাবলৈয়ে এইদৰে প্ৰতিভাসম্পন্ন বেগী বলাৰ সকলক নিৰ্বাচিত কৰি অষ্ট্ৰেলিয়াত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।