• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি, অসমৰ পৰা OUT হাজেলা; চৌদিশে প্ৰতিক্ৰিয়া

এইটো অত্যন্ত গৰ্হিত কাম, ইয়াৰ এক অনুসন্ধান হ’ব লাগে : ড০ হীৰেন গোহাঁই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 18, 2019 5:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত ৰাজ্যিক সমন্বয়কৰ দায়িত্বত থকা প্ৰতীক হাজেলাক উচ্চতম ন্যায়ালয়ে অব্যাহতি দিয়াৰ পিছত বিভিন্নজনে ইয়াৰ তাৎক্ষণিত প্ৰতিক্ৰিয়া কৰিছে।

সকলোকে আচৰিত কৰি তোলা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশটোত হাজেলাক এন আৰ চিৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ উপৰি মধ্য প্ৰদেশলৈ বদলি কৰা হৈছে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছ এ ববডে আৰু ৰহিনতন নৰিমনৰ বিচাৰপীঠে আজি এই নিৰ্দেশ দিয়ে।

Apply Now

হাজেলাৰ জীৱনৰ প্ৰতি ভাবুকি অহা বুলি আৰ্জি পোৱাৰ পিছত শীৰ্ষ আদালতখনে এই নিৰ্দেশ দিয়ে। তেওঁৰ নেতৃত্বতে অসমত উন্নীতকৃত এন আৰ চিৰ সম্পূৰ্ণ তালিকা প্ৰকাশ হৈছিল যোৱা ৩১ আগষ্টত। অৱশ্যে ইয়াৰ শুদ্ধতাক লৈ বিভিন্ন পক্ষই প্ৰশ্ন উত্থাপন কৰি আহিছে।

আজি হাজেলাক অব্যাহতি তথা বদলিৰ নিৰ্দেশটো ওলোৱাৰ পিছত বিভিন্নজনে বিভিন্ন মঞ্চত (ছ’চিয়েল মিডিয়াকে ধৰি) তড়িৎ প্ৰতিক্ৰিয়া কৰিছে।

বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ, অসম সংগ্ৰামী মঞ্চৰ কাৰ্য্যকৰী সভাপতি অদীপ ফুকন আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে নৰ্থ-ইষ্ট নাওৰ আগত কৰা প্ৰতিক্ৰিয়া সমূহ অসম্পাদিত ৰূপত প্ৰকাশ কৰা হ’ল-

ড০ হীৰেন গোহাঁই, বিশিষ্ট বুদ্ধিজীৱী

“মই ভাবো যে এইটো অত্যন্ত গৰ্হিত কাম। ইয়াৰ এক অনুসন্ধান হ’ব লাগে। সঁচাকৈ প্ৰতীক হাজেলাই নিজৰ নিৰাপত্তা সম্পৰ্কে চৰকাৰক কিবা জনাইছিল নেকি তাৰ যথাযথ তদন্ত কৰিব লাগে? হাজেলাৰ ভাবুকিৰ যিটো ধাৰণা কৰা হৈছে, সেয়া শুদ্ধ আছিল নে নাই? চৰকাৰে সেইটো থিৰাং কৰিছিল নে নাই? এইটো প্ৰধান কথা। দ্বিতীয়তে এন আৰ চিৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। এতিয়া তেওঁৰ ঠাইত যদি চৰকাৰৰ ইচ্ছা অনুসৰি বেলেগ এজনক বহাই দি চৰকাৰৰ ইচ্ছামতে চলায়, তেন্তে সেইটোৱে এন আৰ চিখনৰ তথ্যনিষ্ঠ বা বস্তুনিষ্ঠ ৰূপ নিদি তাক চৰকাৰী অভিপ্ৰায়ৰ পৰিণাম কৰি তুলিব। ই অসমবাসীৰ কাৰণে অত্যন্ত ভয়ানক কথা হ’ব। হাজেলাৰ ঠাইত বেলেগ মানুহ আপাতত নিযুক্তি দিব নালাগে, যদি মানুহজন ৰাইজৰ বিশ্বাসযোগ্য নহয়।”

prateek hajela

লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক, আছু

“এখন চৰকাৰে যদি এনে এজন গুৰুত্বপূৰ্ণ ব্যক্তিক নিৰাপত্তা দিব নোৱাৰে, সেইটো অতি দুৰ্ভাগ্যজনক কথা। এন আৰ চিৰ দৰে এটা গুৰুত্বপূৰ্ণ কামৰ লগত জড়িত থকাৰ পাছতো তেওঁক বদলি দিব লাগে বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিব লগীয়া পৰিৱেশটো সৃষ্টি হ’ল তাৰ বাবে দায়ী চৰকাৰ। চৰকাৰ, তেওঁলোকৰ ৰাজনৈতিক দল বা অন্যান্য সংগঠনে এনে এটা পৰিৱেশৰ সৃষ্টি কৰিলে। উচ্চতম ন্যায়ালয়ৰো নিৰ্ভৰযোগ্যতা বা বিশ্বাসযোগ্যতা নষ্ট কৰিবৰ বাবে চৰকাৰখন উঠি-পৰি লাগিল। তেওঁ মধ্য প্ৰদেশলৈ গুচি যোৱাৰ লগে লগে অসমৰ মানুহৰহে ক্ষতি হ’ব। কি পৰিস্থিতিত উচ্চতম ন্যায়ালয়ে এনে এটা ৰায় দিব লীয়া হ’ল তাৰ এক পৰ্য্যালোচনাৰ প্ৰয়োজন।”

অদীপ ফুকন, কাৰ্য্যকৰী সভাপতি, অসম সংগ্ৰামী মঞ্চ

“এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে প্ৰতীক হাজেলা থাকোতেই শেষ পৰ্য্যায়ত উপনীত হৈছে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া। এই সময়ত যদি তাৎক্ষণিকভাৱে অন্য ৰাজ্যলৈ তেওঁক বদলি কৰে, তেন্তে এইটো অতিকৈ চিন্তনীয় বিষয় হৈ পৰিব। তেওঁক বদলি কৰিলে এন আৰ চিৰ শেষ পৰ্য্যায়ৰ কামখিনি থমকি ৰ’ব। বিজেপিৰ শাসন চলি থকা অৱস্থাত প্ৰশাসনিক বিষয়া এজনৰ যদি নিৰাপত্তা নাইকিয়া হয় তথা তেওঁক যদি গৃহ বিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱালে নিৰাপত্তা দিব নোৱাৰে, তেন্তে স্বাভাৱিকভাৱে আমি চিন্তা কৰিব লাগিব যে গৃহ বিভাগ সম্পূৰ্ণ ফেইল। নাগৰিকত্ব সংশোধনী বিধেয়কখন কাৰ্য্যকৰী নকৰা পৰ্য্যন্ত যাতে এন আৰ চিৰ কাম সম্পূৰ্ণ নহয়, সেয়েহে প্ৰতীক হাজেলাক দিব পৰা নিৰাপত্তাখিনি সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে দিয়া নাই।”

পলাশ চাংমাই, সাধাৰণ সম্পাদক, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ

“উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা এটাত আমাৰ মন্তব্য দিয়াৰ ধৃষ্টতা নাই। তথাপি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কত বিভিন্ন সময়ত আমাৰ বক্তব্য আমি স্পষ্ট কৰি আহিছো তথা ৰৈ যোৱা ত্ৰুটিসমূহ শুদ্ধ কৰিবলৈ দাবী জনাই আহিছো। এই সময়ত ন্যায়ালয় অথবা চৰকাৰ, যিয়েই নহওক কিয়, এই সময়ত হাজেলাক বদলি কৰাটো যুক্তিসংগত নহয়। যদি বদলি কৰিব লগীয়া আছিল তেন্তে পূৰ্বেই বদলি কৰিব পাৰিলেহেঁতেন। নতুন এগৰাকী বিষয়াই দায়িত্ব ল’লে তেওঁ সকলো দায়িত্ব মূৰ পাতি নলয় বা ল’ব নাজানিব।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd