• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিত জাহ গৈ অস্তিত্বহীন হ’ল “জাতীয় ঐক্য মঞ্চ”; আঞ্চলিক দলটোৰ পতাকাও সমৰ্পণ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2019 9:27 pm
BJP_JatiyaAikyaMancha

মৰিগাঁৱত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি আৰু জাতীয় ঐক্য মঞ্চৰ একত্ৰীকৰণ সমাৱেশৰ এটা দৃশ্য। ফটোৰ উৎস : ফেইচবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিৱাসকলৰ সমস্যাবোৰক গুৰুত্বসহ দাঙি ধৰাৰ লক্ষ্যৰে গঠিত তিৱা জনগোষ্ঠী প্ৰধান আঞ্চলিক ৰাজনৈতিক দল “জাতীয় ঐক্য মঞ্চ” আজি বিজেপিত জাহ যায়। ৰমাকান্ত দেউৰী নেতৃত্বাধীন দলটো বিজেপিৰ এটা মিত্ৰ দল হিচাপে আছিল।

আজি মৰিগাঁৱত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি আৰু জাতীয় ঐক্য মঞ্চৰ একত্ৰীকৰণ সমাৱেশত দলটো আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় দলটোত চামিল হয় আৰু ইয়াৰ লগে লগে অস্তিত্বহীন হৈ পৰিল এটা আঞ্চলিক দল।

Apply Now

দলটোৱে ২০১৩ চনত তিলা জাতীয় ঐক্য মঞ্চ নামেৰে আত্মপ্ৰকাশ কৰি পিছত “জাতীয় ঐক্য মঞ্চ” নাম লৈছিল মধ্য অসমৰ ৰাজনীতিত বিশেষ ভূমিকা লৈ আছিল।

মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত একত্ৰীকৰণ সমাৱেশত বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জাতীয় ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি তথা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে একত্ৰীকৰণৰ কথা ঘোষণা কৰে।

ঐক্য মঞ্চৰ নেতৃবৰ্গই দলীয় পতাকাও সমৰ্পণ কৰে বিজেপিক ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক।

“আজিৰে পৰা দুখনি হিয়া একেলগ হ’ল।“, বিজেপিত চামিল হোৱা বুলি ঘোষণা কৰি ৰমাকান্ত দেউৰীৰ মন্তব্য।

আনহাতে, আঞ্চলিক দলটোক বিজেপিৰ মাজত লীন নিওৱাৰ পিছত টুইটাৰত মন্ত্ৰী হিমন্ত বিশ্বৰ মন্তব্য, “ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰী ৰঞ্জিৎ কুমাৰ দাস, মন্ত্ৰী শ্ৰী পিযুষ হাজৰিকা আৰু সতীৰ্থ বিধায়কসকলৰ উপস্থিতিত মৰিগাঁৱত অনুষ্ঠিত বিজেপিৰ সৈতে জাতীয় ঐক্যমঞ্চৰ একত্ৰীকৰণৰ বিশাল গণসমাৱেশত অংশগ্ৰহণ কৰি আনন্দিত হৈছো৷ ইয়ে দলক শক্তিশালী কৰি অধিক উদ্যমেৰে ৰাইজৰ সেৱা কৰিবলৈ আমাক উৎসাহ যোগাব৷”

উল্লেখ কৰিব পাৰি যে মুখ্য মন্ত্ৰী সোণোৱালৰ নিৰ্দেশত যোৱা ২৯ মে’ত অসম চৰকাৰে ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ যুটীয়া সচিব বিভাষ মোদীক DW/731/Autonomous Council/2019/105 নং নির্দেশযোগে তিৱা স্বায়ত্ত পৰিষদৰ বিত্তীয় লেনদেনৰ তদন্ত কৰিবলৈ নির্দেশনা জাৰি কৰিছিল৷

তিৱা স্বায়ত্ত পৰিষদত পূৰ্বৰ মুখ্য কার্যবাহী ৰমাকান্ত দেউৰী (বৰ্তমান বিধায়ক) আৰু বর্তমানৰ তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী পৱন মান্তা উভয়ৰে দিনত কোটি কোটি টকাৰ অনিয়মৰ অভিযোগ আছে। শেহতীয়াকৈ পৱন মান্তা আৰু ৰমাকান্ত দেউৰীৰ মাজত সংঘাতে মূৰ দাঙি উঠে।

মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালে কেৱল ২০১৬-১৭ বর্ষ আৰু ২০১৭-১৮ বর্ষৰহে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া ঘটনাই তদন্ত প্রক্রিয়াটোক ৰহস্যৰ মাজলৈ ঠেলি দিছে।

অথচ ২০১২ চনৰ পৰা ২০১৬ চনলৈ ৰমাকান্ত দেউৰী তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য হৈ থকাৰ সময়ছোৱাত ব্যাপক দুৰ্নীতিৰ অভিযোগ আছিল। তিৱাসকলৰ জাতীয় বীৰ জোঙাল বলহুৰ প্রতিমূর্তি স্থাপনৰ নামত ৬০-৬৫ লাখ টকাৰ দুৰ্নীতিৰ উপৰি আন কেইবাটাও বহু লাখ টকীয়া কেলেংকাৰি দেউৰীৰ দিনতে সংঘটিত হৈছিল।

দুৰ্নীতিৰ তদন্তৰ পৰা বাচিবলৈকে ৰমাকান্ত দেউৰীয়ে তেওঁৰ দলটো বিজেপিত চামিল কৰাৰ সিদ্ধান্ত ল’লে নেকি- এনেকুৱা এটা প্ৰশ্নও তুলিছে স্থানীয় ৰাজনীতি সচেতন লোকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd