NORTHEAST NOW (Assamese)

অসমৰ তপন কুমাৰ ডেকাক আইবি প্ৰধান নিযুক্তি

June 24, 2022 5:47 pm · এন ই নাও নিউজ,গুৱাহাটী

জ্যেষ্ঠ আইপিএছ বিষয়া তপন কুমাৰ ডেকাক শুকুৰবাৰে অৰবিন্দ কুমাৰৰ ঠাইত ইণ্টেলিজেঞ্চ ব্যুৰো (আইবি)ৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে।

ইণ্টেলিজেঞ্চ ব্যুৰো (আইবি)ৰ মুৰব্বী অৰবিন্দ কুমাৰৰ বৰ্ধিত কাৰ্যকাল ৩০ জুনত শেষ হ’ব৷ অসমৰ বৰপেটা জিলাৰ বাসিন্দা তপন কুমাৰ ডেকা, তেজপুৰত ডাঙৰ-দীঘল হৈছিল৷

তেওঁ বৰ্তমান আইবিৰ অপাৰেচন শাখাটো চম্ভালি আছে৷ আজি কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এক চৰকাৰী নিৰ্দেশনা অনুসৰি তেওঁক দুবছৰৰ বাবে আইবিৰ নতুন সঞ্চালক হিচাপে দায়িত্ব দিয়া হৈছে। ডেকা ১৯৮৮ বেচৰ হিমাচল প্ৰদেশ কেডাৰৰ এজন আইপিএছ বিষয়া আৰু ইণ্টেলিজেঞ্চ ব্যুৰো (আইবি)ৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা উত্তৰ-পূবৰ প্ৰথমগৰাকী আৰক্ষী বিষয়া।

৫৮ বছৰীয়া ডেকাই বৰ্তমান আইবিৰ বিশেষ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ বৰ্তমান জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ দায়িত্বত আছে৷ ডেকাই বেছিভাগ ভাৰতীয় চোৰাংচোৱা ব্যুৰোৰ সৈতে কাম কৰিছে আৰু এনএছএ অজিত ডোভালৰ ঘনিষ্ঠ সহযোগী হিচাপেও তেওঁ পৰিচিত৷ তেওঁ ১৯৯৮ চনত ইন্টেলিজেন্স ব্যুৰোত যোগদান কৰা ডেকাক তেওঁক কেতিয়াও আৰক্ষীৰ পোছাকত দেখা পোৱা যোৱা নাই।

ডেকাই পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু এজন আছুৰ নেতা হিচাবেও জনপ্ৰিয় আছিল। তেওঁ তেওঁৰ প্ৰথম প্ৰচেষ্টাতে ভাৰতীয় আৰক্ষী সেৱা (আইপিএছ) ত সফলতা লাভ কৰিছিল।

Related News