DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

অথঃ গুপ্তচৰ সংবাদ : ৰাছিয়া- ইউক্ৰেইন যুদ্ধ ইত্যাদি

প্ৰদ্যুন্ম গগৈ by প্ৰদ্যুন্ম গগৈ
June 24, 2022 5:27 pm
148
VIEWS
Share on FacebookShare on Twitter

গুপ্তচৰ। ইংৰাজীত স্পাই। জনচক্ষুৰ অলক্ষিতে, মিডিয়াই ঢুকি নোপোৱাকৈ ঘটি থকা তথ্য- ঘটনাৱলীসমূহৰ সাক্ষী হৈ ৰয় এই গুপ্তচৰসকল। বিশ্বৰ ইতিহাস সলাই দিয়া ঘটনাৱলীসমূহত গুপ্তচৰসকলৰ সাংঘাটিক ভূমিকা আছে। গুপ্তচৰসকলৰ ৰোমাঞ্চকৰ অভিযানক লৈ আছে অলেখ কাহিনী। শেহতীয়াকৈ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তো এই গুপ্তচৰসকলৰ ভূমিকা চৰ্চাত আছে। যুদ্ধৰ সমান্তৰালভাৱে গুপ্তচৰসকলৰ কাণ্ড-কাৰখানাসমূহেও বাতৰিৰ শিৰোনাম দখল কৰিছে। চাওঁ আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।

কিছুদিন পূৰ্বে ইণ্টাৰনেচনেল ক্ৰিমিনেল কোৰ্ট, চমুকৈ আইচিচিক লৈ এটা চাঞ্চল্যকৰ বাতৰি প্ৰকাশ পাইছে। আইচিচিৰ মুখ্য কাৰ্যালয় আছে নেদাৰলেণ্ডৰ দ্যা হগ চহৰত। শেহতীয়া ইউক্ৰেইন যুদ্ধৰ বিচাৰ এই কাৰ্যালয়তে কৰি অহা হৈছে। কিন্তু বাতৰিৰ শিৰোনামা অনুসৰি যুদ্ধৰ বিচাৰ প্ৰক্ৰিয়াত ব্যাপক পৰিমাণে ৰাছিয়াৰ প্রভাৱ পৰিছে। ৰাছিয়াৰ গুপ্তচৰসকলে এই কাম অহৰহ কৰি আছে। নেদাৰলেণ্ড চৰকাৰে জনোৱা মতে, ভিক্টৰ মুলাৰ ফেৰেইৰা নামৰ নিজকে ব্ৰাজিলৰ নাগৰিক বুলি পৰিচয় দিয়া এজন লোকে আইচিচিৰ কাৰ্যালয়ত ইণ্টাৰ্নছিপ কৰিবলৈ আহিছিল। কিন্তু কৰ্তৃপক্ষই তেওঁক বাধা প্ৰদান কৰে। কাৰণ হৈছে লোকজন প্ৰকৃততে এজন ৰাছিয়াৰ চৰকাৰী স্পাই। আনকি তেওঁৰ নামটোও ভিক্টৰ মুলাৰ ফেৰেইৰা নহয়, বৰঞ্চ ভ্লাদিমিৰ’ভিছ চেৰকাচভহে!

উল্লেখ কৰিব পাৰি যে এইটো এটা অত্যন্ত তুলনামূলকভাৱে সৰু ঘটনাহে! ৰাছিয়াৰ গুপ্তচৰক লৈ এক সুদীৰ্ঘ ইতিহাস আছে। ৰাছিয়া আৰু পশ্চিমীয়া দেশসমূহৰ মাজত দশক দশক ধৰি সংঘাত চলি আহিছে। এফালে যদি কমিউনিষ্ট আদৰ্শৰ ছোভিয়েট ৰাছিয়া, আনফালে পুঁজিবাদী আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশসমূহ। ইয়াক শীতল যুদ্ধ বোলা হয়। অৰ্থাৎ যুদ্ধসদৃশ পৰিৱেশ। এই শীতল যুদ্ধ চলিছিল মূলতঃ ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুপ্তচৰসকলৰ মাজত। ছোভিয়েট ৰাছিয়াৰ গুপ্তচৰ সংস্থা আছিল কেজিবি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিআইএ। কেজিবিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তথ্য-পৰিকল্পনা চুৰি কৰাৰ বিপৰীতে চিআইএৰ লক্ষ্য হৈ পৰিছিল ছোভিয়েট ৰাছিয়াৰ আভ্যন্তৰীণ কূটনৈতিক পৰিকল্পন-ব্যৱস্থা-তথ্যসমূহ। এই ৰোমাঞ্চকৰ জগতখনক লৈ কেইবাখনো চিনেমাও নিৰ্মাণ হৈ আহিছে। ইয়াৰ উজ্জল উদাহৰণ হৈছে- জেমছ বণ্ড চিৰিজ। বণ্ড চিৰিজৰ প্ৰতিখন চিনেমাতে ছোভিয়েট ৰাছিয়া তথা কমিউনিষ্ট দেশসমূহক লক্ষ্য কৰি লোৱা হৈছিল। জেমছ বণ্ড নামৰ কাল্পনিক চৰিত্ৰটো আছিল পশ্চিমীয়া দেশসমূহৰ বিশ্বস্ত তথা সুচতুৰ গুপ্তচৰ।

এতিয়া ইউক্ৰেইন যুদ্ধৰ সময়ত পুনৰ এই গুপ্তচৰসকলৰ ভূমিকাক লৈ চৰ্চা চলিছে। ১৯৯১ চনত ছোভিয়েট ৰাছিয়া ভংগ হয় আৰু তেতিয়াই কেজিবিও ভংগ হয়। তাৰপাছত ৰাছিয়াৰ চোৰাংচোৱা বাহিনী গঠন কৰা হয়। তেতিয়াৰে পৰা এই চোৰাংচোৱা বাহিনীয়েই ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিশ্বস্ত কৰ্মী হিচাপে কাম কৰি আহিছে। পুটিনৰ প্ৰতিটো কূটনৈতিক সিদ্ধান্তত এই চোৰাংচোৱা বাহিনীয়ে পৰামৰ্শ দিয়ে, সম্ভাব্য বিপদ সম্পৰ্কে সংকেত প্ৰদান কৰে। পুটিনৰ চোৰাংচোৱা বাহিনী ইমানেই শক্তিশালী যে ই চাইবাৰ ক্ৰাইমতো অতি সিদ্ধহস্ত। আনকি ২০১৬ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনতো ৰাছিয়াৰ চোৰাংচোৱা বাহিনীয়ে হস্তক্ষেপ কৰিছিল। অভিযোগ অনুসৰি, পুটিনৰ এই হস্তক্ষেপৰ ফলতে ডেমক্ৰেটিক পাৰ্টিৰ হিলাৰী ক্লিণ্টনক পৰাভূত কৰি বিজয়ী হৈছিল ৰিপাব্লিকান পাৰ্টিৰ ডণাল্ড ট্ৰাম্প। পুটিনৰ চোৰাংচোৱা পশ্চিমীয়া দেশসমূহৰ চোকে-কোণে সিঁচৰিত হৈ আছে। তেওঁলোকে প্ৰতিটো কূতনৈতিক ঘটনাৰ বিষয়ে পুটিনক জনাই আহিছে।

শেহতীয়াকৈ জানিব পৰামতে, পশ্চিমীয়া দেশৰ ৰাজধানূীসমূহত থকা ৰাছিয়াৰ দূতাবাসসমূহৰ পৰা ৫০০ জনকৈ ৰাছিয়াৰ কূটনৈতিক বিষয়াক পুটিনে উভটাই নিছে। ই পশ্চিমীয়া দেশসমূহৰ চকু কপালত তুলিছে। তেওঁলোকৰ মতে, এই বিষয়াসকল কূটনীতিবিদ নহয়, বৰঞ্চ কূটনীতিবিদৰ মুখাৰ আঁৰত এওঁলোক একোজন গুপ্তচৰহে! এওঁলোকে পশ্চিমীয়া দেশসমূহৰ তথ্যসমূহ ৰাছিয়ালৈ প্ৰেৰণ কৰি আহিছে। তদুপৰি দেশসমূহৰ আভ্যন্তৰীণ বিষয়সমূহতো এওঁলোকে ব্যাপক হস্তক্ষেপ কৰি আহিছে। ইয়াৰ বিপৰীতে পশ্চিমীয়া গুপ্তচৰসকলে ৰাছিয়াত এইদৰে প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। বিশেষকৈ ২০১৪ চনৰ পৰা জাৰ্মানী, চেক ৰিপাব্লিক, ব্ৰিটেইন, বুলগেৰিয়া, ইউক্ৰেইন আদি দেশসমূহ ৰাছিয়াৰ গুপ্তচৰৰ ঘাটি হৈ পৰিছে। এতিয়া ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাত এওঁলোকক উভটাই নিয়া হৈছে! আনকি আমেৰিকা যুক্তৰাষ্ট্ৰতো এফবিআইয়ে এনেধৰণৰ বহুকেইজন ৰাছিয়ান গুপ্তচৰৰ সন্ধান লাভ কৰিছে।

উল্লেখ কৰিব পাৰি যে ৰাছিয়াৰ গুপ্তচৰসকলে যিদৰে বিশ্বজুৰি বিভিন্ন ধৰণে অভিযান চলাবলৈ সক্ষম হৈছে, তাৰ তুলনাত পশ্চিমীয়া গুপ্তচৰসকলে অনেক পিছ পৰি আছে। পশ্চিমীয়া দেশসমূহৰ মূৰৰ কামোৰণি হৈ আহিছে ৰাছিয়াৰ গুপ্তচৰসকল। কিন্তু ৰাছিয়ান গুপ্তচৰসকল কিয় ইমান পাৰদৰ্শী? ইয়াৰ কাৰণ হৈছে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন নিজেও এজন গুপ্তচৰ আছিল। জীৱনৰ এছোৱা সময় তেওঁ চোভিয়েট ৰাছিয়াৰ গুপ্তচৰ সংস্থা কেজিবিৰ বিষয়া হিচাপে কাম কৰি আহিছিল। এতিয়া তেওঁৰ নেতৃত্বতে ৰাছিয়াৰ গুপ্তচৰসকলে কাম কৰি অহা বুলি ক’ব পাৰি। মুঠৰ ওপৰত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমান্তৰালভাৱে গুপ্তচৰসকলৰ এই গোপন যুদ্ধ তীব্ৰ আকৰ্ষণীয় হৈ অহা বুলিব পাৰি!

Recent News

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd