• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতৰ মাধ্যমিকৰ ফলাফল: ৪৯খন বিদ্যালয়ৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা; অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে কি ব্যৱস্থা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:44 am
69
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি উচ্চতৰ মাধ্যমিক (এইচ এছ)ৰ ফলাফল ঘোষণাৰ পাছত অনুষ্ঠিত এক সংবাদ মেলত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে শিক্ষা ব্যৱস্থাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা ঘোষণা কৰে।

ব’ৰ্ডৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে কয় যে দুৰ্বল প্ৰদৰ্শনৰ বাবে ব’ৰ্ডে ৪৯খন বিদ্যালয়ৰ পঞ্জীয়ন (এফিলিয়েশ্যন) বাতিল কৰাৰ কথা চিন্তা কৰিছে। তেওঁ লগতে অনাগত বছৰবোৰত বৃহৎ পৰিৱৰ্তনৰ ইংগিত দি উল্লেখ কৰে যে এইবাৰৰ বৃত্তিমূলক পৰীক্ষাসমূহ শেষবাৰৰ বাবে অনুষ্ঠিত হৈছিল।

Apply Now

অহা দুদিনৰ ভিতৰত উত্তৰ লিপিৰ পুনৰ পৰীক্ষা প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলিও ব’ৰ্ডে অৱগত কৰে।

আন এক ডাঙৰ সিদ্ধান্তত ব’ৰ্ডে উল্লেখ কৰে যে দুটাতকৈ অধিক বিষয়ত অনুত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে কম্পাৰ্টমেণ্টেল ব্যৱস্থাৰ জৰিয়তে অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে নতুনকৈ নামভৰ্তি কৰিব লাগিব। ইয়াৰ উপৰিও নিৰ্দিষ্ট বিষয়ত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক দক্ষতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব, যিয়ে দক্ষতাভিত্তিক শিক্ষাক মূলসুঁতিৰ ব্যৱস্থাত একত্ৰিত কৰাৰ দিশত বিশেষ পদক্ষেপ হ’ব।

আনহাতে, এতিয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে উত্তীৰ্ণ হ’বলৈ প্ৰতিটো বিষয়ত নূন্যতম ৩৩% নম্বৰ লাভ কৰিব লাগিব। ব্যৱস্থাটোক কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ (চিবিএছই) নীতি-নিয়মৰ সৈতে একে কৰি তোলা হ’ব। দুসপ্তাহৰ পিছত ছাত্ৰ-ছাত্ৰীৰ বাবে পুনৰ নামভৰ্তি পৰ্টেল মুকলি কৰা হ’ব বুলিও ব’ৰ্ডে প্ৰকাশ কৰিছে।

বিদ্যালয়ৰ প্ৰদৰ্শনৰ বিষয়ে দোহাৰি ব’ৰ্ডে প্ৰকাশ কৰে যে ১০২খন চৰকাৰী বিদ্যালয় আৰু ২০৭খন ব্যক্তিগত বিদ্যালয়ে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (এইচ এছ এল চি) বেয়া ফলাফল প্ৰদৰ্শন কৰিছে।

পৰৱৰ্তী পদক্ষেপ হিচাপে এ এছ ই বিয়ে কয় যে ২০২৭ চনৰ পৰা কেবল কলা, বিজ্ঞান আৰু বাণিজ্য শাখাহে থাকিব। বিষয়সমূহ তিনিটা গোটত ভাগ কৰা হ’ব, আৰু কলা শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰুপ চিৰ পৰা অন্ততঃ এটা দক্ষতাভিত্তিক বিষয় ল’ব লাগিব, যাৰ ফলত দক্ষতা শিক্ষা আংশিকভাৱে বাধ্যতামূলক হ’ব।

বিদ্যালয়সমূহক এই পৰিৱৰ্তনসমূহ গুৰুত্বসহকাৰে লৈ ইয়াৰ সঠিক ৰূপায়ণ সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে ব’ৰ্ডে।

আন এক অনন্য পদক্ষেপ হিচাপে ব’ৰ্ডে লগতে ঘোষণা কৰে যে প্ৰয়াত সংগীতৰ কিংবদন্তি জুবিন গাৰ্গৰ উক্তিও শৈক্ষিক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd