NORTHEAST NOW (Assamese)

অসমৰ ৩৯ টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত দৰাচলতে কিমান শতাংশ হৈছিল ভোটদান? জনালে নিৰ্বাচন আয়োগে

April 2, 2021 8:57 pm · এন ই নাও নিউজ

১ এপ্ৰিলত ৰাজ্যৰ ১৩ খন জিলাৰ ৩৯ টা সমষ্টিত অনুষ্ঠিত দ্বিতীয়  পৰ্যায়ৰ নিৰ্বাচনত দৰাচলতে সামগ্ৰিক ভাবে কিমান শতাংশ ভোটদান হৈছিল সেই হাৰ আজি পুনৰ প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৩৯ টা সমষ্টিত হোৱা সামগ্ৰিক ভোটদানৰ হাৰ হৈছে ৮০.৯৬ শতাংশ।

উল্লেখ্য অসমৰ ৩৯ টা সমষ্টিৰ ১০,৫৯২ টা ভোট কেন্দ্ৰত আজি অনুষ্ঠিতি হয় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

যোৱানিশা ৮ বজালৈকে কেউটা সমষ্টিত হোৱা সামগ্ৰিক ভোটদানৰ হাৰ  ৭৬.৫২ শতাংশ বুলি নিশ্চিত কৰা হৈছিল। কিন্তু সকলো সমষ্টিৰ তথ্য বিশ্লেষণ কৰি আজি নিৰ্বাচন আয়োগে এই হাৰ ৮০.৯৬ বুলি ঘোষণা কৰে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় ৭৩ লাখ ভোটাৰে  ভোটাধিকাৰ সাৱস্ত্য কৰে।

বৈঠালাংচ’ত ৭৩.৩৭,ওদালগুৰিত ৭৫.৬০,নগাঁওত ৭৮.১০,বোকাজানত ৭৬.২৫,৮১.৫৩,জাগীৰোড ৭৮.৯০,যমুনামুখ ৬৩.৫৩কমলপুৰত ৭৩.১৫,মঙলদৈত ৭৮,মৰিগাঁওত ৮১.২৪,লামডিং ৬৯.৫২পানেৰী ৭৬.৫০,ৰহা ৭৮,ৰঙিয়া ৭৩.৬০, দলগাঁও ৮১.৭০বঢ়মপুৰ ৭৭,নলবাৰী ৮১.৫৩ শতাংশ ভোটদান হয়।কাছাৰৰ লক্ষীপুৰত সৰ্বনিম্ন ৭০.১২ শতাংশ ভোটদান হোৱাৰ লগতে মৰিগাঁও জিলাৰ লাহৰীঘাটত সৰ্বাধিক ৮৭.২৯ শতাংশ ভোটদান হৈছিল।

উল্লেখ্য ৰাজ্যৰ  ১৩ খন জিলাৰ ৩৯ টা সমষ্টিত কালি পুৱাৰে পৰা আৰম্ভ হৈছিল দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে আৰম্ভ হ’লেও বিভিন্ন স্থানত ইভিএমৰ বিসংগতি ঘটা পৰিলক্ষিত হৈছিল।

ইফালে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰথম তিনি ঘণ্টাত ভোটদানৰ হাৰ আছিল ১৭.৮১ শতাংশ।

অৰ্থাৎ ১০ বজালৈকে ভোটদানৰ হাৰ ১৭.৮১ শতাংশলৈ বৃদ্ধি পাইছে।

প্ৰথম দুঘণ্টাত অৰ্থাৎ ৯ বজালৈ ভোটদানৰ হাৰ আছিল ১০.৫১ শতাংশ।

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে ২৯ টা সমষ্টিৰ ৩৪৫ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী কৰে।

ইপিনে এগৰাকী বিজেপি নেতাৰ গাড়ীত ইভিএম উদ্ধাৰ হোৱাৰ পিছতে নিৰ্বাচন আয়োগে চাৰিজন নিৰ্বাচন কৰ্মীক আজি নিলম্বিত কৰে। একেদৰে ইভিএম কেইটা ব্যৱহাৰ হোৱা ৰাতাবাৰীৰকেন্দ্ৰটোত নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে।

Related News