• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১২৬ খন আসনবিশিষ্ট পঞ্চদশ অসম বিধানসভালৈ কেইগৰাকী মহিলা জনপ্ৰতিনিধি নিৰ্বাচিত হৈছে ?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2021 10:20 am
wc
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ অন্তত এক উদ্বেগজনক ছবিয়ে সচেতন মহলক হতাশ কৰি তোলা দেখা গৈছে।

১২৬ খন আসনবিশিষ্ট অসম বিধানসভালৈ এইবাৰ মাত্ৰ ৬ গৰাকী মহিলাহে নিৰ্বাচিত হৈছে।

Apply Now

যি সময়ত মহিলাৰ ৰাজনৈতিক প্ৰতিনিধিত্ব সুনিশ্চিত কৰিবলৈ ৩৩ শতাংশ আসন সৰংক্ষণৰ বাবে দাবী উত্থাপন হৈ আহিছে সেই সময়ত অসম বিধানসভাত মহিলাৰ প্ৰতিনিধিত্বৰ হাৰ ৪.৭ শতাংশলৈ নিম্নগামী হৈছে।

স্মৰ্তব্য যে বিগত চতুৰ্দশৰ বিধানসভাতো মহিলাৰ প্ৰতিনিধিৰ সংখ্যা সন্তোষজনক নাছিল। সেইবাৰ ৯১ গৰাকী মহিলাৰ প্ৰাৰ্থীৰ মাজৰ পৰা মাত্ৰ ৮ গৰাকী মহিলা প্ৰাৰ্থী নিৰ্বাচিত হৈছিল। যাৰ শতকৰা হাৰ আছিল মাত্ৰ ৬.৩ শতাংশ।

উল্লেখ্য যে এইবাৰ বিধানসভা নিৰ্বাচনতো ৰাজনৈতিক দলসমূহে মহিলাক প্ৰাৰ্থী দিয়াত কৃপনালি কৰা দেখা গৈছিল। ১২৬ টা সমষ্টিৰ ৯৬৪ গৰাকী প্ৰাৰ্থীৰ মাজত মাত্ৰ ৭৪ গৰাকী মহিলা প্ৰাৰ্থী আছিল, যাৰ শতকৰা হাৰ মাত্ৰ ৭.৮ শতাংশহে আছিল।

এইবাৰ ৭৪ গৰাকী মহিলা প্ৰাৰ্থীৰ মাজৰ পৰা যি ৬ গৰাকী মহিলা প্ৰাৰ্থী জয়ী হ’বলৈ সক্ষম হৈছে তেওঁলোকৰ তাৰ ভিতৰত মিত্ৰজোঁট বিজেপিৰ তিনিগৰাকী আৰু অসম গণ পৰিষদৰ এগৰাকী আনহাতে বিৰোধী দল কংগ্ৰেছৰ ২ গৰাকী মহিলা প্ৰাৰ্থী আছে।

স্মৰ্তব্য যে ২০০১ বৰ্ষত ১১.১ শতাংশ হাৰেৰে ৮৫ গৰাকী মহিলা প্ৰাৰ্থীৰ মাজৰ পৰা ১৪ গৰাকী মহিলা প্ৰাৰ্থী বিধানসভালৈ নিৰ্বাচিত হৈছিল।

এইবাৰ নিৰ্বাচিত মহিলা জনপ্ৰতিনিধিসকল হৈছে ক্ৰমে বিজেপিৰ অজন্তা নেওগ, সুমন হৰিপ্ৰিয়া আৰু নন্দিতা গাৰ্লোচা, অগপৰ ৰেণুপমা ৰাজখোৱা আৰু কংগ্ৰেছৰ নন্দিতা দাস আৰু শিৱামনি বৰা।

চতুৰ্থবাৰৰ বাবে বিজয়ী হোৱা পূৰ্বৰ কংগ্ৰেছ নেত্ৰী তথা মন্ত্ৰী অজন্তা নেওগে পুনৰবাৰ গোলাঘাট সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী বিতুপন শইকীয়াক ৯,৩২৫ টা ভোটৰ ব্যৱধান পৰাজিত কৰি বিধানসভালৈ নিৰ্বাচিত হৈছে।

উল্লেখ্য যে কংগ্ৰেছ আমোলৰ মন্ত্ৰী অজন্তা নেওগৰ স্বামী তথা কংগ্ৰেছী মন্ত্ৰী নগেন নেওগক ১৯৯৬ চনত আলফাই হত্যা কৰিছিল। ইয়াৰ পিছতে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অজন্তা নেওক ৰাজনীতিলৈ আনিছিল।

বিজেপিৰ প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তীৰ কন্যা সুমন হৰিপ্ৰিয়া দ্বিতীয়বাৰৰ বাবে হাজো সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে বিধানসভালৈ নিৰ্বাচিত হৈছে। সুমন হৰিপ্ৰিয়াই নিকটতম প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ দুলু আহমেদক ১৪,৩৬৪ টা ভোটত পৰাস্ত কৰিছে।

আনগৰাকী বিজেপিৰ মহিলা বিজয়ী প্ৰাৰ্থী হৈছে নন্দিতা গাৰ্লোচা। হাফলং(জনজাতি) বিধানসভা সমষ্টিৰ পৰা নিকটম প্ৰাৰ্থী কংগ্ৰেছৰ নিৰ্মল লাংথাছাক ১৮,৫৯৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি নন্দিতা গাৰ্লোচা পঞ্চদশ অসম বিধানসভালৈ নিৰ্বাচিত হৈছে।

টীয়কৰ পৰা অগপৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাই কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈক মাত্ৰ ১,৩৫০ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি পুনৰবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে।

ইফালে বকো(অনুসূচীত জাতি) বিধানসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰ বাবে নিৰ্বাচিত হৈছে কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাস।

বটদ্ৰৱা বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী আঙুৰলতা ডেকাক ৩২,৮২০ টা ভোটত পৰাস্ত কৰি বিজয়ী হৈছে কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰা। শিৱামনি বৰা হৈছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক কিৰণ বৰাৰ কন্যা।

উল্লেখ্য যে অসম বিধানসভালৈ দীৰ্ঘদিন ধৰি নিৰ্বাচিত হৈ অহা বিপিএফ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই এইবাৰ কোকৰাঝাৰ পশ্চিম সমষ্টিত ২০ হাজাৰো অধিক ভোটত পৰাজয় বৰণ কৰে।

Tags: Assam Election
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd