• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘জাতিধ্বংসী’ বিধেয়কৰ বিৰুদ্ধে আছু-২৮ জনগোষ্ঠীয় সংগঠনে কঁপালে ‘জাতীয় নায়ক’ৰ পদূলি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 8, 2018 6:17 pm
AASU vows to help Indians harassed in NRC update process

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মহানগৰীত আছুসহ ২৮ টা জনগোষ্ঠীয় সংগঠনৰ বিশাল প্ৰতিবাদৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা সময়ত জাতীয় অন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া ‘সৰ্বা দা’ অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ সভাপতি সৰ্বানন্দ সোণোৱালৰ পদূলিত আজি গৰজি উঠিল খোদ সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮ টা জাতীয়-জনগোষ্ঠীয় সংগঠনে। আজিৰ এই প্ৰতিবাদৰ বিষয় আছিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা।

সৰ্বানন্দ সোণোৱাল আজি ৰাজ্যৰ মুখ্য মন্ত্ৰী। কিন্তু জাতীয় সংগঠনৰ মজিয়াৰ পৰা জাতিৰ সংকটৰ সময়ত নেতৃত্ব দি ‘জাতীয় নায়ক’ৰ আখ্যা লাভ কৰা মুখ্য মন্ত্ৰী সোণোৱাল আজি নিমাত। সেয়ে ‘জাতীয় নায়ক’ক খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰশ্ন সোঁৱৰাবলৈ আজি দিচপুৰ পালেগৈ জাতীয়-জনগোষ্ঠীয় দল-সংগঠন সমুহ।

কেৱল মুখ্য মন্ত্ৰীয়েই নহয়, জাতীয় সংগঠনৰ মজিয়াৰ পৰা আহি আজি দিচপুৰত শাসনৰ গাদীত আছে বহুকেইজন মন্ত্ৰী আৰু বিধায়ক।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ৰাইজে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি থকাৰ পাছতো জাতীয় সংগঠনৰ মজিয়াৰ পৰা গৈ দিচপুৰ দখল কৰি খিলঞ্জীয়া ৰাইজৰ বিপৰীতে অৱস্থান কৰা জনপ্ৰতিনিধি সকলক উদ্দেশ্যি গ্ৰহণ কৰিলে ‘সকীয়নি বিক্ষোভ’।

দিচপুৰৰ গনেশ মন্দিৰৰ সমীপৰ গনেশ উদ্যানত সমবেত হৈ আছুসহ ২৮ জাতীয় জনগোষ্ঠীয় সংগঠনে অনুষ্ঠিত কৰিলে এখন প্ৰতিবাদী সভা। ইয়াৰ পাছতে দিচপুৰ লাষ্টগেইট অভিমুখে প্ৰতিবাদী সমদল উলিয়াই সহস্রাধিক প্ৰতিবাদকাৰীয়ে।

প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰি আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই একালৰ তেওঁৰ সতীৰ্থ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি কয়, ‘’সমগ্ৰ অসমৰ অঞ্চলে অঞ্চলে আন্দোলন চলিল। চানমাৰিৰ খেলপথাৰ, লতাশিল খেলপথাৰতো প্ৰতিবাদ হ’ল। সন্মানীয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আৰু মন্ত্ৰী-বিধায়কসকল আজি আমি সকলো খিলঞ্জীয়া, ভূমিপুত্ৰসকল দিচপুৰ পাইছো। আজি তেওঁলোক (জনপ্ৰতিনিধিসকল) দিচপুৰত বহি আছে, কিন্তু আমাৰ সকীয়নী যদি নুশুনে তেওঁলোকৰ চলাফুৰা বন্ধ হৈ যাব।‘

তেওঁ লগতে সৰ্বানন্দ সোণোৱালে ‘জাতিধবংসী’ বিধেয়কৰ সপক্ষে আছে নে নাই সেই কথা স্পষ্ট কৰিবলৈও দাবী জনায়।

‘’মুখ্য মন্ত্ৰী ডাঙৰীয়া, আপুনি কোৱা অসমৰ ৰাইজৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কাম আমি নকৰো বোলা বাক্যশাৰী আমি শুনিলো কিন্তু আমি আশ্বস্ত হোৱা নাই। আপুনি ৰাইজক শংকিত নহ’বলৈ কৈছে। কিন্তু আমি দিচপুৰত থিয় হৈ কৈছো অসমৰ খিলঞ্জীয়া মানুহ শংকিত হৈছো’’,- এইদৰে কয় সমুজ্বল ভট্টাচাৰ্যই।

একেদৰে, অসমৰ খিলঞ্জীয়া ৰাইজৰ হৈ জনপ্ৰতিনিধি সকলক নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে ওকালতি নকৰিবলৈ সকীয়াই দিয়ে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে।

বড়োৱে কয়, ‘’আপোনালোকে ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে যদি দিল্লীৰ ওচৰত দূৰ্বল হৈছে হৈ থাকক, কিন্তু অসমৰ ৰাইজক দূৰ্বল বুলি নাভাবিব। যদি দিল্লীৰ লগত যুঁজ দিব নোৱাৰো বুলি ভাবি লৈছে তেনেহ’লে মনে মনে থাকক। কিন্তু অসমীয়াৰ হৈ বিধেয়কখনৰ সপক্ষে ওকালতি কৰিবলৈ আপোনালোকক অসমৰ খিলঞ্জীয়া ৰাইজে লাইচেন্স দিয়া নাই।‘’

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰৱৰ্তনৰে কেন্দ্ৰীয় চৰকাৰে কৰা ষড়যন্ত্ৰৰ বিপক্ষে যুঁজিবলৈ সুত্ৰ বিচাৰি নোপোৱাটো অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলৰ অসফলতা আৰু অজ্ঞানতাৰহে পৰিচায়ক বুলি প্ৰমোদ বড়োৱে মন্তব্য কৰে।

তেওঁ লগতে মুখ্য মন্ত্ৰীক সকীয়াই দি তেওঁ কয়, ‘’আপুনি আগ্নেয়গিৰিৰ ওপৰত থিয় হৈ আছে। ব্ৰহ্মপুত্ৰ পানীৰ তলত কিমান ধাৰ আছে সেয়া ওপৰত চালে দেখা নাপাব।‘’

জাতীয় সংগঠনৰ পৰা গৈ দিচপুৰত শাসনৰ গাদী দখল কৰা জনপ্ৰতিনিধিসকলে আজি অসমৰ জাতি-ধৰ্মৰ ভেদা-ভেদহীন পৰিবেশৰ কথা পাহৰি ধৰ্মীয় মেৰুকৰণেৰে সংখ্যাগৰিষ্ঠতাৰ ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে বুলিও মন্তব্য কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেণ সিং ৰাভাই। তেওঁ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিক উচিত প্ৰত্যুত্বৰ দিবলৈও আহ্বান জনায়।

আজিৰ এই সকীয়নী বিক্ষোভতে বিজেপি বিধায়ক শিলাদিত্য দেব, এটা বাঙালী সংগঠনৰ নেতা সুকুমাৰ বিশ্বাসকে ধৰি কেইবাজনেও বিতৰ্কিত মন্তব্য কৰি থকাৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈও বহুকেইজন জাতীয়-জনগোষ্ঠীয় নেতাই অসন্তুষ্টি প্ৰকাশ কৰে।

একে প্ৰসংগতে আলোচনাপন্থী আলফা নেতা মৃনাল হাজৰিকা আৰু জীতেন দত্তই খিলঞ্জীয়া ৰাইজৰ হৈ মাত মতাৰ বাবেই গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা কাৰ্যক ধিক্কাৰ দিয়ে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে।

এই সকীয়নী বিক্ষোভত মিচিং, কাৰ্বি, তিৱা, গাৰো, টাই আহোম, মৰাণ, মটক, মদাহী, চাহ জনগোষ্ঠীকে ধৰি ২৮ টা জনগোষ্ঠীৰ সংগঠনৰ উপৰিও সদৌ অসম কৰ্মচাৰী পৰিষদ, সদৌ অসম কেন্দ্ৰীয় আৰু অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰী পৰিষদকে ধৰি কেইবাটাও সংগঠনে অংশ গ্ৰহণ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd