বিজ্ঞানৰ চমক! বৃহত্তম কৃষ্ণগহ্বৰৰ সন্ধান পোৱাৰ দাবী বিজ্ঞানীৰ

ফটোঃ সংগ্ৰহীত।

আমাৰ হাতীপটি (মিল্কি ৱে) তাৰকাৰাজ্যত আটাইতকৈ ডাঙৰ কৃষ্ণগহ্বৰ পোৱা বুলি দাবী কৰিছে বিজ্ঞানীসকলে। ইয়াৰ ভৰ আমাৰ সূৰ্য্যৰ ৩৩ গুণ অধিক। ইমান দিনে ইয়াৰ আৱিষ্কাৰ হোৱা নাছিল। মঙলবাৰে প্ৰকাশিত এক গৱেষণা পত্ৰত ফ্ৰান্সৰ গৱেষকসকলে এই তথ্য প্ৰকাশ কৰিছে।

নতুনকৈ আৱিষ্কৃত কৃষ্ণগহ্বৰটোৰ নাম গিয়া বি এইচ ৩। পেৰিছৰ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ নেশ্যনেল চেণ্টাৰ ফৰ চাইন্টিফিক ৰিচাৰ্চৰ (চিএনআৰএছ) জ্যোতিৰ্বিজ্ঞানী পাস্কুৱেল পানুজোৱে কয় যে বিজ্ঞানীসকলে যথেষ্ট আকস্মিকভাৱে এই কৃষ্ণগহ্বৰটো আৱিষ্কাৰ কৰিছে। ইউৰোপীয় মহাকাশ সংস্থাৰ গিয়া অভিযানে সংগ্ৰহ কৰা তথ্য বিশ্লেষণ কৰিবলৈ যাওতে ইয়াৰ সন্ধান পোৱা গৈছে।

গিয়া মিছনে মূলতঃ আমাৰ হাতীপটি তাৰকাৰাজ্যৰ মানচিত্ৰ নিৰ্মাণৰ কাম কৰিছিল। এতিয়া ই পৃথিৱীৰ পৰা ২০০০ আলোকবৰ্ষ দূৰত্বত থকা একুইলা গ্ৰহাণু থুপত BH3 নামৰ এটা কৃষ্ণগহ্বৰ চিনাক্ত কৰিছে। গিয়া টেলিস্কোপে মূলতঃ আকাশত কোনো তৰাৰ সঠিক অৱস্থান ধৰা পেলাব পাৰে। এই তথ্যৰ পৰা জ্যোতিৰ্বিজ্ঞানীসকলে তৰাৰ কক্ষপথ, ইয়াৰ ভৰ আৰু অদৃশ্য সংগীক বিচাৰি উলিয়াব পাৰে।

লগতে পঢ়কঃ DD News: সকলোৰে অজানিতে নিশাৰ ভিতৰতে গেৰুৱাকৰণ হ’ল দূৰদৰ্শন!

গিয়া টেলিস্কোপৰ তথ্য বিশ্লেষণ কৰি কৃষ্ণগহ্বৰৰ স্থান চিনাক্ত কৰাৰ পিছত বিজ্ঞানীসকলে ভূপৃষ্ঠীয় দূৰবীণ ব্যৱহাৰ কৰি ইয়াৰ অস্তিত্ব নিশ্চিত কৰিছে।

পানুজোৱে এক সংবাদ বিজ্ঞপ্তিযোগে কয় যে, “কোনোৱে ভবা নাছিল যে ইমান বৃহৎ কৃষ্ণগহ্বৰ আমাৰ ইমান ওচৰত আৱিষ্কাৰ নোহোৱাকৈয়ে থাকিব পাৰে। এনে আৱিষ্কাৰ কৰাৰ সুযোগ কাৰোবাৰ গৱেষণা জীৱনত এবাৰহে আহে। বিজ্ঞানীসকলে কৃষ্ণগহ্বৰটোক প্ৰদক্ষিণ কৰি থকা সংগী তৰাটোৰ দোলন পৰ্যবেক্ষণ কৰি কৃষ্ণগহ্বৰৰ অস্তিত্বৰ বিষয়ে অনুমান কৰিবলৈ ধৰে।”

পানুজোৱে কয় যে আমি আমাৰ সূৰ্য্যতকৈ অলপ সৰু আৰু উজ্জ্বল তৰা এটাই অদৃশ্য সংগীক প্ৰদক্ষিণ কৰা দেখিছিলোঁ।

লগতে পঢ়কঃIPL 2024: নাৰিনৰ শতকেৰে বিশাল স্কোৰ কৰিও RRৰ হাতত পৰাজিত KKR; বাটলাৰৰ অবিশ্বাস্য ইনিংছ

গিয়া বি এইচ ৩ মূলতঃ এটা নক্ষত্ৰীয় কৃষ্ণগহ্বৰ বা ষ্টেলাৰ ব্লেকহোল। মূলতঃ তৰা এটাৰ জীৱনকাল শেষ হ’লে তাৰ পতনৰ ফলত এনে এটা কৃষ্ণগহ্বৰৰ সৃষ্টি হয়। কিন্তু অতিবৃহৎ কৃষ্ণগহ্বৰতকৈ ইহঁতৰ ধৰ্ম বেলেগ। আন অতিবৃহৎ কৃষ্ণগহ্বৰ গঠনৰ কাৰণ জানিব পৰা হোৱা নাই। এনে অতিবৃহৎ কৃষ্ণগহ্বৰ ইতিমধ্যে অতি দূৰৈৰ তাৰকাৰাজ্যত মহাকৰ্ষণীয় তৰংগৰ দ্বাৰা ধৰা পেলাব পাৰি। কিন্তু পানুজোৱে কয় যে আমাৰ তাৰকাৰাজ্যত এনে কোনো কৃষ্ণগহ্বৰ ধৰা পৰা নাই।