• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাৰ উপসৰ্গ দেখা নিদিয়া ৰোগীক কেনেদৰে চিকিৎসা কৰা হয় ?

"৪ টা ভিটামিন B COMPLEX টেবলেট খাই কোভিডক জয় কৰি আহি মই নথৈ আনন্দিত"

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 22, 2020 6:56 pm
Covid death toll in Assam reaches 930

প্ৰতিনিধিত্বমূলক ফটো।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বজুৰি মহামাৰী কৰ’না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ অসমতো প্ৰতিদিনে হাজাৰৰ ঘৰত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে যদিও অধিক শতাংশ ৰোগী কম দিনৰ ভিতৰতে সুস্থ হৈ ঘৰলৈ উভতিছে।

ময়ো এগৰাকী কৰ’নাত  আক্ৰান্ত ৰোগী আছিলো যদিও কৰ’না ভাইৰাছৰ কোনো লক্ষণে দেহত দেখা দিয়া নাছিল অৰ্থাৎ মই Asymptomatic ৰোগী আছিলো।

Apply Now

ইতিমধ্যে, স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কেইবাখনো সংবাদমেলত আই চি য়ুত ৰখা তথা অধিক লক্ষণে দেখা দিয়া ৰোগীক কিদৰে চিকিৎসা প্ৰদান কৰা হয় সেই সম্পৰ্কে জনাই আহিছে।

শেহতীয়াকৈ যোৰহাটত তেওঁ মই কৰা বাতৰিৰ পাছত মোক তুচ্ছ-তাচ্ছিল্য কৰিবলৈ গৈ তেওঁ মোক ভিতৰত প্ৰায় ৪০ হাজাৰ টকাৰ চিকিৎসা সেৱা পায়ো বা ডাক্তৰ-নাৰ্চে নিজৰ জীৱন বিপন্ন কৰি চিকিৎসা কৰিলে তাৰ পাছতো মই ধন্যবাদ জনোৱাৰ পৰিবৰ্তে খাদ্য বিচৰা বুলি উল্লেখ কৰিলে।

“ভিতৰত চিকিৎসা কৰিবলৈ ৪০ হাজাৰ টকা দিলো; ডাক্তৰ নাৰ্চে নিজৰ জীৱন বিপন্ন কৰি চিকিৎসা কৰিলে ওলাই গৈ ধন্যবাদ নাই আকৌ সাতদিনৰ খোৱা বিচাৰে।” এই মন্তব্য আছিল স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

মই চিকিৎসা সেৱা প্ৰদান কৰা সকলো চিকিৎসক-নাৰ্ছক ইতিমধ্যে চিকিৎসালয়ৰ পৰা ওলাই অহাৰ পাছত ধন্যবাদ জনাই অহাৰ উপৰিও ফেচবুকযোগেও তেওঁলোকক ধন্যবাদ জনাইছিলো।

সেয়েহে মাননীয় স্বাস্থ্য মন্ত্ৰী মহোদয়ৰ কথাৰ আঁত ধৰি অন্য কেইটামান কথা ক’বলৈ ওলাইছো।

যদিও মোৰ কোনো জ্বৰ-কাহ বা চৰ্দি নাছিল তথাপি গুৱাহাটীত হোৱা ভয়ংকৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মই ১ জুলাইৰ দিনা স্বাৱ টেষ্ট কৰাইছিলোঁ। মোৰ লগতে ৰুমৰ কাষৰ দাদা ভাইটিয়েও স্বাৱ টেষ্ট কৰায়।

তাৰ পাছত ৰিজাল্টৰ অপেক্ষাত মই আৰু দাদা ভাইটি ৬ দিন কোঠাতে আছুতীয়াকৈ কটাবলগীয়া হ’ল।

স্বাৱ টেষ্ট কৰোৱাৰ ছয় দিন পাছত অৰ্থাৎ ৬ জুলাইৰ দিনা স্বাস্থ্য বিভাগৰ পৰা ফোন কৰি জনোৱা হ’ল আমাৰ তিনিওৰে কোভিড-১৯ পজিটিভ।

তেতিয়াৰে পৰা আমাৰ পৰিচয় কৰ’না আক্ৰান্ত ৰোগী।

৬ জুলাইৰ বিয়লি প্ৰায় ৫ বজাত স্বাস্থ্য বিভাগৰ পৰা ফোন কৰি জনোৱা হ’ল পাছদিনা পুৱাৰ ভাগত সাজু হৈ থাকিব লাগে। স্বাস্থ্য বিভাগৰ এম্বুলেঞ্চ আহিব আৰু আমাক লৈ যাব।

তেওঁলোকৰ নিৰ্দেশ মতেই পাছদিনা পুৱাৰ ভাগত চিকিৎসালয়লৈ যাবলৈ ৰুমৰ ভাইটিৰ সৈতে সাজু হৈ আছিলো।

অ’ এইখিনিতে আৰু এটা কথা মনত পৰিছে, ৬ জুলাইৰ নিশাৰ ভাগতে ৰুমৰ দাদাক সংবাদ প্ৰতিষ্ঠানটোৰ ফালৰ পৰা ঠিক কৰি দিয়া এম্বুলেঞ্চত লৈ যোৱা হ’ল উত্তৰ গুৱাহাটীৰ আমিনগাঁওস্থিত IIT গুৱাহাটীলৈ।

আমি ৭ জুলাইৰ পুৱাৰ ভাগত চিকিৎসালয়লৈ যাবলৈ নিজকে সাজু কৰি ৰৈ আছিলো যদিও সেইদিনা বিয়লি প্ৰায় ৩:৩০ বজাতহে স্বাস্থ্য বিভাগৰ এম্বুলেঞ্চ আহিল। মোকে আৰু ভাইটিকে লৈ যোৱা হ’ল জালুকবাৰিস্থিত আয়ুৰ্বেদিক মেডিকেল’ কলেজলৈ।

এতিয়া ক’ব বিচাৰিছো চিকিৎসালয়ৰ ভিতৰত আমাক কেনেদৰে ৰখা হৈছিল বা কিদৰে চিকিৎসা কৰা হৈছিল।

মই আৰু ভাইটি বিয়লি প্ৰায় ৪:৩০ বজাত চিকিৎসালয়খনত উপস্থিত হওঁ। দুয়ো নাম পঞ্জীয়ন কৰাও আৰু চিকিৎসালয়খনৰ 1D B-১২০ ত মই আৰু 1D B-১১৯ নং বিচনা আমাক দিয়া হয়।

চিকিৎসালয়খনত উপস্থিত হোৱাৰ পাছত আমাক চাহ আৰু কেক খাবলৈ দিয়া হয়।

এগৰাকী স্বাস্থ্য কৰ্মীয়ে আহি আমাক ৰাতিলৈ ৰুটি খাম নে ভাত খাম সুধি গ’লহি।

আমি দুজনে ভাত খাম বুলি তেওঁক জনালো।

তাৰ পিছৰ পৰা বিচনাখনকে সাৰথি কৰি লৈ কিতাপ পঢ়া, গান শুনা, প্ৰয়োজনীয় খবৰসমূহ মই কৰ্মৰত পৰ্টেলত যোগান ধৰা ইত্যাদিৰে পাৰ কৰিলো।

নিশা ভাত খাই শোৱাপাটীত পৰিবলৈ লোৱাৰ পাছতে চিকিৎসক আৰু নাৰ্ছ আহিল আমাৰ কোঠালৈ।

আমাৰ কোঠাটো ৬ খন বিচনাযুক্ত আছিল আৰু তাত ৬ গৰাকী লোক চিকিৎসাধীন হৈ আছিলো।

আমাৰ কোঠালৈ চিকিৎসক আৰু নাৰ্ছ আহি আমাক স্বাস্থ্য পাতি কেনেকুৱা সুধিলে আৰু নিশাৰ আহাৰ কেনে হৈছে সুধিলে।

আমি স্বাস্থ্যৰ কোনো সমস্যা বৰ্তমানলৈকে পোৱা নাই বুলি কোৱাৰ লগতে যোগান ধৰা খাদ্য অতি সুন্দৰ বুলি জনালো।

তেতিয়াই তেওঁলোকে আমাক VITAMIN B-COMPLEX টেবলেট দি গ’ল আৰু প্ৰত্যেকদিনাই এটাকৈ খাবলৈ পৰামৰ্শ দিলে।

ইয়াৰোপৰি, তেওঁলোকে কোঠাত থকা প্ৰত্যেকৰে অক্সিজেন পৰীক্ষা কৰিলে আৰু আটাইকেইজনৰে ৯৭-৯৯ শতাংশ আছিল যিটো তেওঁলোকে Normal বুলি গণ্য কৰিলে।

দৈনিক দুই-তিনিবাৰকৈ সেই প্ৰক্ৰিয়া চলি থাকিল।

খাদ্যৰ ক্ষেত্ৰত আমাক কি কি যোগান ধৰা হ’ল সেয়া উল্লেখ নকৰি নোৱাৰি। পুৱা ৮-৮৩০ বজাৰ ভিতৰত ব্ৰেড-কণী বা লুচি-পুৰি কণী, দুপৰীয়া সাজ মাছ বা মাংসৰে আৰু ৰাতিৰ সাজ নিৰামিষ আছিল। খাদ্যৰ ক্ষেত্ৰত মোৰ ক’বলগীয়া একো নাই কিয়নো খাদ্যসমূহ খাই বিশেষ বেয়া লগা নাছিল।

আমাৰ বাবে যিহেতু এক্সট্ৰা কেবিন নাছিল গতিকে শৌচ-প্ৰসাৱ কৰিবৰ বাবে আৰু গা ধুৱাৰ বাবে ৰোগীসকলৰ উমৈহতীয়া লেট্ৰিন বাথৰুম আছিল।

চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰা তিনিদিন পাছত ৰুমৰ আটাইৰে তেজৰ নমুনা সংগ্ৰহ কৰিলে। কিন্তু আজি পৰ্যন্ত সেই পৰীক্ষা কিয় কৰিলে গম নাপালো।

১১ জুলাইৰ দিনা মোক আৰু ভাইটিৰ প্ৰথম স্বাৱ পৰীক্ষাৰ পৰা ১০ দিন উকলি যোৱাৰ বাবে দ্বিতীয়তো স্বাৱ এন্টিজেন টেষ্টৰ মাধ্যমৰে কৰে আৰু ফলাফল নিগেটিভ অহাত আমাক চিকিৎসালয়ৰ পৰা সেইদিনাই যাবলৈ দিয়া হয়।

জীৱনৰ প্ৰথমবাৰলৈ চিকিৎসালয়ত দীৰ্ঘ সময়ৰ বাবে কোভিড ৰোগী হিচাপে কটাই মিঠা অভিজ্ঞতা লৈ ৰুমলৈ উভতিলো।

চিকিৎসালয় কৰ্তৃপক্ষৰ নিয়ম মানিয়ে আমি বৰ্তমানো হোম কোৱাৰেন্টাইন হৈ আছো। অহা ২৫ জুলাইত সমাপ্ত হ’ব ১৪ দিনীয়া কোৱাৰেন্টাইনৰ সীমা।

স্বাৱ টেষ্ট কৰোৱাৰ পৰা বৰ্তমানলৈকে চাৰিদিন চাৰিটা মাত্ৰ ভিটামিন B-COMPLEX টেবলেট আৰু কেইটামান টেষ্টৰ জৰিয়তে কোভিড জয় কৰি অহাৰ বাবে মই নথৈ আনন্দিত। সেয়েহে চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে স্বাস্থ্য বিভাগক এই সুযোগতে  পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলো।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd