অৱশেষত ঘৰ পালেহি আলফা (স্বা)এ অপহৰণ কৰি নিয়া অপূৰ্ব কাকতি

Apurba Kakoty

অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই আজি নিজ গৃহত উপস্থিত হ’লহি তিনিচুকীয়া জিলাৰ জাগুনৰ আৰক্ষী চকীৰ অন্তৰ্গত দহমাইলৰ পৰা অপহৰণ হোৱা শিলভঙা উদ্যোগৰ কৰ্মচাৰী তথা ডিগবৈ ৰামনগৰ নিৱাসী যুৱক অপূৰ্ব কাকতি।

উল্লেখযোগ্য যে যোৱা মঙলবাৰে অৰুণাচল-ম্যানমাৰ সীমান্তত আলফা স্বাধীনে মুকলি কৰি দিয়া অপূৰ্বই অৰুণাচলৰ ঘন অৰণ্যত বাট হেৰুৱাই হাবিৰ মাজত আৱদ্ধ হৈ পৰিছিল।

ইয়াৰ পিছত অসম ৰাইফলছে আজি যুৱকজনক জাগুন আৰক্ষীক চমজাই দিয়াৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত অপূৰ্ব কাকতীয়ে কয় যে কালি হাবিৰ মাজৰ এজোপা গছত তেওঁ নিশাটো কটোৱাৰ পিছত আজি চাংলাং জিলাৰ নামপং থানাৰ অন্তৰ্গত লংকা নামৰ গাওঁ‌খনৰ গাওঁ‌বাসীৰ সহযোগত অৰণ্যৰ পৰা আহি গাঁওখনত উপস্থিত হয়।

পৰৱৰ্তী সময়ত ১৩ নং অসম ৰাইফলছৰ দলে অপূৰ্বক গাওঁখনৰ পৰা উদ্ধাৰ কৰি আনি অৰুণাচলৰ জয়ৰামপুৰ আৰক্ষীক চমজাই দিয়ে। পিছত জয়ৰামপুৰ আৰক্ষীয়ে তেওঁক জাগুন আৰক্ষীৰ হাতত চমজাই দিয়ে।

ভুল বুজাবুজিৰ ফলতেই আলফা স্বাধীনে তেওঁক অপহৰণ কৰি নিছিল বুলি অপূৰ্বই সাংবাদিকক জানিবলৈ দিয়ে।

আনহাতে অপূৰ্ব কাকতিক উদ্ধাৰৰ বাবে যোৱা অসম আৰু অৰুণাচল আৰক্ষীৰ দলটোক অসম ৰাইফলছে অভব্য আচৰণ কৰাৰ এক অভিযোগ উঠিছে।

লংকা গাঁ‌ৱত আজি উপস্থিত হোৱা তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ নেতৃত্বত যোৱা অসম আৰু অৰুণাচল আৰক্ষীৰ দলটোক ১৩ নং অসম ৰাইফলছে অভব্য আচৰণ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰাপ্ত তথ্য মতে অসম আৰু অৰুণাচল আৰক্ষীৰ দলটোক ১৩ নং অসম ৰাইফলছে জয়ৰামপুৰৰ ১৭ মাইলস্থিত তালাচী চকীত আৱদ্ধ কৰি গেট পাৰ হৈ যাবলৈ দিয়া নাছিল।