আয়াৰলেণ্ডৰ পেট্ৰ’ল পাম্পত ভয়ংকৰ বিস্ফোৰণত নিহত কমেও ১০ জন

ফটো: সংগৃহীত।

At least 10 killed in an explosion at a petrol station আয়াৰলেণ্ডৰ এটা পেট্ৰ’ল পাম্পত সংঘটিত হোৱা এক ভযংকৰ বিস্ফোৰণত কমেও ১০ জন লোক নিহত হৈছে। এই ঘটনাত আন সাতজন লোক আহত হৈছে। তেওঁলোকৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি কোৱা হৈছে।

শুকুৰবাৰে ক্ৰিছলোৰ কাউণ্টিৰ ডনেগাল গাঁৱৰ এপলগ্ৰীণ চাৰ্ভিচ ষ্টেচনত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।

লগতে পঢ়ক: ইউক্ৰেইন জয়ৰ দায়িত্ব বায়ুসেনাক দিলে পুটিনে; আক্ৰমণ আৰম্ভ কৰিলে নতুন ৰুছ যুদ্ধ বিমানে

বিস্ফোৰণটোত এটা অট্টালিকা আৰু এটা এপাৰ্টমেণ্ট ব্লকৰ অংশবিশেষ ধ্বংসপ্ৰাপ্ত হয়। আইৰিছ আৰক্ষীয়ে জানিবলৈ দিয়ে যে মৃতসকলৰ ভিতৰত চাৰিজন পুৰুষ আৰু তিনিগৰাকী মহিলা, এগৰাকী কিশোৰ আৰু এগৰাকী কিশোৰীৰ লগতে এগৰাকী কম বয়সীয়া যুৱতীও আছে।

ফটো: সংগৃহীত।

আইৰিছ প্ৰধানমন্ত্ৰী মাইকেল মাৰ্টিনে বিস্ফোৰণটোক এক “বৃহৎ ক্ষতি” বুলি বৰ্ণনা কৰিছে। শনিবাৰে সন্ধিয়া ঘটনাস্থলী ভ্ৰমণৰ সময়ত তেওঁ কয়, “যি ঘটিছে তাৰ বাবে সমগ্ৰ দেশ শোকাহত।‘’