NORTHEAST NOW (Assamese)

ভয়ংকৰ পৰিস্থিতি! কৰ’না পৰীক্ষাৰ বাবে লাইনত থিয় হৈ থাকোতেই কমেও ১৫জনৰ মৃত্যু

December 26, 2020 1:21 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

যিবোৰ স্থানত কৰ’নাৰ পৰিস্থিতি অতি উদ্বেগজনক তাত কৰ’না পৰীক্ষা কৰিবৰ বাবে মানুহৰ মাজত ভীষণ তৎপৰতা হোৱাটো স্বাভাৱিক।

কিন্তু এনেধৰণে কৰ’না পৰীক্ষাৰ বাবে আতুৰ হৈ পৰাৰ বাবে দক্ষিণ আফ্ৰিকা-জিম্বাবুৱে সীমান্তত অপেক্ষাৰত লোকৰ দীঘলীয়া শাৰী দেখা গৈছে।

আন্তৰ্জাতিক সংবাদমাধ্যমৰ বাতৰি অনুসৰি, যোৱা কেইদিনমানত এনেদৰে লাইনত অপেক্ষাৰত কমেও ১৫জন লোকৰ মৃত্যু ঘটিছে।

খ্ৰীষ্টমাছৰ ছুটীত দক্ষিম আফ্ৰিকাত প্ৰৱেশৰ বাবে আগ্ৰহীসকলৰ কৰ’না পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। কিন্তু বিশাল সংখ্যক লোকৰ নমুনা পৰীক্ষাৰ বাবে বহুত সময়ত লাগি গৈছে।

সেয়েহে, সীমান্ত অঞ্চলত মানুহৰ ভিৰ বৃদ্ধি পাইছে। কেইবা কিলোমিটাৰ জুৰি দেখা গৈছে ট্ৰাক তথা গাড়ীৰ লাইন। এনে পৰিস্থিতিত সীমান্ত অঞ্চলত বহু লোক অসুস্থ হৈ পৰিছে। তদুপৰি, সীমান্তত চিকিৎসা ব্যৱস্থাৰো অভাৱ।

উল্লেখ্য যে বিশ্বত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ৮কোটিলৈ বৃদ্ধি পাইছে। সেইদৰে মুঠ মৃত্যুৰ সংখ্যা ১৭লাখ ৫৬হাজাৰ অতিক্ৰম কৰিছে।

Related News