আন এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তেলেংগানাত। ভুল পথেৰে অহা এখন তীব্ৰবেগী ট্ৰাকে সোমবাৰে পুৱা পোনপটীয়াকৈ এখন চৰকাৰী বাছত খুন্দা মাৰে। এই ঘটনাত ১৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ১০ জন আহত হয়।
বাতৰি অনুসৰি, ছাভেল মণ্ডলৰ খানাপুৰ গেটৰ সমীপত চৰকাৰী বাছখনত খুন্দা মাৰে ট্ৰাকখনে। ভুল পথেৰে অতি তীব্ৰ বেগেৰে আহি আছিল ট্ৰাকখন। চাইবেৰাবাদ কমিছনাৰেট এলেকাত এই দুৰ্ঘটনাত কেইবাজনো যাত্ৰীৰ থিতাতে মৃত্যু হয়।
জানিব পৰা মতে, এই সংঘৰ্ষ ইমানেই তীব্ৰ আছিল যে বাছখনৰ ভঙা অংশসমূহ ওচৰৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ পৰে। এই ঘটনাই অঞ্চলটোত বিশৃংখলতা আৰু আতংক বিয়পাই দিয়ে।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, স্থানীয় বাসিন্দাৰ সহায়ত আৰক্ষীয়ে ধ্বংসাৱশেষৰ পৰা আহতসকলক উদ্ধাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। জৰুৰীকালীন সেৱাৰ কৰ্মীসকলে দ্ৰুতগতিত কাম আৰম্ভ কৰিছে। আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।
প্ৰশাসনে জনোৱা মতে, আহত কেইবাজনো লোকৰ অৱস্থা সংকটজনক। উদ্ধাৰ অভিযান চলি থকাৰ বাবে পথটোত যান-বাহন চলাচল ব্যাহত হৈ পৰে।
তেলেংগানাৰ পৰিবহণ মন্ত্ৰী পুন্নম প্ৰভাকৰে এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি নিহত পৰিয়ালক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে। তেওঁ আহতসকলৰ চিকিৎসাৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে বুলিও কয়।
ইতিমধ্যে দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। তদন্তকাৰীয়ে প্ৰাথমিকভাৱে ধাৰণা কৰে যে ভুল পথেৰে অহাৰ বাবেই বিপৰীত দিশৰ পৰা অহা বাছখনত খুন্দা মাৰে ট্ৰাকখনে।





