ৰাসায়নিক কাৰখানাত ভয়াবহ বিস্ফোৰণ; ১৭ জনৰ মৃত্যু, আহত কমেও ৪০ জন

ফটোঃ সংগ্ৰহীত।

অন্ধ্ৰ প্ৰদেশত সংঘটিত বিস্ফোৰণ কাণ্ডত মৃতকৰ সংখ্যা ক্ৰমে বৃদ্ধি পাইছে। বুধবাৰে অন্ধ্ৰ প্ৰদেশৰ আনকাপল্লীৰ এটা ৰাসায়নিক কাৰখানাত সংঘটিত বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পাইছে। স্থানীয় বিষয়াসকলে এই কথা সদৰী কৰিছে।

জিলা উপায়ুক্ত বিজয়া কৃষ্ণনে জনোৱা মতে, আনকাপল্লী জিলাৰ আচুথাপুৰমৰ এচিন্টিয়া এডভান্সড চাইন্স প্ৰাইভেট লিমিটেডত বুধবাৰে দুপৰীয়া প্ৰায় ২:৩০ বজাত এক বিস্ফোৰণ সংঘটিত হয়।

তেওঁ জনায়, ‘ফেক্টৰীটোত দুটা শ্বিফটত ৩৮১ জন শ্ৰমিকে কাম কৰে। দুপৰীয়াৰ আশে-পাশে হঠাতে বিস্ফোৰণটো সংঘটিত হয়। সেয়ে কৰ্মচাৰীৰ উপস্থিতি কম আছিল।‘ জিলা উপায়ুক্তগৰাকীয়ে বিদ্যুতৰ বিজুতিৰ বাবেই বিস্ফোৰণ সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে।

লগতে পঢ়কঃ নাৰী নিৰ্যাতনত অভিযুক্ত দেশৰ ১৫১গৰাকী সাংসদ-বিধায়ক; ১৬গৰাকীৰ বিৰুদ্ধে আছে ধৰ্ষণৰ গোচৰ

শেহতীয়া খবৰ অনুসৰি, বিস্ফোৰণত কমেও ৪০ জন লোক আহত হয় আৰু তেওঁলোকক চিকিৎসাৰ বাবে আনাকাপল্লী আৰু আচুথাপুৰমৰ বিভিন্ন চিকিৎসালয়লৈ স্থানান্তৰিত হয়। উদ্ধাৰ কামৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ ৬ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত মোতায়েন কৰা হয়। অৱশ্যে আহত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

সংবাদ মাধ্যমৰ আগত জিলা উপায়ুক্তগৰাকীয়ে কয় যে ইউনিটটোত আবদ্ধ হৈ থকা ১৩ জন লোকক উদ্ধাৰ কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। এক প্ৰেছ বিজ্ঞপ্তিত মুখ্যমন্ত্ৰীয়ে চৰকাৰ মৃত শ্ৰমিকসকলৰ পৰিয়ালৰ কাষত থকাৰ আশ্বাস দিয়ে।

লগতে পঢ়কঃ খেলৰ মাজতে খেলপথাৰৰ কোণত প্ৰস্ৰাৱ কৰি আছিল ফুটবলাৰে! ৰঙা কাৰ্ড দেখুৱালে ৰেফাৰীয়ে (চাওক ভিডিঅ’)

বিস্ফোৰণ সংঘটিত হোৱা কাৰখানাটোৰ নাম এচেন্সিয়া এডভান্সড চাইন্সেছ। ২০০ কোটি টকাৰ বিনিয়োগেৰে ২০১৯ চনৰ এপ্ৰিল মাহত ইয়াৰ উৎপাদন আৰম্ভ হয়। অন্ধ্ৰ প্ৰদেশ ঔদ্যোগিক আন্তঃগাঁথনি নিগমৰ (এপিআইআইচি) বহু উৎপাদন বিশেষ অৰ্থনৈতিক মণ্ডল (এছইজেড)ৰ ৪০ একৰ চৌহদত অৱস্থিত কাৰাখানটো। যোৱা বছৰ আনকাপল্লী জিলাৰ চাহিত্যি ফাৰ্মাৰ এটা ইউনিটৰ ছলভেণ্ট ৰিয়েক্টৰত সংঘটিত অনুৰূপ বিস্ফোৰণত দুজন নিহত আৰু ৫জন আহত হৈছিল।