এপাৰ্টমেণ্ট খহি পৰিল, মৃত্যু হ’ল ১৮ জনকৈ লোকৰ, ২৪জন আঘাতপ্ৰাপ্ত, ক’ত?
এটা এপাৰ্টমেণ্ট খহি কমেও ১৮জনকৈ লোকৰ মৃত্যু হৈছে।
ইয়াৰ উপৰিও আঘাতপ্ৰাপ্ত হৈছে ২৪ জন।
ঘটনাটো সংঘটিত হৈছে ইজিপ্টৰ ৰাজধানী চহৰ কাইৰোত।
শনিবাৰে পুৱা প্ৰায় ৩ বজাত দুৰ্ঘটনাটো সংঘটিত হৈছে চহৰখনৰ এল-চালাম অঞ্চলত।
আঘাতপ্ৰাপ্তসকলক হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে।
বৰ্তমানলৈকে কিয় বিল্ডিংটো খহি পৰিল, সেই বিষয়ে জনা হোৱা নাই।