• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শাকেৰে মাছ ঢকাৰ চেষ্টা: বিজ্ঞাপনৰ চমকেৰে হতাশা গোপন কৰাৰ প্ৰয়াস বিজেপিৰ!

ভোট বন্দী হৈ আছে ইভিএমত, তথাপি বিজেপিয়ে কিদৰে গম পালে নিশ্চিত জয়ৰ কথা?

দুলাল মিশ্ৰ by দুলাল মিশ্ৰ
March 28, 2021 3:41 pm
BJP Ad(2)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কেই ঘণ্টামানৰ পিছতে বিজেপিয়ে ৰাজ্যৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতত অতি কৌশলী ভাবে প্ৰকাশ কৰা এটা বিজ্ঞাপনে এতিয়া বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিজেপিয়ে প্ৰকাশ কৰা বিয়াগোম বিজ্ঞাপনটোত স্পষ্ট ভাবে কোৱা হৈছে—‘বিজেপিৰ কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীৰ মাজত বিপুল উৎসাহ।উজনিৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ নিশ্চিত জয়’।

Apply Now

পাঠকেে প্ৰথম দৃষ্টিত বিজ্ঞাপনৰ সলনি এটা সাধাৰণ শীৰ্ষ সংবাদ বুলি ভাবিবলৈ বাধ্য হোৱা এই বিজ্ঞাপনেৰে বিজেপিয়ে সাধাৰণ ভোটাৰৰ লগতে পাঠক সকলকো বিভ্ৰান্ত কৰিব বিচৰা বুলি এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

কালি ৰাজ্যৰ ৪৭ টা সমষ্টিত অনুষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৭৭ শতাংশৰো অধিক ভোটদান হোৱাৰ কথাই ভোটদানৰ প্ৰতি যে সাধাৰণ ভোটাৰৰ আগ্ৰহ  বাঢ়িছে সেই কথা প্ৰমাণ কৰিলে।

কিন্তু বিজেপিয়ে উজনিৰ আটাইকেইটা সমষ্টিতে জয় নিশ্চিত বুলি কিদৰে জানিলে সেয়াহে বহুতৰে বাবে এক নুবুজা সাঁথৰ হৈ পৰিছে।

যদি উজনিৰ আটাইকেইটা সমষ্টিতে জয় নিশ্চিত বুলি বিজেপিয়ে ধাৰণা কৰি ল’বই পাৰিছে তেন্তে সেই কথা আকৌ নতুনকৈ ৰাইজক কৌশলী বিজ্ঞাপন প্ৰকাশ কৰি জনাবলগীয়া হ’ল কিয়?

বিজেপিৰ এনে শাকেৰে মাছ ঢাকিব বিচৰাৰ কৌশলে এতিয়া বহুতকে স্তম্ভিত কৰি তুলিছে।

কালি সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণৰ পিছত ইভিএম সমূহ নিয়ম অনুসৰি ষ্ট্ৰং ৰূমত ৰখা হ’ল।

সেয়ে কোন সমষ্টিত কোন ভোটাৰে কোন দলৰ প্ৰাৰ্থীক ভোট দিলে সেয়া জনাৰ সাধ্য কাৰোৰেই নাই।

ইমানৰ পিছতেো বিজেপিয়ে কি তথ্যৰ ভিত্তিত উজনিৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ জয় নিশ্চিত বুলি প্ৰচাৰ চলালে বাৰু।

এনে প্ৰচাৰৰ জৰিয়তে উজনিত গেৰুৱা দলটোৰ প্ৰতি সমষ্টি বিশেষে আহি পৰা অনিশ্চয়তাকেই ঢাকি ৰখাৰ চেষ্টা চলালে নেকি দলটোৱে?এই প্ৰশ্ন এতিয়া বহুতৰে মুখে মুখে।

নে এনে কৌশলী প্ৰচাৰৰ জৰিয়তে বিজেপিয়ে আহি থকা আন দুটা পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰক প্ৰভাৱাম্বিত কৰাৰ চেষ্টা চলাইছে?

উল্লেখ্য উজনিত এইবাৰ দুটাকৈ নৱ গঠিত ৰাজনৈতিক দল আৰু কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই গেৰুৱা দলটোৰ ৰাজনৈতিক অংকত বহু পৰিমাণে আউল লগাব পাৰে বুলি বিভিন্ মহলত আলোচনা হৈছে।

সেয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীকে ধৰি দলটোৰ বাঘা বাঘা নেতাসকলে বাৰে বাৰে অসমলৈ আহি প্ৰচাৰ চলোৱা দেখা গৈছিল।

২০১৬ৰ বিধানসভা  নিৰ্বাচনৰ সময়ত অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় নেতাসকল যিমান বাৰ আহিছিল তাতকৈ বহু বেছি বাৰ ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে  আহিছে।

এনেবোৰ ঘটনাক্ৰমে উজনিত যে বিজেপিয়ে ভোট হেৰুওৱাৰ আশংকাত ভুগিছিল সেয়া স্পষ্ট কৰি দিয়া বুলি বহুতে আলোচনা কৰিছে।

দুলাল মিশ্ৰ

দুলাল মিশ্ৰ

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd