সুৰা নিষিদ্ধ বিহাৰ! উৎসৱৰ সময়ত বিষাক্ত সুৰা সেৱন কৰি ২০ জন লোকৰ মৃত্যু; চিকিৎসালয়ত ভৰ্তি বহুতো

প্ৰতিনিধিত্বমূলক ফটো।

বিহাৰত সুৰা নিষিদ্ধ। সেই ৰাজ্যতে বিষাক্ত সুৰা পান কৰি মৃত্যু ঘটিছে বহু লোকৰ।  এই উৎসৱৰ সময়ত সুৰা সেৱনৰ ফলত এতিয়ালৈকে ২০ জন লোকৰ মৃত্যু হৈছে। বহুতেই অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে। এই ঘটনাই পুনৰবাৰ সমগ্ৰ ৰাজ্যখনতে যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছে।

বাতৰি অনুসৰি, বুধবাৰে ছাপ্ৰা জিলাৰ ছিৱান আৰু সাৰণত বিষাক্ত সুৰা সেৱন কৰি ৬ জন লোকৰ মৃত্যু হয়। ১৪ জন লোকক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

বৃহস্পতিবাৰে পুৱা বিষাক্ত সুৰা সেৱন কৰি ২০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে যে কেনেকৈ বিষাক্ত সুৰা বিক্ৰী হৈ আছে।

লগতে পঢ়কঃ ১৯৭১ চনেই থাকিব ভিত্তিবৰ্ষ, নাগৰিকত্ব আইনৰ ৬এ ধাৰাৰ বৈধতা অক্ষুন্ন ৰাখিলে উচ্চতম ন্যায়ালয়ে

ইতিমধ্যে এই ঘটনাত আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল গঠন কৰিছে। এই পৰ্যন্ত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ৮জন লোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। আৰক্ষী সূত্ৰ অনুসৰি ভগবনপুৰ থানাৰ এছ এইচ অ’ৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে ২০১৬ চনৰ এপ্ৰিল মাহত নীতিশ কুমাৰৰ চৰকাৰে বিহাৰত সুৰাপান আৰু সুৰাৰ বিক্ৰী নিষিদ্ধ কৰিছিল। কিন্তু তথাপিও বিষাক্ত সুৰাপান কৰি মৃত্যুৰ সংখ্যা অব্যাহত আছে। ২০২২ চনত সাৰণত বিষ সেৱন কৰি ৭৩ জন লোকৰ মৃত্যু হৈছিল। শেহতীয়াকৈ বিহাৰ চৰকাৰে জনাইছে যে ৰাজ্যত মদ নিষিদ্ধ কৰাৰ পিছতো মদ্যপান কৰি ১৫০ জন লোকৰ মৃত্যু হৈছে।

লগতে পঢ়কঃ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নাম ছুপাৰিশ কৰিলে ডি ৱাই চন্দ্ৰচুড়ে; পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব সঞ্জীৱ খান্না

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কৈছে যে যিহেতু সুৰা সেৱন নিষিদ্ধ, গতিকে এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ আৰ্থিক ক্ষতিপূৰণ নিদিয়ে।