আৰক্ষী আৰু গেংষ্টাৰৰ মাজত প্ৰচণ্ড গুলিয়াগুলি, মৃত্যুমুখত পৰিল ২৫ জন লোক, ক’ত?

(ফটো : ৰয়টাৰ্ছ)

উত্তপ্ত হৈ উঠিল ব্ৰাজিলৰ অন্যতম প্ৰাণকেন্দ্ৰ ৰিঅ’ ডি জেনেইৰো।

বৃহস্পতিবাৰে ৰক্তাক্ত হৈ পৰিল চহৰখনৰ জাকেয়াৰজিনহো অঞ্চলৰ বাটপথ।

আৰক্ষী আৰু গেংষ্টাৰৰ মাজত গুলিয়াগুলিত প্ৰাণ গ’ল এজন আৰক্ষীসহ ২৫জন লোকৰ।

মৃতসকলৰ মাজত গেংষ্টাৰৰ উপৰিও সাধাৰণ মানুহো আছে বুলি আশংকা কৰা হৈছে।

এই লৈ বিশ্বজুৰি আলোড়নৰ সৃষ্টি হৈছে।

এমনেষ্টি ইণ্টাৰনেচনেলকে ধৰি কেইবাটাও মানৱাধিকাৰ সংগঠনে ঘটনাটোক নিন্দা কৰিছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী, চহৰখনৰ সেই অঞ্চল নিচাযুক্ত দ্ৰব্যৰ চোৰাং সৰবৰাহকাৰীসকলৰ বাবে স্বৰ্গৰাজ্য।

অঞ্চলটোত থকা গেংষ্টাৰসকলৰ ওপৰত নানাধৰণৰ হত্যা, অপহৰণৰ অভিযোগ আছে।

আনকি অঞ্চলটো আৰক্ষীৰ অনুসন্ধানৰ বাবেও জটিল।

তথাপিও বৃহস্পতিবাৰে অঞ্চলটোত আৰক্ষীয়ে অভিযান চলায়।

অভিযানত হেলিকপ্টাৰো ব্যৱহাৰ কৰা হয়।

আৰক্ষীৰ এই বৃহৎ অভিযানৰ খবৰ পাই গেংষ্টাৰসকলে পলাবলৈ ধৰে।

লগালগ আৰম্ভ হয় গুলিয়াগুলি।

মৃত্যুমুখত পৰে ২৫জন লোক।

আন্দ্রে লিওনার্দো দে মেলো ফ্রিয়াস নামৰ এজন আৰক্ষীৰো মৃত্যু হয়।

তদুপৰি অনেক লোক আঘাটপ্ৰাপ্ত হয়।

এই ঘটনাৰ ফলত সমগ্ৰ অঞ্চলটো উত্তপ্ত হৈ পৰিছে।

অনেক বাসিন্দাই অঞ্চলটো এৰি যোৱাৰ পৰিকল্পনা কৰিছে।