দিল্লীত সংঘটিত এক ভয়াবহ অগ্নিকাণ্ডত ২৭ জন লোকৰ মৃত্যু হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ সূত্ৰ অনুসৰি, মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হ’ব পাৰে। পশ্চিম দিল্লীৰ মুণ্ডকা মেট্ৰ’ ষ্টেচনৰ ওচৰৰ এটা বহুমহলীয়া অট্টালিকাত নিশা অগ্নিকাণ্ডটো সংঘটিত হয়।
ক্ষিপ্ৰতাৰে জুই বিয়পি পৰাৰ লগে লগে ভৱনটোৰ ভিতৰত লোকসকল আৱদ্ধ হৈ পৰে। পশ্চিম দিল্লীৰ মেট্ৰ’ ষ্টেচনৰ ওচৰৰ বাণিজ্যিক ভৱনটোৰ এটা মহলাত প্ৰথমে জুই লাগে।
লগতে পঢ়ক: জম্মুত তীৰ্থযাত্ৰী কঢ়িওৱা বাছত অগ্নিকাণ্ড: চাৰিজনৰ মৃত্যু, ২০ জনৰো অধিক লোক আহত
আৰক্ষীসূত্ৰই জনোৱা অনুসৰি, ঘটনাটোত ১২ জন লোক গুৰুতৰভাৱে আহত হয় আৰু তেওঁলোক সকলোকে স্থানীয় সঞ্জয় গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ কেইবাজনো লোকৰ অৱস্থা সংকটজনক।
জুই ভৱনটোৰ দুটা মহলালৈ বিয়পি পৰাৰ ফলত ওপৰৰ মহলাত থকা লোকসকল আৱদ্ধ হৈ পৰে। তেওঁলোকক তৎপৰতাৰে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা হয়। অঞ্চলটোত এক বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাটোত ভৱনটোৰ গৰাকীক গ্ৰেপ্তাৰ কৰিছে।
অগ্নি নিৰ্বাপক বাহিনীৰ সূত্ৰ অনুসৰি, শনিবাৰে আবেলি ৪.৪০ বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ২৪ খন অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা চলায়।
লগতে পঢ়ক: অনিশ্চয়তাত মাস্কৰ টুইটাৰ ক্ৰয়ৰ চুক্তি: ৪৪ বিলিয়ন ডলাৰৰ টুইটাৰ চুক্তি স্থগিত
দিল্লী আৰক্ষীয়ে এক বিবৃতিত কয় যে বহুমহলীয়া বাণিজ্যিক ভৱনটোত কেইবাটাও কোম্পানীৰ কাৰ্যালয় আছে। অট্টালিকাটোত কেনেকৈ জুই লাগিল তাৰ অনুসন্ধান চলাই থকা হৈছে। অট্টালিকাৰ প্ৰথম মহলাৰ পৰা জুই বিয়পিছিল। জুই এটা চিচিটিভি কেমেৰা আৰু এটা ৰাউটাৰ নিৰ্মাণ কোম্পানীৰ কাৰ্যালয়ৰ পৰা বিয়পি পৰিছিল।