ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে সংৰ্ঘষত শীৰ্ষ নেতাকে ধৰি নিহত ২৯ জন মাওবাদী

ফাইল ফটোঃ সংগ্ৰহীত।

লোকসভা নিৰ্বাচনৰ ৩ দিন পূৰ্বে নিৰাপত্তা বাহিনীয়ে মাওবাদী দমন অভিযানত ডাঙৰ সফলতা লাভ কৰিছে। ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হৈছে কমেও ২৯ জন মাওবাদী।

বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত এই কথা প্ৰকাশ পাইছে। প্ৰত্যাক্ৰমণত ৩জন নিৰাপত্তাৰক্ষী আহত হোৱা বুলি কোৱা হৈছে। অৱশ্যে আনুষ্ঠানিকভাৱে নিৰাপত্তাৰক্ষীয়ে হতাহতৰ সংখ্যা ঘোষণা কৰা নাই।

সূত্ৰ অনুসৰি, মৃত ২৯জন মাওবাদীৰ ভিতৰত মাওবাদীৰ শীৰ্ষ নেতা শংকৰ ৰাওৱো আছে। এই শংকৰ আছিল কংকৰ জিলাৰ শীৰ্ষ মাওবাদী কমাণ্ডাৰ। তেওঁৰ মূৰৰ দাম ২৫ লাখ টকা নিৰ্দ্ধাৰণ কৰা হৈছিল। মাওবাদীৰ তিনিজন শীৰ্ষ নেতা নিহত হৈছে বুলিও জানিব পৰা গৈছে। ঘটনাস্থলীৰ পৰা বহু গুলী আৰু এ কে ৪৭ উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়কঃ ৰাজপুতক জোকাই লৈ বিপদত বিজেপি : ৰাজপুত ছাত্ৰীক অসভ্য ব্যৱহাৰ বিজেপি প্ৰাৰ্থীৰ

সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি মঙলবাৰে দুপৰীয়াৰ ভাগত বিএছএফ আৰু জিলা সংৰক্ষিত বাহিনীয়ে (ডিআৰএফ)যৌথ অভিযান আৰম্ভ কৰে। মাওবাদীকক দমন কৰিবলৈ ২০০৮ চনত এই জিলা সংৰক্ষিত বাহিনী গঠন কৰা হৈছিল।

এই অভিযান মূলতঃ ছত্তীশগড়ৰ কংকৰ জিলাৰ জংঘলত এই অভিযান চলোৱা হয়। যৌথ অভিযানত ২৯ জন মাওবাদী নিহত হয়। বাতৰি অনুসৰি, কেৱল এইখন কংকৰ জিলাতে প্ৰায় ৬০ হাজাৰ জোৱান নিয়োজিত হৈ আছে।

উল্লেখ্য যে ৩ দিন পিছতে ছত্তীশগড়কে ধৰি সমগ্ৰ দেশতে আৰম্ভ হব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। অৱশ্যে এই কংকন জিলাত ভোটগ্ৰহণ দ্বিতীয় পৰ্যায়ত আছে। ইয়াৰ পূৰ্বে সতৰ্কতামূলক ব্যৱস্থা হিচাপে মাওবাদী অধ্যুষিত অঞ্চলত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাইছে।