NORTHEAST NOW (Assamese)

ৰক্তাক্ত ম্যানমাৰত দপদপাই জ্বলিল চীনৰ উদ্যোগ ,সেনাৰ গুলিত নিহত ৩৯ জন

March 15, 2021 6:50 am · এন ই নাও নিউজ

শেহতীয়াকৈ  শাসনৰ ভাৰ কাঢ়ি লোৱাৰ পিছত কালিৰ দিনটোতে ম্যানমাৰৰ সেনাই মানৱতাক অৱনত কৰা আটাইতকৈ ভয়ংকৰ ঘটনাটো সংঘটিত কৰিলে।

দেশ খনৰ লাইংথায়া নামৰ অঞ্চলটোত থকা চীনৰ কেইবাটাও বস্ত্ৰ উদ্যোগত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কতৰাৰ পিছতে সেনাই প্ৰতিশোধ ল’বলৈ ৩৯ জনকৈ প্ৰতিবাদকাৰীক কুকুৰ-মেকুৰীৰ দৰে গুলীয়াই হত্যা কৰিছে।

লাইংথায়া ঔদ্যোগিক অঞ্চলত থকা চীনৰ চাৰিটা বস্ত্ৰ উদ্যোগ আৰু এটা সাৰ কাৰখানাত প্ৰতিবাদকাৰীয়ে জুই লগাই দিয়াৰ ফলত সমগ্ৰ অঞ্চলটো ঘন ক’লা ধোঁৱাই ছানি পেলাইছে।

ইয়াৰ মাজতে উক্ত  স্থানত সেনা উপস্থিত হৈ কোনো বাচ-বিচাৰ নকৰাকৈয়ে প্ৰথমে ২২ জন প্ৰতিবাদকাৰীক আৰু পিছত ১৭ জন প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰে।

উল্লেখ্য ম্যানমাৰত সামৰিক জুণ্টাই ক্ষমতা হস্তগত কৰি সাধাৰণ লোকৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি নিয়াৰ লগতে অবৰ্ণনীয় অত্যাচাৰ চলাই গৈছে।

এতিয়ালৈকে দেশ খনত সেনাই ১০০ জনৰো অধিক প্ৰতিবাদকাৰীক হত্যা কৰিছে।

ম্যানমাৰত সেনাৰ এনে অত্যাচাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘকে ধৰি প্ৰায় সংখ্যক পশ্চিমীয়া দেশেই মাত মাতিছে যদিও চীনে এই বিষয়ত এটা টু শব্দও উচ্চাৰণ কৰা নাই।

চীনৰ এনে মৌনতাৰ বাবেই লাইংথানত থকা চীনৰ উদ্যোগত ম্যানমাৰৰ প্ৰতিবাদকাৰীয়ে অগ্নি সংযোগ কৰিছে।

ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদে  ম্যানমাৰৰ সেনাবাহিনীক ক্ষান্ত হ’বলৈ আবেদন কৰাৰ পাছতে সেনাবাহিনীয়ে এই হিংসাত্মক পন্থা হাতত লৈছে।

মানৱ অধিকাৰ সংস্থা এমনেষ্টী ইন্টাৰনেচনেলে দেশখনৰ সেনাবাহিনীয়ে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকলৰ ওপৰত যুদ্ধৰ কৌশল প্ৰয়োগ কৰা বুলি অভিযোগ কৰিছে।

”আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছিলো।” চহৰখনৰ এজন প্ৰতিবাদকাৰীয়ে কয়- ”তেওঁলোকে যে এয়া কৰিব পাৰিলে মই বিশ্বাসেই কৰিব নোৱাৰো।”

উল্লেখযোগ্য ১ ফেব্ৰুৱাৰীত দেশখনৰ নেত্ৰী আং চান ছ্যু ক্যীক অপসাৰণ কৰি সেনাবাহিনীয়ে অভ্যুত্থানৰ জড়িয়তে জুণ্টা চৰকাৰ গঠন কৰাৰ পাছতে ম্যানমাৰ প্ৰতিবাদত মুখৰ হৈ পৰিছে।

এতিয়ালৈকে ১০০জনৰো অধিক প্ৰতিবাদকাৰী মৃত্যুমুখত পৰাৰ উপৰি ২,১৫০জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

দেশখনৰ সেনাবাহিনীয়ে তেওঁলোকৰ এই অভ্যুত্থানটোক ন্যাযতা প্ৰদান কৰি কৈছে ছ্যু ক্যীৰ দল নেচনেল লীগ ফৰ ডেমক্ৰেছিয়ে নৱেম্বৰত হৈ যোৱা সাধাৰণ নিৰ্বাচনত জালিয়াতি কৰি বিজয় সাৱ্যস্ত কৰাৰ বাবে তেওঁলোকে শাসনভাৰ নিজৰ হাতলৈ নিছে।

তদুপৰি সেনাবাহিনীয়ে ছ্যু ক্যীৰ বিৰুদ্ধে দুৰ্নীতিৰো অভিযোগ তুলিছে।

Related News