• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামুলপুৰত বিজেপিৰ পতাকা খুলি পেলালে ইমানুৱেলৰ সমৰ্থক তথা বিজেপি কৰ্মীয়ে

হিমন্ত বিশ্ব মুর্দাবাদ ধ্বনি দিলে বিজেপি কৰ্মীয়েই

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 15, 2021 7:06 am
a ema
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ ৫৮ নম্বৰ তামুলপুৰ বিধান সভা সমষ্টিটো বিজেপি দলে মিত্ৰ দল ইউপিপিএলক এৰি দিয়াৰ লগে লগে তামুলপুৰত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখযোগ্য যে বিপিএফ দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ইমানুৱেল মোছাহাৰীয়ে বিপিএফ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছিল ।

Apply Now

বিজেপিত যোগদান কৰিয়েই দিনে নিশাই বিজেপিৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ বাবে সামষ্টিত অহৰহ কাম কৰি আহিছে ।

এইবাৰৰ বিধান সভা নিৰ্বাচনত ৫৮ নং  তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ পৰা  দলীয় টিকট বিচাৰি ৰাজ্যিক বিজেপিৰ ওচৰত আবেদন দাখিল কৰিছিল ইমানুৱেল মোছাহাৰীয়ে আৰু  বিজেপিৰ প্ৰাৰ্থিত্ব পোৱাৰ ক্ষেত্ৰত ইমানুৱেল মোছাহাৰী প্ৰৱল আত্মবিশ্বাসী হৈ আছিল ।

কিন্তু তামুলপুৰ সমষ্টিত বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থীত্ব প্ৰদান নকৰি সমষ্টিটো ইউপিপিএল দলক এৰি দিয়ে ।

এই খবৰ পোৱাৰ পিছত ৰাবিবাৰে তামুলপুৰত বিজেপি দলৰ নেতা-কৰ্মী সকলৰ মাজত তীব্ৰ  প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । ৰবিবাৰে আবেলি তামুলপুৰস্থিত ইমানুৱেল মোছাহাৰীৰ বাসগৃহত উপস্থিত হৈ  তেওঁৰ একাংশ সমৰ্থক উত্তেজিত হৈ পৰে ।

তেওঁৰ সমৰ্থকসকলে ইমানুৱেল মোছাহাৰী জিন্দাবাদ , বিজেপি মূর্দাবাদ , বিজেপি গ’ বেক, হিমন্ত বিশ্ব গ’ বেক  আদি ধ্বনি দি তামুলপুৰৰ পৰিবেশ উত্তাল কৰি তোলে ।

সমৰ্থক সকলে ইমানুৱেল মোছাহাৰীৰ বাসগৃহত থকা বিজেপি দলৰ পতাকা সমূহো খুলি পেলায়।  ইপিনে সংবাদ মধ্যমৰ  আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইমানুৱেল মোছাহাৰীয়ে কয় – মই এতিয়াও আশাবাদী যে দলৰ ৰাজ্যিক নেতৃত্বই বন্ধুত্বমূলকভাৱে ইউপিপিএল দলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লব আৰু মোকেই প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব।

দলৰ নেতা-কৰ্মীৰ লগতে মইও বহু আশা কৰিছিলোঁ প্ৰাৰ্থীত্ব পাম বুলি।  বিগত ৩৬৫ টা দিনত দিনে নিশাই বিজেপিৰ সাংগঠনিক ভেঁটি মজবুত কৰাৰ বাবে মই কাম কৰি আহিছোঁ আৰু মোৰ সামান্য আয়ৰ যি সাঁচতীয়া ধন আছিল সেয়াও দলীয় কাম কাজত শেষ কৰিছোঁ।

তেওঁ পুনৰ কয়-  কেৱল টিকটেই নহয়, সমগ্ৰ বিটিচিত পৰিৱৰ্তন আনিম বুলি বিগত এটা বছৰে কাম কৰিলোঁ।

বিটিচিত পৰিৱৰ্তনো আহিল।  যদিও মই নতুন বিজেপিৰ কাৰ্যকর্তা,  তথাপি মোৰ লগত সাত আঠ বছৰে, দহ বছৰে কাম কৰি থকা পুৰণি বিজেপিও আছে। মই টিকট নোপোৱাত তেওঁলোকো দুঃখিত হৈছে। মোৰ ধাৰণা বিটিচিত বিজেপি বৰ বেছি চিৰিয়াছ নহয় । বিজেপি হৈয়ো ইউপিপিএল বা কোনোবা দলৰ চেকেণ্ড হেণ্ড পাৰ্টি কৰা যেনহে মোৰ অনুভৱ হৈছে । এতিয়াও সময় আছে। বিটিচিত বিজেপিক বচাই ৰাখিবলৈ আমি বন্ধুত্বমূলক ভাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব।

ইমানুৱেল মোছাহাৰীয়ে ৰাজ্যিক বিজেপিলৈ প্ৰশ্ন কৰি পুনৰ কয়-  যদি দলে নিৰ্বাচনত প্ৰাৰ্থীয়েই নিদিয়ে তেন্তে ইমানদিনে পাৰ্টি কিয় কৰিবলৈ দিছিল? যদি ইউপইপিএল দলক ৱাক অভাৰ দিয়ে তেন্তে  বিজেপি আৰু ইউপইপিএলৰ কৰ্মীৰ মাজত  সংঘাত সৃষ্টি হব পাৰে বুলিওতেওঁ আশংকা কৰে। যিহেতু ওদালগুৰি জিলাত ইউপিপিএল দলৰ সৈতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হব পাৰে বাক্সা জিলাতো বন্ধুত্বমূলক প্ৰতিদ্বন্দ‌্বিতা আগবঢ়াব পাৰি আৰু এই ক্ষেত্ৰত ৰাজ্যিক বিজেপিয়ে বিবেচনা কৰিব বুলি তেওঁ আশাবাদী বুলিও মন্তব্য কৰে ইমানুৱেল মোছাহাৰীয়ে।

যদি বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান নকৰে তেন্তে বিপিএফ দলে আগন্তুক নিৰ্বাচনত ভাল ফল দেখুৱাব পাৰে বুলি বুলিও মন্তব্য কৰে ইমানুৱেল মোছাহাৰীয়ে।

কিয়নো বিগত বিটিচি নিৰ্বাচনত বিপিএফ দলে চৰকাৰ গঠন কৰিব পৰা নাই যদিও ১৭ খনকৈ আসন লাভ কৰিছে।  যদি বিজেপি দলে তেখেতক দলীয় টিকট নিদিয়ে তেন্তে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি সাংবাদিকে সোধা  এক প্ৰশ্নৰ উত্তৰত ইমানুৱেল মোছাহাৰীয়ে কলে এতিয়াও তিনি চাৰিদিন সময় আছে সেইবোৰ ভাবিবলৈ।

ৰাজনীতিত পৰিৱৰ্তন হবলৈ তিনি বা চাৰি ঘণ্টা সময়েই অধিক।

মই এতিয়াও বিজেপিৰ দলীয় নেতৃত্বৰ ওপৰত আস্থা আৰু বিশ্বাস এৰা নাই। দলীয় নেতৃত্বই কিবা এটা ভাল চিন্তা কৰিব বুলি মই এতিয়াও যথেষ্ঠ আশাবাদী বুলি মন্তব্য কৰে ইমানুৱেল মোছাহাৰীয়ে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd