নিজৰ সন্তানৰ মংগল কামনা কৰি শিশুক কোলাত লৈ পানীত ডুব দিবলৈ গৈ ৪৬ জনৰ মৃত্যু হৈছে বিহাৰত। নিহতসকলৰ ভিতৰত আছে ৩৭টি শিশু। যোৱা বুধবাৰৰ পৰা ৰাজ্যখনৰ ১৫খন জিলাৰ পৰা এনে মৰ্মান্তিক মৃত্যুৰ খবৰ পোৱা গৈছে।
বৃহস্পতিবাৰে বিহাৰ চৰকাৰে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে বিহাৰত ‘জীৱিতপুত্ৰিকা’ নামৰ তিনিদিনীয়া ধৰ্মীয় অনুষ্ঠান পালন কৰা হয়। সন্তানৰ মংগল কামনা কৰি মাতৃসকলে নদীৰ পানীত ডুব দিয়ে। আৰু সেই সময়ত তেওঁলোকৰ সন্তানো তেওঁলোকৰ কোলাত থাকে। আৰু তেনে কৰিবলৈ যাওঁতেই এই মৃত্যুৰ ঘটনা। মৃতসকলৰ ভিতৰত চাৰিগৰাকী মহিলাও আছে বুলিও জানিব পৰা গৈছে।
লগতে পঢ়কঃ অৰুণাচলৰ চৰকাৰী আৱাসিক বিদ্যালয়ৰ ২১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন; হোষ্টেল ৱাৰ্ডেনক মৃত্যুদণ্ড
যোৱা বছৰ এই উৎসৱ উদযাপনৰ সময়ত ২২ জন লোকে প্ৰাণ হেৰুৱাইছিল। এইবাৰ এই পৰ্যন্ত ৪৩ জন লোকৰ মৃত্যু হৈছে। নদীত উটি যায় আন তিনিজন। যদিও তেওঁলোকৰ মৃতদেহ পোৱা নাই, তথাপিও বিহাৰ প্ৰশাসনে তেওঁলোকক মৃত ঘোষণা কৰে। কিন্তু সন্ধানহীন মৃতদেহ বিচাৰি উলিওৱাৰ অভিযান অব্যাহত আছে।
ইফালে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। ইতিমধ্যে ৮টা পৰিয়ালে এই ধন লাভ কৰা বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃ স্থানীয় লোকৰ আপত্তিক আওকাণ! নাগালেণ্ড, অৰুণাচলৰ বিস্তৃত অঞ্চলত বৃদ্ধি পালে AFSPAৰ ম্যাদ
অৱশ্যে এই ঘটনাত প্ৰশাসনৰ পিনেও আঙুলি উঠিছে। কিয় পৰ্যাপ্ত আৰক্ষীৰ পহৰা নাছিল তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। দাবী কৰা হৈছে যে নদী-পুখুৰী আৰু অন্যান্য জলশয়ত য’ত মানুহে এই নিয়ম পালন কৰিবলৈ ভিৰ কৰিছিল তাত অধিক আৰক্ষী মোতায়েন কৰিব লাগিছিল।