• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বনজুইৰ লেলিহান শিখাৰ গ্ৰাসত লছ এঞ্জেলছ! হাজাৰ হাজাৰ ঘৰ জ্বলি তচনচ; ৫ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2025 11:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ লছ এঞ্জেলছ ভয়ংকৰ জুইয়ে গ্ৰাস কৰিছে। কেলিফৰ্ণিয়াৰ একাধিক চহৰত এই জুই বিয়পি পৰিছে। ইতিমধ্যে হাজাৰ হাজাৰ ঘৰ জ্বলি ছাই হৈ গৈছে। প্ৰকৃতিৰ ৰোষত ৫ জন লোকে প্ৰাণ হেৰুৱাইছে। লাখ লাখ লোক গৃহহীন হৈ পৰিছে।

বিভিন্ন অঞ্চলৰ বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে।

Apply Now

বাতৰি অনুসৰি, লছ এঞ্জেলছৰ পাহাৰীয়া অঞ্চলৰ পৰা চহৰ অঞ্চললৈ জুই বিয়পি পৰিছে। সেয়ে ঘন জনবসতিপূৰ্ণ অঞ্চলৰ পৰা দ্রুত গতিৰে মানুহক উলিয়াই অনা হৈছে৷ জানিব পৰা মতে, ছান্টা মনিকা আৰু মালিবুৰ উপৰিও আন চাৰিটা স্থানত পৃথকে অগ্নিকাণ্ড সংঘটিত হৈছে। ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।

বুধবাৰে (৮ জানুৱাৰী) ৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহতৰ সংখ্যাও বহু বৃদ্ধি পাইছে। অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰীসকলৰো বহু আহত হৈছে। প্ৰায় লক্ষাধিক লোকে নিজৰ প্ৰাণৰ ভয়ত ঘৰ এৰি পলায়ন কৰিছে।

এতিয়ালৈকে দক্ষিণ কেলিফৰ্ণিয়াৰ একাধিক স্থানৰ পৰা ৭০ হাজাৰ বাসিন্দাক উলিয়াই অনা হৈছে। ইতিমধ্যে হাজাৰ হাজাৰ ঘৰ জুইত জাহ গৈছে। যিটো লছ এঞ্জেলছৰ জুইৰ ইতিহাসত আটাইতকৈ ভয়ংকৰ হিচাপে পৰিগণিত হৈছে।

এই ভয়ংকৰ দুৰ্যোগৰ বাবেই আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনে ইটালী ভ্ৰমণ বাতিল কৰিছে। হোয়াইট হাউছৰ প্ৰেছ সচিব কেৰিন জিন পিয়েৰে সংবাদ মাধ্যমৰ আগত কয়, ‘’বুধবাৰে বিয়লি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে লছ এঞ্জেলছ ভ্ৰমণ কৰিছিল। তাত তেওঁ আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলক সাক্ষাৎ কৰে। কেলিফৰ্ণিয়াত এক বৃহৎ দুৰ্যোগৰ ঘোষণা কৰা হৈছে। সকলো পৰিস্থিতিৰ পৰ্যালোচনা কৰি ৰাষ্ট্ৰপতি বাইডেনে ইটালী ভ্ৰমণ বাতিল কৰিছে। তেওঁ এতিয়া সমগ্ৰ পৰিস্থিতি পৰীক্ষা আৰু নিৰীক্ষণ কৰি আছে।”

উল্লেখ্য যে ছান্টা মনিকা আৰু মালিবুৰ মাজৰ কমেও ১২৬২ একৰ ভূমি প্ৰথমে জুইৰ গ্ৰাসত পৰিবলৈ আৰম্ভ কৰিছিল। শুকান বতৰত প্ৰচণ্ড বতাহৰ ফলত দ্ৰুতগতিত বিয়পি পৰে জুই। এতিয়াও প্ৰচণ্ড গতিত বলি আছে বতাহ। ফলত অগ্নিনিৰ্বাপক বাহিনী অসুবিধাৰ সন্মুখীন হৈছে। ঘৰবোৰৰ সমান্তৰালকৈ ৰাস্তাৰ গাড়ীবোৰো জ্বলি আছে। লছ এঞ্জেলছৰ আকাশখন ক’লা ধোঁৱাই আৱৰি ধৰিছে। ফলত শিশু আৰু বৃদ্ধসকল অসুস্থ হৈ পৰিছে।

লছ এঞ্জেলছৰ অৰ্থ হৈছে “পৰীসকলৰ চহৰ।” সেই চহৰখন এতিয়া জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে। সেয়ে, এই জুই কেনেকৈ নিয়ন্ত্ৰণলৈ অনা হয় তালৈ সকলোৰে দৃষ্টি ৰৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd