ঘূৰ্ণীবতাহ মিগজাউম: চেন্নাইত ধাৰাসাৰ বৰষুণ, ৫ জন লোকৰ মৃত্যু; বন্ধ বিমানবন্দৰ

ফটোঃ সংগ্ৰহীত।

বংগপোসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ‘মিগজাউম’ তীব্ৰ ধুমুহালৈ পৰিণত হৈছে। মঙলবাৰে পুৱা অন্ধ্ৰপ্ৰদেশ উপকূলত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু পুডুচেৰী এই ধুমুহাৰ ফলত প্ৰভাৱিত হ’ব পাৰে।

ইতিমধ্যে চেন্নাইত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত চেন্নাইৰ বহু আৱাসিক অঞ্চল বুৰ গৈছে। সোমবাৰে ৫ জন লোকৰ মৃত্যু হয়। ইয়াৰে দুজনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। গছৰ তলত পৰি চেপা খাই এজনৰ মৃত্যু হয়।

স্থানীয় আৰক্ষীয়ে জনোৱা মতে, চেন্নাই চহৰত আৰু দুটা মৃতদেহ উদ্ধাৰ হৈছে। অৱশ্যে তেওঁলোকৰ মৃত্যু  ধুমুহাত হৈছে নে নাই সেয়া নিশ্চিত হোৱা নাই।

ধাৰাসাৰ বৰষুণৰ ফলত চেন্নাইত বৃহৎ পৰিমাণৰ বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিছে। মঙলবাৰে দুপৰীয়া ১২ বজাৰ পিছত পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে। মঙলবাৰে পুৱা ৯ বজালৈকে বন্ধ থাকিব চেন্নাই বিমানবন্দৰ।

লগতে পঢ়কঃ বাইচুঙৰ পিছত ৰাজনীতিৰ খেলপথাৰত আন এগৰাকী প্ৰসিদ্ধ ফুটবলাৰ; মিজোৰামত বিজয়ী জেজে

ৰাজ্য চৰকাৰে চেন্নাই, চেংগালপট্টু, কাঞ্চিপুৰম আৰু তিৰুভাল্লুৰ জিলাত চৰকাৰী বন্ধ ঘোষণা কৰিছে। ব্যক্তিগত খণ্ডৰ সংস্থাসমূহৰ কৰ্মচাৰীসকলক যিমান পাৰি ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহপাত্ৰই কয় যে সোমবাৰে নিশা ৯ বজালৈকে ঘূৰ্ণীবতাহৰ কেন্দ্ৰৰ সমীপত প্ৰতি ঘণ্টাত ৯০-১০০ কিলোমিটাৰ বতাহৰ গতিবেগ আছিল। এইটো উত্তৰ দিশলৈ আগবাঢ়িছে।

 ইয়াৰ বাবে তামিলনাডুৰ চেন্নাই, তিৰুৱল্লুৰ আৰু কাঞ্চিপুৰম জিলাৰ সমীপত বতাহৰ গতি ক্ৰমান্বয়ে কমি আহিছে। তামিলনাডু উপকূলৰ ওচৰত আৰু অধিক হ্ৰাস পাব। ক্ৰমান্বয়ে অন্ধ্ৰপ্ৰদেশৰ ফালে বৃদ্ধি পাব। মঙলবাৰে পুৱালৈকে বতাহৰ গতি অব্যাহত থাকিব।

লগতে পঢ়কঃ প্ৰভুভক্ত জন্তুটোৱেই হত্যাকাৰী! পোহনীয়া কুকুৰৰ কামোৰত মৃত্যু এটি ৩ মহীয়া কেঁচুৱাৰ

প্ৰচণ্ড ঘূৰ্ণীবতাহৰ বাবে সৰু আৰু মজলীয়া গছ উভালিব পাৰে বুলিও তেওঁ কয়। কেঁচা ঘৰত বৃহৎ পৰিসৰৰ ক্ষতি হ’ব পাৰে। তদুপৰি টেলিফোন আৰু বিদ্যুতৰ খুঁটা নষ্ট হোৱাৰ আশংকা আছে। ইয়াৰ ফলত উপকূলীয় অন্ধ্ৰপ্ৰদেশত প্ৰবল বৰষুণ হ’ব। ধুমুহাৰ বাবে জলপ্লাৱনে দক্ষিণ উপকূলীয় অন্ধ্ৰ প্ৰদেশৰ নিম্নভূমি অঞ্চল প্লাৱিত কৰিব পাৰে।