যাত্ৰীবাহী চলন্ত বাছত অগ্নিকাণ্ড; ৮ জনৰ মৃত্যু, ২৪ জন আহত, তীৰ্থ কৰি উভতি অহাৰ সময়তে দুৰ্ঘটনা

ফটোঃ সংগ্ৰহীত।

যাত্ৰী কঢ়িয়াই অনা এখন বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত হাৰিয়ানাত ৮ জন লোকৰ মৃত্যু ঘটিছে। শুকুৰবাৰে নিশা প্ৰায় ১.৩০ বজাত হাৰিয়ানাৰ নুহ জিলাত সংঘটিত হয় এই ঘটনা। এই অগ্নিকাণ্ডত ২৪ জন লোক আহত হয়। বাছখনত প্ৰায় ৬০ জন যাত্ৰী আছিল। ইয়াৰে অধিকাংশই তীৰ্থযাত্ৰী।

বাতৰি অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাছখন বৃন্দাবন আৰু মথুৰাৰ পৰা তীৰ্থযাত্ৰীৰ সৈতে উভতি আহিছিল। খবৰ অনুসৰি বাছখনত আছিল হোছিয়াৰপুৰ, লুধিয়ানা আৰু চণ্ডীগড়ৰ যাত্ৰী। নুহৰ সমীপৰ কুণ্ডলী-মনেছাৰ-পালৱাল ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাৰ হৈ যাওঁতে বাছখনত অগ্নিকাণ্ড সংঘটিত হয়।

দুৰ্ঘটনাটোত অগ্নিদগ্ধ হৈ ৮ জন লোকৰ মৃত্যু হয়। চলন্ত বাছখনত অগ্নিকাণ্ড দেখি স্থানীয় লোকে সহায়ৰ হাত আগবঢ়ায়। আৰক্ষীক খবৰ দিয়া হয়। কিছু মুহূৰ্তৰ ভিতৰতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

লগতে পঢ়কঃ “সংবাদ মাধ্যম নিৰপেক্ষ নহয়, সেয়ে সংবাদমেল অনুষ্ঠিত নকৰো”! প্ৰধানমন্ত্ৰী মোদীয়ে কি ক’ব বিচাৰিছে?

কিন্তু কিহৰ বাবে চলি থকা বাছখনত অগ্নিকাণ্ড সংঘটিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

বাছখনৰ এগৰাকী মহিলা যাত্ৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে, বাছখনত জুই লগাত তেওঁ বাছৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰে। তেওঁ লগতে কয় যে এজন বাইকাৰে বাছখনত জুই জ্বলি থকা দেখি আগবাঢ়ি গৈ চালকক সতৰ্ক কৰি দিয়ে। কিন্তু সেই মুহূৰ্ততে জুই বিয়পি পৰিল।

যাত্ৰীজনৰ কথাত, “বাছৰ তলৰ পৰা শব্দ এটা শুনিলোঁ।” মই ভাবিলোঁ গাড়ীখন বাম্পাৰত খুন্দা মৰাৰ বাবেই শব্দ হৈছে। পিছত জ্বলি থকা গোন্ধ পাই বুজিলোঁ যে জুই লাগিছে। ইয়াৰ পিছতে এজন বাইকাৰে চালকজনক অগ্নিকাণ্ডৰ বিষয়ে সতৰ্ক কৰি দিয়ে। মই আগৰ চিটত বহি আছিলো। সেয়ে মোৰ জীৱন বচাবলৈ জপিয়াই পৰিলো।

লগতে পঢ়কঃ পত্নীক হত্যা কৰি মৃতদেহ কোলাত লৈ চেল্ফি : আত্মীয়লৈ চেল্ফি পঠিয়াই নিজেও ল’লে চৰম সিদ্ধান্ত

মহিলাগৰাকীয়ে কয় যে তেওঁ পঞ্জাৱৰ বাসিন্দা আৰু তীৰ্থযাত্ৰা কৰি ঘৰলৈ উভতি আহিছিল। বাছখনত তেওঁৰ আৰু বহু আত্মীয় আছে বুলিও কয়।