যুদ্ধবিধ্বস্ত য়েমেনত সাহায্য বিতৰণ অনুষ্ঠানত সংঘটিত হয় এক ভয়ংকৰ বিপৰ্যয়ৰ ঘটনা। সাহায্য সংগ্ৰহৰ সময়তে হেঁচাঠেলাত পদপিষ্ট হৈ মৃত্যু হয় কমেও ৮৫ জন স্থানীয় লোকৰ। শ শ লোক আহত হয়।
স্থানীয় প্ৰশাসনে জানিবলৈ দিয়া মতে, ৰমজানৰ শেষত ঈদ-উল-ফিটৰৰ পূৰ্বে সাধাৰণ মানুহৰ মাজত ধন বিতৰণ কৰা হৈছিল। এই সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে লৰালৰি আৰু হেঁচাঠেলা আৰম্ভ হয়। বিগত কেইবা দশকৰ ভিতৰত এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ পদপিষ্টৰ ঘটনা।
এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে।
লগতে পঢ়ক: কৰ্ণাটক বিজেপিয়ে নাম সলনি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
য়েমেন বিশ্বৰ অন্যতম দৰিদ্ৰ দেশ। য়েমেনৰ বাব আল য়েমেন জিলাৰ ছানা চহৰত ব্যৱসায়ীসকলে ঈদ উপলক্ষে দৰিদ্ৰ লোকসকলৰ বাবে ধন বিতৰণ অনুষ্ঠানৰ আয়োজন কৰে। সেই উপলক্ষে শ শ লোকৰ সমাগম ঘটিছিল।
অনুষ্ঠান আৰম্ভ হোৱাৰ লগে লগে সমাৱেশত হেঁচাঠেলা আৰম্ভ হয়। বহুতেই মাটিত পৰি যায়। কিন্তু ভিৰৰ হেঁচাত উঠি থিয় দিব নোৱাৰে। ফলত পদপিষ্ট হয়। আহতসকলৰ আৰ্ত চিৎকাৰ শুনা যায়। সেনাবাহিনী আৰু স্বেচ্ছাসেৱকসকলে জনসমাগমৰ পৰা সাধাৰণ মানুহক উদ্ধাৰ কৰে।
এই ঘটনাত কমেও ৮৫ জন লোকৰ মৃত্যু হয়। ৩২২ জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। মৃতসকলৰ ভিতৰত বহু মহিলা আৰু শিশুও আছে। ইতিমধ্যে য়েমেনত সংঘটিত পদপিষ্টৰ ঘটনাৰ ভিডিঅ’ ওলাই আহিবলৈ আৰম্ভ কৰিছে। তাত দেখা গ’ল মৃতদেহৰ দম। এটা মৃতদেহ আন এটা মৃতদেহৰ ওপৰত পৰি ৰৈছে!
লগতে পঢ়ক: কুকুৰৰ বাবে নতুন অধিসূচনা আনিছে কেন্দ্ৰই : কি কি আছে এই অধিসূচনাত?
আহত আৰু মৃত লোকসকলক ওচৰৰ বিভিন্ন চিকিৎসালয়লৈ লৈ যোৱা হয়। খবৰ অনুসৰি ধন বিতৰণ অনুষ্ঠানৰ আয়োজনত জড়িত ব্যৱসায়ীসকলক আৰক্ষীৰ জিম্মাত লোৱা হৈছে।